গুজৰাটত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পাছত ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ ৰাজস্থানত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ৰাজ্যখনৰ বহু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট আৰু ওৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল। এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ধুমুহাৰ মাজত চলন্ত বাহনৰ ওপৰত এখন টিনৰ শ্বেড উৰি আহি খুন্দা মৰা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টো ৰাজস্থানৰ জালৌৰৰ দৃশ্য বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল হোৱা ভিডিঅ’টোৰ সৈতে লিখিছে –,ৰাজস্থানৰ জালৌৰত টিন শ্বেডৰ দ্বাৰা মানুহ দুটুকুৰা হৈছে।, ধুমুহা আহিলে ওলাই নাহিব।

Facebook Link Archived Link

কিন্তু সঁচাকৈয়ে ৰাজস্থানত বিপৰ্যয় ঘূৰ্ণীবতাহৰ ফলত এনেকুৱা হৈছেনে ? দাবীটো সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ ছবিবোৰৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি পাকিস্তানৰ এটা নিউজ চেনেল ছামা টিভিত প্ৰচাৰিত এটা ৰিপৰ্ট পালোঁ। ৭ আগষ্ট, ২০২০ তাৰিখে প্ৰচাৰিত এই খবৰৰ ভিডিঅ”টোত ১ মিনিট ২৩ ছেকেণ্ডৰ পৰা ভাইৰেল ভিডিঅ'টো চাব পাৰিব।

ইয়াৰ উপৰিও পাকিস্তানী ইউটিউব চেনেল 24 Newsতো আমি ভাইৰেল ভিডিঅ'টো পালোঁ। ভিডিঅ'টো সেই চেনেলটোত ৭ আগষ্ট ২০২০ তাৰিখে শ্বেয়াৰ কৰা হৈছে। তথ্য অনুসৰি পাকিস্তানৰ কৰাচীত ধুমুহাৰ ফলত মটৰ চাইকেল আৰোহীৰ ওপৰত এখন বিলবোৰ্ড পৰিছিল। সম্পূৰ্ণ খবৰটো আপোনালোকে তলত চাবলৈ পাৰিব।

অধিক তদন্তৰ অন্তত আমি ৱেবছাইট ট্ৰিবিউনত ভাইৰেল ভিডিঅ’টোৰ ছবি থকা এক প্ৰতিবেদন পালোঁ। ৭ আগষ্ট ২০২০ তাৰিখে প্ৰকাশিত খবৰ অনুসৰি কৰাচীৰ মেট্ৰ’পল হোটেলৰ সমীপত ধাৰাসাৰ বৰষুণৰ সময়ত পথত এখন বিলবোৰ্ড বাগৰি পৰে। দুৰ্ঘটনাত আহত হয় দুজন মটৰ চাইকেল আৰোহী। ঘটনাটো ৬ আগষ্টৰ।

ট্ৰিবিউনৰ সেই লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।

এই খবৰটোকে আপোনালোকে ইয়াত আৰু ইয়াতো চাব পাৰি।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো দুবছৰ পুৰণি আৰু পাকিস্তানৰ। শেহতীয়া বিপৰ্যয় ধুমুহাৰ লগত এই ভিডিঅ’টোৰ কোনো সম্পৰ্ক নাই।

কিন্তু ঘূৰ্ণীবতাহ বিপৰ্যয় ৰাজস্থান পোৱাৰ পিছত দুৰ্বল হৈ পৰে যদিও বৰমেৰ, উদয়পুৰ, ছিৰোহী, যোধপুৰ, জালৌৰ আৰু পালি জিলাত ধাৰাসাৰ বৰষুণ হয় । য’ত ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগত বতাহ বলি আছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ধুমুহাৰ সেই ভাইৰেল ভিডিঅ’টোৰ ৰাজস্থানৰ লগত কোনো সম্পৰ্ক নাই। এই ভাইৰেল ভিডিঅ’টো ২০২০ চনত পাকিস্তানৰ কৰাচীত হোৱা এক ঘটনাৰ হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিপৰ্যয় ঘূৰ্ণীবতাহত ৰাজস্থানত টিনৰ বিলবোৰ্ড খহি পৰি মানুহ দুটুকুৰা হৈছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: False