পাকিস্তানত এগৰাকী ছোৱালীয়ে নিজ পিতৃক বিয়া কৰাইছিল বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মহিলাগৰাকীয়ে কোৱা দেখা গৈছে যে, “ৰবিয়া নামটো চতুৰ্থ কন্যাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু দ্বিতীয় কন্যা হোৱাৰ বাবে তাই চতুৰ্থ পত্নী হোৱাৰ কথা ভাবিছিল”, যিটো ছ’চিয়েল মিডিয়াত একাংশ লোকে বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰিছিল , 'পিতৃৰ সৈতে কন্যাৰ বিবাহ' বুলি দাবী কৰি। ভিডিঅ’টোৰ কেপচনত লিখা আছে “Daughter justifying being 4th wife of her father”

Archived Link

ফেচবুকতো অনুৰূপ ধৰণে পোষ্ট ভাইৰেল হোৱা দেখা গৈছে

Facebook Link

কিন্তু সঁচাকৈয়ে পাকিস্তানৰ এইগৰাকী কন্যাই পিতৃৰ সৈতে বিয়া হৈছেনে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ আৰু কীৱৰ্ড চাৰ্চৰ দ্বাৰা তদন্ত আৰম্ভ কৰিলোঁ যাৰ ফলত আমি ’Zen Tv vlogs’ নামৰ ইউটিউব চেনেল এটাই প্ৰকাশ কৰা এটা প্ৰতিবেদন পালোঁ; যিটো ২০২১ চনৰ ১ আগষ্টত প্ৰকাশ পাইছিল।য’ত মূল ভিডিঅ’টো দেখা পোৱা গৈছিল। ভিডিঅ’টোত মহিলাগৰাকীয়ে কৈছে, “ৰবিয়া নামৰ ছোৱালীবোৰ চতুৰ্থ কন্যা হয়। মই ভাবিলোঁ মই চতুৰ্থ নহয় কাৰণ মই দ্বিতীয় । মই ভাবিছিলো মই মোৰ নামেৰে চতুৰ্থ পত্নী হ’ম। ইয়াৰ পিছত পুৰুষ আৰু মহিলা দুয়োজনে নিজৰ বিবাহিত জীৱনৰ কথাও কোৱা শুনা যায়। অৱশ্যে ভিডিঅ’টোত দুয়োজনে ক’তো ‘পিতৃ-কন্যা’ বুলি কোৱা দেখা পোৱা নাই।

অধিক অনুসন্ধানত আমি ৰাবিয়া আমিৰ অফিচিয়েল নামৰ হেণ্ডেলটোৰ পৰা টুইটাৰত প্ৰকাশ কৰা এটা ভিডিঅ’ পালোঁ। ২০২১ চনৰ ২৮ মে'ত প্ৰকাশিত এই ভিডিঅ'টোত ভাইৰেল ভিডিঅ'টোত থকা দম্পতীটোক দেখা গৈছে, য'ত স্বামীৰ নাম আমিৰ খান আৰু পত্নীৰ নাম ৰাবিয়া লিয়াকট বুলি উল্লেখ কৰা হৈছে আৰু ভিডিঅ'টোত তেওঁ কৈছে যে ৰাবিয়া তেওঁৰ চতুৰ্থ পত্নী আৰু তাৰ আগতে তেওঁ তিনিগৰাকী পত্নীক বিবাহ বিচ্ছেদ কৰিছে।

ইয়াৰ উপৰিও আমি UrduPoint.com , 24 NewsHD আৰু NeoNews আদি বহুতো ভেৰিফাইড চেনেলত একেখিনি বিৱৰণ পাইছিলোঁ। উৰ্দুপইণ্ট ডট কমত আপলোড কৰা এটা ভিডিঅ’ত আমিৰে কোৱা শুনা যায় যে তেওঁ ৰবিয়াৰ কম্পিউটাৰ শিক্ষক আছিল যেতিয়া তেওঁ ৰাবিয়াক বিয়াৰ প্ৰস্তাৱ দিছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটোক ভুৱা। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা পুৰুষ-মহিলাহালৰ মাজৰ সম্পৰ্ক পিতৃ-কন্যাৰ নহয় আৰু মহিলাগৰাকী ব্যক্তিগৰাকীৰ চতুৰ্থ পত্নীহে;তেওঁৰ কন্যা নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানত এগৰাকী পিতৃয়ে নিজ কন্যাক চতুৰ্থ পত্নীৰূপে গ্ৰহণ কৰিলে নেকি?

Written By: Pranjal Sharma

Result: False