শেহতীয়াকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভাত নিজৰ ৰাজ্যৰ ১৯খন নতুন জিলা ঘোষণা কৰে। ইয়াৰ পাছত নতুন জিলা ছালুম্বাৰৰ উদ্বোধনী অনুষ্ঠানৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ইয়াত আপুনি দেখিব পাৰে যে মঞ্চত এজন মৌলৱীয়ে মাইকত কোৰাণৰ আয়াত পাঠ কৰি ছালুম্বাৰ জিলাৰ উদ্বোধনী অনুষ্ঠানৰ কথা কৈছে। ইয়াৰ সমান্তৰালকৈ কোৰাণৰ এটা আয়াত পাঠ কৰি ছালুম্বাৰ জিলা উদ্বোধন কৰা হৈছে বুলিও দাবী কৰা হৈছে। এই কথা শ্বেয়াৰ কৰি অশোক গেহলট আৰু তেওঁৰ চৰকাৰক মুছলমান ধৰ্মৰ প্ৰাৰ্থনা কৰি তেওঁলোকৰ ৰাজ্যত এখন জিলা উদ্বোধন কৰা হৈছে বুলি ঠাট্টা-মস্কৰা কৰা দেখা গৈছে।

পোষ্টটো ভাইৰেল হোৱাৰ লগে লগে ব্যৱহাকাৰীয়ে লিখিছে, “চাওক গেহলট ৰাজত মন্ত্ৰধ্বনিৰে ছালুম্বৰ জিলাৰ শুভাৰম্ভ, ইয়াত ইয়াৰ উদ্বোধনীৰ আভাস। আৰু আপোনাৰ ভৱিষ্যতৰ কথা ভাবি চাওক।”

Facebook LinkArchived Link

আনকি এক্স(টুইটাৰ)তো অনুৰূপ ধৰণে দাবী কৰা আমাৰ চকুত পৰিছে।

কিন্তু সঁচাকৈয়ে ছালুম্বৰ জিলা উদ্বোধন কোৰাণৰ আয়াত পাঠেৰে হৈছেনে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ইউটিউবত কী-ৱৰ্ড চাৰ্ছ কৰিলো আৰু এই ভিডিঅ'টো বিচাৰিলোঁ । আমি ৭ আগষ্টত স্লাম্বাৰ নিউজ নামৰ এটা চেনেলত প্ৰচাৰিত অনুষ্ঠানটোৰ বাতৰি দিয়া এটা ভিডিঅ’ পালোঁ। এই অনুষ্ঠানৰ বিষয়ে ইয়াত কোৱা হৈছে। খবৰ অনুসৰি ধৰ্মীয় ৰীতি-নীতিৰে মুকলি অনুষ্ঠান আৰম্ভ হৈছিল। ৰাজস্থান চৰকাৰৰ শক্তিমন্ত্ৰী গৰাকীয়ে বিষয়াসকলৰ সৈতে যজ্ঞত আহুতি দি এই কাৰ্যসূচী আৰম্ভ কৰে। ভগৱান গণপতিক পূজাও কৰা হৈছিল। ইয়াৰ পাছত জিলাখনৰ কালেক্টৰে সকলোকে আদৰণি জনায়। ভাৰ্চুৱেল বুটাম টিপি জিলাখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী অশোক গেহলটে। মন কৰিবলগীয়া যে মঞ্চত সকলো ধৰ্মৰ ধৰ্মগুৰু উপস্থিত আছিল। এজন এজনকৈ সকলো গুৰুৱে নতুন জিলাখনৰ সুখ আৰু সমৃদ্ধিৰ কামনা কৰিছিল। প্ৰথমে হিন্দু গুৰু আগবাঢ়ি আহিল, তাৰ পাছত শিখ গুৰু আৰু তাৰ পাছত মৌলৱী। তলত দিয়া ভিডিঅ'টোত সেই দৃশ্যসমুহ চাব পাৰিব।

দৈনিক ভাস্কৰৰ প্ৰতিবেদনত এই কথাও কোৱা হৈছে যে চেলুম্বাৰৰ উদ্বোধনীৰ পূৰ্বে যজ্ঞত বেদমন্ত্ৰ আৰু শংখধ্বনিৰে প্ৰাৰ্থনা কৰা হৈছিল। মঞ্চত হিন্দু গুৰু বেনেশ্বৰ ধামৰ পীঠাধীশ্বৰ অচ্যুতানন্দ মহাৰাজ, মুছলমান ধৰ্মগুৰু ইয়ামিন কাদ্ৰী, বহৰা সমাজৰ ইছহাক মোমানী, প্ৰকাশনন্দ মহাৰাজ আদিয়েও কৃতজ্ঞতা জ্ঞাপন কৰে।

ইয়াত স্পষ্টভাৱে উল্লেখ আছে যে উদ্বোধনী অনুষ্ঠানত যজ্ঞও কৰা হৈছিল আৰু সকলো ধৰ্মৰ গুৰুৰ দ্বাৰা প্ৰাৰ্থনাও কৰা হৈছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে ভাইৰেল হোৱা ভিডিঅ’টোতসম্পূৰ্ণ তথ্য উল্লেখ কৰা হোৱা নাই। এই ভিডিঅ'টো আধৰুৱা, গোটেই ভিডিঅ'টোত আপুনি দেখিব যে সকলো ধৰ্মৰ গুৰুসকলে মঞ্চত এজন এজনকৈ প্ৰাৰ্থনা কৰিছিল। কাৰ্যসূচী আৰম্ভ হৈছিল যজ্ঞৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কোৰাণৰ আয়াতেৰে ৰাজস্থানৰ ছালুম্বৰ জিলা উদ্বোধন কৰা হৈছিল নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Misleading