মণিপুৰৰ বৰ্বৰ নাৰী নিৰ্যাতনৰ মূল অভিযুক্তৰ নাম আব্দুল হালিম হয়নে? সত্যটো কি?    

False Social

শেহতীয়াভাৱে মণিপুৰত সংঘটিত জঘন্য, বৰ্ৰব নাৰী নিৰ্যাতনৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে ইয়াক লৈ ধিক্কাৰ ধ্বনি শুনা গৈছে। সৰ্বত্ৰ কেৱল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে। তেনে পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তথ্য ভুলে শুদ্ধই বিয়পাই দিয়া দেখা গৈছে। একেবাৰে শেহতীয়াভাৱে ঘটনাটোৰ মূল দোষীজনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছত দোষীৰ নাম আৰু ধৰ্মক লৈয়ো বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰিছে যে ঘটনাটোৰ মূল অভিযুক্ত আব্দুল হালিমক গ্ৰেপ্তাৰ কৰা হৈছে। 

তাপস সাহানি নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে মণিপুৰ কাণ্ডৰ অন্যতম অভিযুক্ত আব্দুল হালিমক গ্ৰেপ্তাৰ কৰা বুলি পোষ্ট দিছিল।

 Facebook LinkArchived Link

তদুপৰি শিবাণু বৰা নামৰ ব্যৱহাৰকাৰীজনেও অনুৰূপ পোষ্ট দিয়া আমাৰ নজৰত পৰে। 

Facebook PostArchived Link

কেৱল সিমানেই নহয়, ৰাজু মাহাতো  নামৰ ফেচবুক ব্যৱহাৰকাৰীজনেও অনুৰূপ পোষ্ট দিয়া আমি দেখিলোঁ। 

ইয়াৰ উপৰিও মণিপুৰ পুলিচৰ টুইট আৰু ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট লৈয়ো একাংশই এই দাবীৰে ফেচবুকত পোষ্ট দিয়া আমি দেখিলোঁ। মণিপুৰ পুলিচৰ পোষ্টটোত উল্লেখ কৰা হৈছে যে ৩৮ বছৰীয়া আব্দুল হালিম নামৰ প্ৰীপাক উগ্ৰপন্থী এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেনেকুৱা এটা পোষ্ট দিছিল ধীৰাজ কুমাৰ শৰ্মা নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে। 

Facebook Post।  Archived Link

বিক্ৰমজিত বৰ্মনেও একেই পোষ্ট দিছিল। 

Facebook Post।  Archived Link

প্ৰীতমজিত বৰুৱা নামৰ ব্যক্তিগৰাকীয়ে মণিপুৰ পুলিচৰ ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট লৈ একেটা দাবীয়ে কৰিছে। 

Facebook Post।  Archived Link

কিন্তু সঁচাকৈয়ে গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনৰ নাম আব্দুল হালিম হয়নে? এয়া সত্যনে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

যোৱা ১৯ জুলাইত যিটো চাঞ্চল্যকৰ ভিডিঅ’ ওলাইছিল, তাত দেখা গৈছিল যে কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাই লৈ গৈছিল পুৰুষৰ এটা বৃহৎ দলে। তাৰ পাছতে তেওঁলোকক এখন পথাৰলৈ লৈ যায় য’ত মহিলাকেইগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। যদিও ভিডিঅ’টোত চিত্ৰিত ঘটনাটো প্ৰকৃততে ৪ মে’ত সংঘটিত হৈছিল, তথাপিও প্ৰায় ডেৰ-দুমাহৰ পিছত ভাইৰেল হোৱাৰ পাছতহে আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী এন.বীৰেন সিঙে ঘোষণা কৰে যে মণিপুৰ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত প্ৰথমটো গ্ৰেপ্তাৰ কৰে।

২০ জুলাইত মণিপুৰ আৰক্ষীয়ে ৰাজ্যজুৰি বিভিন্ন গোচৰৰ তদন্তৰ বিশদ বিৱৰণ দি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে।

প্ৰেছ বিজ্ঞপ্তিটোৰ ২ নম্বৰ পইণ্টত উল্লেখ কৰা হৈছিল যে ভাইৰেল ভিডিঅ’ কাণ্ডৰ সৈতে জড়িত আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। থৌবাল জিলাৰ নংপক ছেকমাই থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা গ্ৰেপ্তাৰ হয় অভিযুক্ত তিনিজনক।

প্ৰেছ বিজ্ঞপ্তিটোৰ ৪ নম্বৰ পইণ্টত উল্লেখ কৰা হৈছে যে কাংগলেইপাকৰ পিপলছ ৰিভল্যুচনেৰী পাৰ্টি (প্ৰীপাক প্ৰ’)ৰ সদস্য আব্দুল হিলিম (৩৮)ক ইম্ফল পূব জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ অতীতৰ স্বাধীনতা পুনৰ ঘূৰাই অনাৰ বাবে যুঁজি থকা ৰাজ্যখনৰ অন্যতম সংগঠন হৈছে এই প্ৰীপাক (প্ৰ’)।

তদুপৰি ফেক্ট ক্ৰেচেণ্ডোৰ তৰফৰ পৰা থৌবালৰ আৰক্ষী অধীক্ষক যোগেশচন্দ্ৰ হাওবিজামৰ সৈতে যোগাযোগ কৰোঁতে তেওঁ কৰি নিশ্চিত কৰে যে এই দুয়োটা পৃথক পৃথক ঘটনা। তেওঁ স্পষ্ট কৰি দিয়ে যে আব্দুল হিলিমক ভাইৰেল ভিডিঅ’ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হোৱা নাই। বৰঞ্চ তেওঁক পৃথক গোচৰৰ বাবে আন এখন জিলাৰ আৰক্ষীয়েহে আটক কৰিছে। মণিপুৰ আৰক্ষীয়েও দুটা পৃথক টুইটযোগে এই দুইটো গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰে।

Tweet 1 Tweet 2

তেনেহ’লে কিয় বিয়পিল এই ভুল খবৰ?

প্ৰকৃততে সংবাদ প্ৰতিস্থান এএনআই(ANI)য়ে এই দুটা বেলেগ বেলেগ কাণ্ডক সংযোগ কৰি তেওঁলোকৰ টুইটত এটা ভুল কৰিছিল। তেওঁলোকৰ টুইটত তেওঁলোকে পৃথক পৃথক ঘটনা দুটাক একত্ৰিত কৰি মণিপুৰ ভাইৰেল ভিডিঅ’ গোচৰত গ্ৰেপ্তাৰ হোৱা তিনিজন মূল অভিযুক্তৰ ভিতৰত আব্দুল হালিম অন্যতম বুলি ধাৰণা কৰিছিল। আব্দুল হালিমৰ গ্ৰেপ্তাৰৰ সৈতে ভাইৰেল ভিডিঅ’ গোচৰৰ কোনো সম্পৰ্ক নাছিল, আৰু সেই বিশেষ কাণ্ডৰ তেওঁ অন্যতম মূল অভিযুক্ত নাছিল। 

এই ডাঙৰ ভুলৰ বাবে তেওঁলোকক সৰ্বত্ৰ সমালোচনা কৰাৰ পাছত এএনআইয়ে টুইটটো ডিলিট কৰি এই সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনাৰে স্পষ্টীকৰণ প্ৰকাশ কৰে।

Tweet

মণিপুৰ আৰক্ষীৰ টুইটৰ ভুল ব্যাখ্যা আৰু ভাইৰেল ভিডিঅ’টোত দেখুওৱা কাণ্ডৰ সৈতে জড়িত অভিযুক্তৰ গ্ৰেপ্তাৰৰ বিষয়ে পূৰ্বৰ এটা টুইটেৰে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ বাবেই এই ভুল সংঘটিত হয়। 

তেনেহ’লে এই বৰ্বৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত কোন?

আচলতে মণিপুৰত দুই মহিলাক উলংগ কৰি তেনেকৈ পেৰেড কৰি নি যৌন নিৰ্যাতন চলোৱাৰ গোচৰত পেচি আৱাং লেইকাই গাঁৱৰ হুইৰেম হেৰোদাছ মেইটেই (৩২)ক প্ৰাথমিক ষড়যন্ত্ৰকাৰী হিচাপে চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

 ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত নিশ্চিত হৈ পৰিল যে এএনআইৰ এই ভুল টুইটৰ ফলত মণিপুৰৰ ভাইৰেল ভিডিঅ’ গোচৰ সন্দৰ্ভত অসংখ্য সাম্প্ৰদায়িক দাবী আৰু ভুল তথ্যৰ সৃষ্টি হয়। মণিপুৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্তসকলৰ ভিতৰত আব্দুল হালিম অন্যতম নহয়। এই নিৰ্দিষ্ট ঘটনাৰ লগত তেওঁৰ গ্ৰেপ্তাৰৰ কোনো সম্পৰ্ক নাই। প্ৰকৃততে সেই ঘটনাৰ সৈতে জৰিত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা লোকজনৰ নামৰ হুইৰেম হেৰোদাচ মেইটেই হে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মণিপুৰৰ বৰ্বৰ নাৰী নিৰ্যাতনৰ মূল অভিযুক্তৰ নাম আব্দুল হালিম হয়নে? সত্যটো কি?

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *