শেহতীয়াভাৱে বলীউডৰ যশস্বী অভিনেতা নানা পাটেকাৰৰ ১ মিনিট ৪৬ ছেকেণ্ডৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ মঞ্চত ভাষণ দিয়া দেখা গৈছে। তেওঁ ভাষণত কৈছে তেওঁৰ ঈশ্বৰ ভক্তি আৰু মানুহৰ লগত তেওঁৰ সম্পৰ্ক আদিৰ বিষয়ত । এই ভিডিঅ'টো বাগেশ্বৰ ধামৰ বুলি দাবী কৰি ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল কৰিছে। দাবী কৰা হৈছে যে অলপতে নানা পাটেকাৰ বাগেশ্বৰ ধাম ভ্ৰমণ কৰিছিল। ভাইৰেল ভিডিঅ’টোত নানা পাটেকাৰে বাগেশ্বৰ ধামত এনেকৈ ভাষণ দিয়া বুলি দাবী কৰিছে।

Facebook LinkArchived Link

কিন্তু অভিনেতা নানা পাটেকাৰে সঁচাকৈয়ে বাগেশ্বৰ ধামত এই ভাষণ দিছিলনে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ নানা পাটেকাৰে সঁচাকৈয়ে বাগেশ্বৰ ধাম ভ্ৰমণ কৰিছে নেকি, সেই কথা জনাৰ প্ৰয়াসেৰে? কিন্তু নানা পাটেকাৰে যে কেতিয়াবা বাগেশ্বৰ ধাম ভ্ৰমণ কৰিছিল সেই কথা নিশ্চিত কৰিব পৰা এটাও খবৰ আমি বিচাৰি নাপালোঁ। তাৰ কিছুসময় পাছত আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ গুগল লেন্সত আৰু প্ৰাসংগিক কী-ৱৰ্ডৰ জৰিয়তে বিচাৰি চালোঁ।

তেতিয়া আমি ব্ৰহ্মকুমাৰী সংস্থাৰ ইউটিউব চেনেলত এই ভিডিঅ'টো ১৭ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে আপলোড কৰা দেখা পালোঁ। তাত ভাইৰেল ভিডিঅ' অংশটো এই ভিডিঅ'টোত প্ৰায় ৯ মিনিট ৪০ ছেকেণ্ডত দেখা পালোঁ।

দৰাচলতে সেই সময়ত ৰাজস্থানৰ মাউণ্ট আবুত অৱস্থিত ব্ৰহ্মকুমাৰী সন্থাৰ চৌহদত জল জন অভিযানৰ এক কাৰ্যসূচী অনুষ্ঠিত হৈছিল। আয়োজিত অনুষ্ঠানত নানা পাটেকাৰৰ উপৰিও কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, উদয়পুৰৰ ৰাজকুমাৰ লক্ষ্যৰাজ সিং মেৱাৰ আৰু কবি তথা বলীউডৰ গীতিকাৰ মনোজ মুন্টাশ্বিৰো উপস্থিত আছিল।

আমি ভাস্কৰ নিউজ, হিন্দুস্তান আৰু পিআইবিৰ প্ৰেছ বিজ্ঞপ্তিত অনুষ্ঠানটোৰ সৈতে জড়িত বাতৰিবোৰ পাইছিলোঁ।

এই সন্দৰ্ভত ফেক্ট ক্ৰেছেণ্ডোৰ তৰফৰ পৰা বাগেশ্বৰ ধামৰ পি আৰ অ’ কমল অৱস্থীৰ সৈতেও যোগাযোগ কৰা হৈছিল। তেওঁ এই ভাইৰেল দাবীটো মিছা বুলি উল্লেখ কৰে। নানা পাটেকাৰে কেতিয়াও বাগেশ্বৰ ধামলৈ যোৱাই নাছিল। ভাইৰেল ভিডিঅ’টো বাগেশ্বৰ ধামৰ নহয়। ইয়াক ভুল তথ্যৰ সৈতে শ্বেয়াৰ কৰা হৈছে। ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে ভাইৰেল ভিডিঅ'টো বাগেশ্বৰ ধামৰ নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত এইদৰেই নিশ্চিত হৈ পৰিল যে নানা পাটেকাৰে বাগেশ্বৰ ধাম ভ্ৰমণ কৰা বুলি ভাইৰেল হোৱা দাবীটো ভুৱা। নানাৰ এই ভিডিঅ'টো শেহতীয়া নহয়। ভিডিঅ’টো সেই সময়ৰ যেতিয়া তেওঁ ব্ৰহ্মকুমাৰীৰ মঞ্চৰ পৰা জল জন অভিযানৰ অনুষ্ঠানত ভাষণ দি আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অভিনেতা নানা পাটেকাৰে বাগেশ্বৰ ধামত আধ্যাত্মিক ভাষণ দিছেনে? সত্যটো কি?

Written By: Pranjal Sharma

Result: False