FACT CHECK: ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত ভৰিৰে গচকা ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয়

False International Social

দুমাহ ধৰি দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহে গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ৰূপ ধাৰণ কৰে। তাৰ পিছতেই ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত পদদলিত হোৱা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগ পতাকাক চুড়ান্ত অপমান কৰিছে।

ভাইৰেল ভিডিঅ’টো আৰু এটা মেছেজ আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সত্যতা জানিব বিচাৰিছিল। 

Flag Desecration Whatsapp.png

Archived Link

ভিডিঅ’টোত দেখা গৈছে এজন শিখ ব্যক্তিয়ে ত্ৰিৰংগ পতাকাখন গচকিছে আৰু খালিস্থান জিন্দাবাদ ধ্বনি দি ভাৰতৰ সংবিধানখনৰ বেটুপাতটো ফালি পেলাইছে। দাবী কৰা হৈছে যে ভিডিঅ”টো ২৬জানুৱাৰীত দিল্লীত হোৱা হিংসাত্মক ঘটনাৰ সময়ত লোৱা।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে বিশেষ এক ব্যৱস্থাৰে কী-ফ্ৰেমত আমি ভিডিঅ’টো বিভিন্ন ভাগত ভাগ কৰি ল’লো আৰু গুগল ৰীভাৰ্চ ইমেজ ছাৰ্চ কৰি চালো। আমি পালো যে টুইটাৰত ভিডিঅ’টো বহুলভাৱে প্ৰচাৰ হৈছে। সন্দীপ চেটাৰ্জী নামৰ এজন লোকে উল্লেখ কৰিছে যে ভিডিঅ’ত দেখা লোকজনৰ নাম অমনবীৰ সিং আৰু তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। চেটাৰ্জীয়ে আনকি তেওঁৰ প্ৰকৃত টিকটক ভিডিঅ’টোও শ্বেয়াৰ কৰিছে। 

Archived Link

সন্দীপ চেটাৰ্জীয়ে ভিডিঅ’টো ক’ত লোৱা হৈছিল,তাৰো উল্লেখ কৰিছে(৭৬০৯ ৱিলৱাৰ ৱে’, ছাক্ৰেমেন্টো, চিএ, ইউএছএ ৯৫৮২৮)

আমি দেখিলো যে ফেক্ট ক্ৰেছেণ্ডো মাৰাঠীয়েও একেটা দাবীৰে সত্যতা নিৰূপন কৰিছে। Original Link- Fact Crescendo Marathi

তেওঁলোকে ভিডিঅ’টো লোৱা সঠিক স্থানটো বিচাৰি উলিয়াবলৈ সক্ষম হৈছে আৰু জনসমাগমৰ পিছফালে থকা অট্টালিকাটোও গুগল ষ্ট্ৰিটত স্পষ্টভাৱে দৃশ্যমান। 

তাৰ লগত তুলনা কৰি দেখা গ’ল যে অট্টালিকাটো আৰু সেউজীয়া জালখন ভাইৰেল ভিডিঅ’টোৰ দৰে স্পষ্ট। স্ক্ৰিণশ্বট ভিডিঅ’টো য’ত লোৱা হৈছিল তাৰ একেবাৰে সোঁফালে লোৱা হৈছিল।

flag desecration location.png

এইটোৱে স্পষ্ট কৰে যে ভিডিঅ’টো দিল্লী বা ভাৰতৰ নহয়। ভিডিঅ’টো আমেৰিকাৰ কেলিফৰ্ণিয়াৰ আৰু লোকজন খালিস্থানৰ সমৰ্থক। সেইবাবেই দিল্লীৰ প্ৰতিবাদকাৰীয়ে পতাকা গচকা বুলি কৰা দাবীটো অসত্য।

যিহেতু ভাৰতত টিকটক নিষিদ্ধ, আমি ফেক্ট ক্ৰেছেণ্ডো শ্ৰীলংকাৰ গোটৰ সৈতে যোগাযোগ কৰিলো আৰু এইক্ষেত্ৰত সহায় সহযোগ বিচাৰিলো। তেওঁলোকে অমনবীৰ সিঙৰ প্ৰোফাইলটো আৰু একেলগে লাইভ ডিডিঅ’টো ষ্ট্ৰিমিং কৰা “gurcharansinghkhaksa013” নামৰ প্ৰোফাইলটোৰ স্ক্ৰিনশ্বট আৰু ৰেকৰ্ডিং আমালৈ প্ৰেৰণ কৰিলে।

Flag Desecration GSK.png

Archived Link

আমি সেই পোষ্টসমুহ গুৰুত্বসহ পৰ্যবেক্ষন কৰি জানিব পাৰিলো যে ঘটনাটো ২৬জানুৱাৰীত নহয়, ২৫জানুৱাৰীত হে ঘটিছিল,যিটোৱে প্ৰমান কৰে যে সেই কাণ্ড ভাৰতৰ গণৰাজ্য দিৱসৰ নহয়। 

Date Flag.png

Archived Link

আমি অমনবীৰ সিঙৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা এটা স্ক্ৰিনশ্বট পালো,য’ত তেওঁ এমাজনৰ পৰা ভাৰতৰ পতাকাখন ১৪জানুৱাৰীত ডেলিভাৰী দেখা গৈছে। তাত তেওঁ লিখিছে “will burn this leer” Archived Link

ফলাফল 

দাবী কৰা ধৰণে ভাইৰেল হোৱা ভিডিঅ’টো ভাৰতত লোৱা নহয় আৰু সেয়া ২৫জানুৱাৰীত ঘটাহে, ভাৰতৰ গণৰাজ্য দিৱসত সংঘটিত নহয়।

Avatar

Title:ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত ভৰিৰে গচকা ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয়

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *