শেহতীয়াভাৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত কেইবাজনো লোকৰ সৈতে হাত মিলাই থকা এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত সেই অনুস্থানত উপস্থিত থকা একাংশ লোকে মোদীৰ প্ৰতি লক্ষ্য কৰি গালি-গালাজ কৰিছিল বুলি দাবী কৰি এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত মোদীয়ে মঞ্চত থিয় হৈ থকা দেখা গৈছে আৰু তাত হাজাৰ হাজাৰ লোকৰ ভিৰো দেখা গৈছে। ভিডিঅ'টোত আমি শুনিবলৈ পাওঁ যে একাংশ লোকে প্ৰধানমন্ত্ৰী মোদীক গালি-গালাজ কৰিছে । ফেচবুক পোষ্টটোৰ কেপচনত লিখা আছে “আমেৰিকাত যি হৈছে, তাক মই তীব্ৰ নিন্দা কৰিছো।”

Facebook LinkArchived Link

কিন্তু সঁচাকৈয়ে মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণত দৰ্শকে তেওঁক গালি-গালাজ কৰিছিল নেকি ? দাবীটো সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানৰ আৰম্ভনীতে আমি গৌৰৱ সিং নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত আপলোড কৰা একেটা ভিডিঅ’ পাইছিলোঁ। সেই ভিডিঅ’টোৰ কেপচনত উল্লেখ আছিল যে প্ৰধানমন্ত্ৰী মোদীক আমেৰিকাত গ্ৰেণ্ড ফেশ্বনত আদৰণি জনোৱা হৈছিল। ৩০ ছেকেণ্ডৰ এই ভিডিঅ’টোত দৰ্শকে “ভাৰত মাতা কি জয়” আৰু “বন্দে মাতৰম” শ্লোগান দিয়া দেখা গৈছিল।

ইয়াৰ পাছৰ অধিক অনুসন্ধানত আমি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অফিচিয়েল ইউটিউব চেনেলটোত এটা ভিডিঅ’ পাইছিলোঁ,য’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা ছবি দেখা গৈছিল। এই ভিডিঅ’টো ২০১৯ চনৰ ২২ ছেপ্টেম্বৰত প্ৰচাৰ হোৱা দেখা গৈছে । এই ভিডিঅ'টোৰ ১ঘণ্টা ৪৩মিনিট ৩০চেকেণ্ডৰ পৰা ১ঘণ্টা ৪৩মিনিট ৫০চেকেণ্ডলৈ ভাইৰেল হোৱা ভিডিঅ'টোৰ মিল থকা দেখিব। ইয়াত আপুনি দেখিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত থিয় হৈ থকা সকলো লোকক সাক্ষাৎ কৰিছে আৰু তেওঁক আদৰণি জনাইছে।

হাউডি মোদী( Howdy Modi programme) কাৰ্যসূচী আছিল টেক্সাছৰ হিউষ্টনৰ এন.আৰ.জি. ষ্টেডিয়ামত টেক্সাছ ইণ্ডিয়া ফ’ৰাম আৰু আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বাৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ বাবে আয়োজন কৰা এক সম্প্ৰদায় সন্মিলন। অনুস্থানটোৰ সেই মঞ্চৰ পিছফালে ‘শ্বেয়াৰড ড্ৰিমছ, ব্ৰাইট ফিউচাৰ্ছ’(‘Shared Dreams, Bright Futures’) বুলি লিখা এখন নীলা বেনাৰো দুয়োটা ভিডিঅ’তে দেখা যায়। তলত ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেল আৰু অৰিজিনেলপ্ৰকৃত হাউডী মোদী অনুস্থানৰ ভিডিঅ’ৰ মাজত এক তুলনা কৰা হৈছে।

তদুপৰি ২০১৯ চনৰ টেক্সাছৰ সেই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি উদ্দেশ্য কৰি ভিৰৰ মাজৰ পৰা গালি গালাজ কৰা কোনো বিশ্বাসযোগ্য তথ্য অথবা প্ৰতিবেদন আমি বিচাৰি নাপালোঁ। ভাইৰেল ক্লিপটোৰ সৈতে তুলনা কৰিলে দেখা যায় যে ভাৰত সমৰ্থক শ্লোগানৰ ওপৰত আন এটা অডিঅ’ ট্ৰেক ডাব কৰা হ’ব পাৰে, যদিও আমি এই কথা নিশ্চিত কৰিব পৰা নাছিলোঁ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো সংগতিহীন। এই ভিডিঅ’টো ২০১৯ চনত আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হাউডী মোদী কাৰ্যসূচীৰ। এই ভিডিঅ’টোৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত দৰ্শকে অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Missing Context