শেহতীয়াভাৱে পূব ভাৰতৰ ওড়িশা ৰাজ্যত তিনিখন ৰে’লৰ মাজত সংঘটিত হোৱা এক ভয়াৱহ দুৰ্ঘটনাত ২৭৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰে’ল ব’ৰ্ডে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক এই মাৰাত্মক দুৰ্ঘটনাটোৰ তদন্তৰ পৰামৰ্শ দিছে। এই আচৰিত ৰেল ট্ৰেজেডীৰ পিছতে কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি থকা দেখা হৈছে। ইয়াৰে ভিতৰত দুখন ৰে’লৰ সংঘৰ্ষৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা হৈছে আৰু ইয়াক দাবী কৰা হৈছে যে ই শেহতীয়াকৈ ওড়িশাত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাৰ ভিডিঅ’।

দুৰ্ঘটনাটোৰ প্ৰকৃত চিচিটিভি ভিডিঅ' বুলি ফেচবুকত এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে। তেনেকুৱা এটা পোষ্টত কেপচন লিখা হৈছে- “ৰেল দুৰ্ঘটনাৰ চিচি টিভিৰ ফুটেজ #trainaccidents #trainaccidentinodisha #Odisha #TrainAccident #viralvideo…

Facebook LinkArchived Link

শ্বেয়াৰ হৈ থকা ভিডিঅ’টো প্ৰকৃততেই ওড়িশাৰ দুৰ্ঘটনাৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ফুটেজটো ভালদৰে চাই আমি দেখিলোঁ যে ভিডিঅ’টোত ভইচ অৱ আমেৰিকা (ভিঅ’এ)ৰ ৱাটাৰমাৰ্ক লগোৱা আছে। এই কথাটো মনত ৰাখিয়ে প্ৰাসংগিক কিছু শব্দৰে আমি কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে ২০১৯চনৰ নৱেম্বৰ মাহত হায়দৰাবাদত হোৱা ৰে’লৰ সংঘৰ্ষৰ পিছত ১২ নৱেম্বৰ, ২০১৯ তাৰিখে ভইচ অৱ আমেৰিকাৰ অফিচিয়েল ইউটিউব চেনেলটোত একেটা ভিডিঅ’ আপলোড কৰা হৈছিল। ইউটিউব ভিডিঅ’টোৰ কেপচনত এই ফুটেজটোৰ বাবে ভিঅ’এয়ে ভাৰতীয় ৰে’লৱেক কৃতিত্ব দিছে।

কেপচনত লিখা হৈছে “ভাৰতীয় ৰে’লৱেই প্ৰকাশ কৰা ক্ল’জ চাৰ্কিট টেলিভিছন (চিচিটিভি) ফুটেজত সেই মুহূৰ্তটো দেখুওৱা হৈছে, যেতিয়া দক্ষিণ ভাৰতৰ চহৰ হায়দৰাবাদত ১১ নৱেম্বৰ ২০১৯ সোমবাৰে দুখন ৰে’লৰ মুখামুখি সংঘৰ্ষ হৈছিল। যেতিয়া সেই সোমবাৰটোত পুৱা দুৰ্ঘটনাটো সংঘটিত হৈছিল , তেতিয়া এজন ৰে’ল চালককে ধৰি কমেও ১৬জন লোক আহত হৈছিল । তাত ছয় ঘন্টা ধৰি আবদ্ধ হৈ থকা চালকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সংঘৰ্ষৰ প্ৰভাৱত এখন ৰেলৰ ৬টা ডবা আৰু হাণ্ড্ৰি এক্সপ্ৰেছৰ তিনিটা ডবা ৰেলপথৰ পৰা আঁতৰি যায়। (ৰয়টাৰ)”

একেটা ফুটেজকেই ইণ্ডিয়া টুডেয়ো প্ৰকাশ কৰিছিল।

২০১৯ চনৰ ১২ নৱেম্বৰত প্ৰকাশিত ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি যোৱা ১১ নৱেম্বৰ ২০১৯ত হায়দৰাবাদ মাল্টি মডাল ট্ৰেন্সপ’ৰ্ট চিষ্টেম (এম এম টি এছ) ৰে’লৰ সৈতে হায়দৰাবাদ কুৰ্নুল হাণ্ড্ৰী এক্সপ্ৰেছৰ সংঘৰ্ষ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ‘দুৰ্ঘটনাটোত লোকেল ট্ৰেইনখনৰ লোকো-পাইলট আৰু কমেও ৩০ জন যাত্ৰী আহত হয়। চাউথ চেণ্ট্ৰেল ৰেলৱে’ৰ এক বিবৃতি অনুসৰি এই সংঘৰ্ষত এমএমটিএছৰ ৬টা ডবা আৰু হাণ্ড্ৰি এক্সপ্ৰেছৰ তিনিটা ডবা ক্ষতিগ্ৰস্ত হয়। বিষয়াসকলে কয় যে সংকেত প্ৰদানৰ ভুলৰ ফলত লোকেল ৰে’লখনে ট্ৰেক সলনি কৰি ৰৈ থকা ইন্টাৰচিটি এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।”

ইণ্ডিয়ান এক্সপ্ৰেছৰ সেই প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা । ২০১৯ চনৰ এই ভিডিঅ’টোত হায়দৰাবাদত ৰে’লৰ সংঘৰ্ষ হোৱা দেখা গৈছে, শেহতীয়াকৈ ওড়িশাত হোৱা ৰে’ল দুৰ্ঘটনাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই চিচিটিভি ভিডিঅ’টো ওড়িশাৰ শেহতীয়া ৰেল দুৰ্ঘটনাৰ হয় নেকি ?

Written By: Pranjal Sharma

Result: False