জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা নাই

False Political

যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন আগশাৰীৰ ইউনিভাৰ্চিটিত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে, সেই সময়তে ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত কিছু বন্দুক-বাৰুদ দেখা গৈছে য’ত লগতে লিখা হৈছে যে এই অবৈধ মাৰণাস্ত্ৰবোৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা উদ্ধাৰ কৰা হৈছে । 

দৰাচলতে শেহতীয়াকৈ জামিয়া মিলিয়া ইউনিভাৰ্চিটিত হোৱা ‘কা’ বিৰোধী আন্দোলনক মষিমূৰ কৰিবলৈ পুলিচ বাহিনী ইউনিভাৰ্চিটিখনৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰিছিল আৰু ইয়াৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত বিভিন্নজনে গৰিহণা দিছিল । ইয়াৰ পাছতেই উপৰোক্ত ফটোখন ভাইৰেল হৈ পৰিছিল কাৰণ পুলিচ তালাচীৰ যুক্তিযুক্ততা আছে বুলি কোৱা সকলে এই ফটোখন বহুল ভাৱে শ্বেয়াৰ কৰিছিল । 

উল্লেখযোগ্য যে জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ ওপৰত বিভিন্নজনে বিভিন্ন সময়ত প্ৰশ্ন তুলি আহিছিল । কিন্তু সঁচাকৈ এই ইউনিভাৰ্চিটিখনৰ হোষ্টেলৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমতে আমি এই বিশেষ ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু ডন নামৰ পাকিস্তানৰ পৰা প্ৰকাশিত ইংৰাজী নিউজ পেপাৰ এখনৰ এটা বাতৰি দেখা পালোঁ । বাতৰিটোৰ শিৰোনামা আছিল ‘মাশাল হত্যাৰ পাছত মাৰ্ডান ইউনিভাৰ্চিটি পুনৰ আৰম্ভ, হোষ্টেল চাৰ্ছ কৰোঁতে মাৰণাস্ত্ৰ উদ্ধাৰ’ । এই ৰিপোৰ্টটো যোৱা মে’ ২২, ২০১৭ তাৰিখে প্ৰকাশ হৈছিল । 

weapons dawn.png

ৰিপোৰ্টটোৰ মতে পাকিস্তানৰ মাৰ্ডান নামৰ ঠাইখনত থকা আব্দুল ৱালী খান ইউনিভাৰ্চিটিৰ পৰা এক পুলিচ চাৰ্ছত উক্ত মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছিল । মাছাল খান নামৰ এজন ইউনিভাৰ্চিটি ছাত্ৰৰ হত্যাৰ পাছত উক্ত চাৰ্ছটো কৰা হৈছিল । সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়ক । 

একেখন ফটো ৯২ নিউজ নামৰ এটা পাকিস্তানী নিউজ চেনেলৰ ৰিপৰ্টতও প্ৰকাশ পাইছিল । সবিশেষৰ বাবে ইয়াত চাওক । 

weapons 92.png

উল্লেখযোগ্য যে উক্ত ফটোখন ভাৰতৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ এইখন পাকিস্তানৰ ফটো বুলি সৰ্বপ্ৰথমে ফেক্ট ক্ৰেছচেণ্ড মালায়লামত ফেক্ট চেক কৰা হৈছিল । এই ৰিপোৰ্টটো পঢ়ক ইয়াত । 

weapons fc.png

ইয়াৰ উপৰিয়ো আমি মূলসুঁতিৰ বিভিন্ন নিউজ গোষ্ঠীৰ ৱেবছাইটত এই বিষয়ে চাৰ্ছ কৰিছিলোঁ কিন্তু ক’তো জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা বাতৰি দেখা নাপালোঁ । 

ফলাফল

ভাইৰেল ফটোখনৰ ভাৰতৰ ‘কা’ বিৰোধী আন্দোলন বা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ এইখন পাকিস্তানৰ এক ইউনিভাৰ্চিটিৰ ফটো । জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ হোষ্টেলৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা নাই

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *