বিশ্বৰ কিছুমান ঠাইত বিশেষকৈ এছিয়াৰ কিছুমান দেশত এতিয়াও যৌনতা নিষিদ্ধ। এনে পৰিস্থিতিত যেতিয়া ভাৰত,,শ্ৰীলংকা আদিৰ কিছুমান আগশাৰীৰ সংবাদ প্ৰতিস্থানে “ছুইডেনে যৌনতাক আনুষ্ঠানিকভাৱে খেল হিচাপে স্বীকৃতি দি প্ৰথমটো ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে” বুলি বাতৰি প্ৰকাশ কৰিছিল, তেতিয়া স্বাভাৱিকতে বহুতে এই খবৰটোক লৈ কৌতুহলী হৈছিল, যিটো বনজুইৰ দৰে বিয়পি পৰিছিল। তাৰ প্ৰভাৱ অসমতো পৰা দেখা গৈছিল। অসমৰ ছ’চিয়েল মিডিয়াতো ছুইডেনে যৌনতাক ক্ৰীড়া বুলি ঘোষণা কৰি চেম্পিয়নশ্বিপ আয়োজন কৰাক লৈ পোষ্ট কৰিছে বিভিন্নজনে। SEX IS A SPORT NOW বুলি লিখি আপলোড কৰিছে। তেনেকুৱা কেইটামান ফেচবুক পোষ্ট এয়া তলত দিয়া হৈছে।

Facebook LinkArchived Link

Facebook LinkArchived Link

Facebook LinkArchived Link

টাইমছ অৱ ইণ্ডিয়া, হিন্দুস্তান টাইমছ, নিউজ১৮, ইণ্ডিয়া টুডেকে ধৰি কেইবাটাও ভাৰতীয় সংবাদ প্ৰতিষ্ঠানেও ছুইডেনে যৌনতাক যৌন খেল হিচাপে ঘোষণা কৰাৰ বাতৰি প্ৰকাশ কৰিছে। বাতৰি সমুহত প্ৰকাশ কৰিছে যে ইউৰোপৰ এই প্ৰথমখন যৌন প্ৰতিযোগিতা ৮ জুনত আৰম্ভ হ’ব। ছুইডিছ চেক্স ফেডাৰেচনৰ তত্বাৱধানত হ’বলগীয়া এই যৌনতা প্ৰতিযোগিতাত কোনে শ্ৰেষ্ঠ হয় সেইটো নিৰ্ণয় কৰিবলৈ প্ৰতিযোগীসকলে ছয় ঘণ্টালৈকে দৈনিক যৌনতাত লিপ্ত হ'ব লাগিব !

আনকি শ্ৰীলংকাৰ কিছুমান সংবাদ প্ৰতিস্থানেও এই বিষয়ে বাতৰি কৰিছে। ইয়াত তেনেকুৱা এটা বাতৰি পঢ়িব পাৰিব।

কিন্তু এই ফেচবুক পোষ্ট বা সংবাদ প্ৰতিস্থানসমুহে কৰা দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি পৰীক্ষা কৰিলোঁ যে আন কোনো বিশ্বাসযোগ্য আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ছুইডেনত এনে প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰিছে নেকি। যদিও স্থানীয় আৰু ভাৰতীয় সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছিল, যিহেতু বিশ্বৰ অন্যান্য আগশাৰীৰ সংবাদ মাধ্যম আৰু ইউৰোপীয় সংবাদ সংস্থাই এনে প্ৰতিযোগিতাৰ বাতৰি প্ৰকাশ কৰা নাছিল বা আনকি ছুইডেনে ‘যৌনতাক খেল হিচাপে’ স্বীকৃতি দিয়াৰ কথাও প্ৰকাশ কৰা নাছিল, সেয়েহে আমি ইয়াৰ আৰু গভীৰতালৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ।

ইয়াৰ পাছতে ছুইডেনৰ এটা সংবাদ সংস্থা ‘গটাৰবৰ্গছ-পষ্টেন’ৰ এটা প্ৰবন্ধৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ হৈছিল। ২০২৩ চনৰ ২৬ এপ্ৰিলত প্ৰকাশিত লেখাটোত কোৱা হৈছিল যে ‘যৌনতাক খেল হিচাপে’ শ্ৰেণীভুক্ত কৰাৰ বাবে কৰা এক আবেদন দেশখনত নাকচ কৰা হৈছে।

সেই ৱেব লেখাটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।

ছুইডেনৰ আন এটা সংবাদ মাধ্যম TV4য়ে ২০২৩ চনৰ ১৯ জানুৱাৰীত উল্লেখ কৰিছে যে নেশ্যনেল স্প’ৰ্টছ ফেডাৰেচনৰ অধ্যক্ষ বিয়ৰ্ন এৰিক্সনে স্পষ্টকৈ কৈছিল যে যৌনতাক খেল হিচাপে শ্ৰেণীভুক্ত কৰা নহ’ব। সেই লেখাটো যিটো ইয়াত পঢ়িব পাৰি।

একেধৰণৰ এটা লেখা ইয়াত চাব পাৰিব।

ছুইডিছ ক্ৰীড়া কনফেডাৰেচন

তদুপৰি শেহতীয়াকৈ ভাইৰেল হোৱা দাবীৰ প্ৰতি সঁহাৰি জনাই ছুইডেনৰ ক্ৰীড়া কনফেডাৰেচনৰ যোগাযোগ বিভাগৰ মুৰব্বী আন্না চেটজমেনে স্পষ্ট কৰি দিয়ে যে ছুইডেনৰ এটা নিৰ্দিষ্ট যৌন ফেডাৰেচন ছুইডেনৰ ক্ৰীড়া কনফেডাৰেচনৰ সদস্য হোৱাৰ খবৰ সম্পূৰ্ণ মিছা আৰু ই এটা ষড়যন্ত্ৰৰ অংশ হিচাপে ছুইডেনক এটা জাতি হিচাপে কলংকিত কৰাৰ অভিযান আৰু ছুইডেন ক্ৰীড়াক হেয় কৰাৰ দৰে এক কৰ্ম।

ছুইডেনৰ ক্ৰীড়া কনফেডাৰেচনৰ যোগাযোগ আৰু প্ৰেছৰ মুৰব্বী আন্না চেটজমেনে কয়-“ছুইডিছ স্প’ৰ্টছ কনফেডাৰেচনে এই কথাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কিছুমান ঠাইত বৰ্তমান এই খবৰ বিয়পি পৰিছে যে এটা যৌন ফেডাৰেচন দ্য ছুইডিছ স্প’ৰ্টছ কনফেডাৰেচনৰ সদস্য হৈ পৰিছে। ছুইডেনৰ ক্ৰীড়া আৰু ছুইডেনক লেতেৰা কৰাটো ভুৱা তথ্য। ছুইডেনৰ ক্ৰীড়া সংঘৰ কোনো যৌন ফেডাৰেচন নাই। এই সকলো তথ্য মিছা।”

লগতে এই দাবীসমূহৰ ওপৰত ছুইডেন চৰকাৰৰ স্থিতি পাবলৈ আমি ভাৰতত থকা ছুইডেনৰ দূতাবাসৰ সৈতে যোগাযোগ কৰিলোঁ আৰু তেওঁলোকৰ স্পষ্টীকৰণৰ সৈতে এই লেখাটো আপডেট কৰাৰ পৰিকল্পনা কৰিলোঁ।

ছুইডিছ চেক্স ফেডাৰেচন (SSF)

ছুইডিছ চেক্স ফেডাৰেচন নামৰ এটা সংস্থাই দিয়া জাননীৰ ভিত্তিত এই ভাইৰেল নিউজ ৰিপৰ্ট প্ৰকাশ পাইছে, যিয়ে ঘোষণা কৰিছিল যে ৮ জুনত ছুইডেনত ইউৰোপীয় চেক্স চেম্পিয়নশ্বিপ আৰম্ভ হ’ব।

তথ্য পৰীক্ষা কৰা সত্যতা নিৰূপক সংস্থা এটাৰ এটা প্ৰশ্নৰ উত্তৰত ছুইডেনৰ যৌন ফেডাৰেচনে উল্লেখ কৰিছিল যে ছুইডেনৰ ক্ৰীড়া সন্মিলনে এতিয়াও বিভিন্ন কাৰণত যেনে ফেডাৰেচনে প্ৰশিক্ষণৰ সুবিধা, ৰেফাৰীৰ বাবে ধন দিবলগীয়া, ৰেফাৰীৰ প্ৰশিক্ষণ আৰু পাঠ্যক্ৰম আদিৰ সমস্যাৰ বাবে যৌনতাক খেল হিচাপে শ্ৰেণীভুক্ত কৰা নাই আৰু ।

এছ এছ এফৰ উত্তৰদাতাই লগতে কয় যে ছুইডিছ স্প’ৰ্টছ ফেডাৰেচনে ‘যৌনতাক খেল হিচাপে’ গ্ৰহণ কৰক বা নকৰক, ইউৰোপীয় যৌন চেম্পিয়নশ্বিপ নিৰ্ধাৰিত অনুসৰি আগবাঢ়িব। এছ এছ এফৰ উদ্ধৃতি থকা তথ্য-পৰীক্ষাৰ প্ৰবন্ধটো ইয়াত পঢ়িব পাৰিব।

লগতে, আমি ছুইডিছ চেক্স ফেডাৰেচনৰ ছ’চিয়েল মিডিয়া হেণ্ডেলবোৰ চালোঁ, আৰু তেওঁলোকে শেহতীয়া আপডেটৰ সৈতে টুইটাৰত সক্ৰিয় হৈ পৰিছিল আৰু অংশগ্ৰহণ কৰিবলৈ যোৱা প্ৰথম প্ৰতিযোগীসকলৰ আগমনৰ খবৰ দিছিল।

https://twitter.com/_LiveSexHouse/status/1666224569353490434

অধিক তথ্য লাভ কৰিবলৈ আমি এছ এছ এফক ইমেইল কৰিলোঁ আৰু এছ এছ এফৰ ইউৰোপিয়ান চেক্স চেম্পিয়নশ্বিপ দলটোৱে স্পষ্ট কৰি দিলে যে ছুইডেনৰ কৰ সংস্থাই যৌন প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ বাবে ছুইডিছ চেক্স ফেডাৰেচনক পঞ্জীয়ন কৰিছে। এই পঞ্জীয়ন দীঘলীয়া তিনি (৩) বছৰৰ নিয়ন্ত্ৰণ আৰু এছ এছ এফৰ প্ৰয়োজনীয়তা পূৰণৰ পিছতহে দিয়া হৈছিল।

এছ এছ এফৰ দলটোৱে লগতে কয় যে ছুইডেনৰ সকলো ক্ৰীড়া সংস্থাক সহায় কৰিবলৈ ছুইডেনৰ কৰ সংস্থাই প্ৰতি বছৰে ২ বিলিয়ন ছুইডিছ ক্ৰ’নৰে ছুইডিছ স্প’ৰ্টছ কনফেডাৰেচনক বিত্তীয় সাহায্য প্ৰদান কৰে। তথাপিও ছুইডেনৰ ক্ৰীড়া ফেডাৰেচনে তেওঁলোকৰ সংস্থাত এছ এছ এফক অস্বীকাৰ কৰিছে যদিও ই-স্প’ৰ্টছক তেওঁলোকৰ সংস্থাত গ্ৰহণ কৰিছে।

গতিকে এছ এছ এফে স্পষ্ট কৰে যে যিহেতু ছুইডেনৰ কৰ সংস্থাই তেওঁলোকক পঞ্জীয়ন কৰিছিল, গতিকে যৌনতাক খেল হিচাপে স্বীকৃতি দিয়া হৈছে যদিও ছুইডেনৰ ক্ৰীড়া ফেডাৰেচনে গ্ৰহণ নকৰে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ছুইডেনে আনুষ্ঠানিকভাৱে ‘যৌনতাক খেল হিচাপে’ ঘোষণা কৰা বুলি দাবী কৰা ভাইৰেল পোষ্টবোৰ মিছা আৰু বিভ্ৰান্তিকৰ। ছুইডেনৰ ক্ৰীড়া সংঘই নিশ্চিত কৰিছে যে তেওঁলোকৰ অধীনত ‘ছুইডিছ চেক্স ফেডাৰেচন’ নামৰ সংস্থাটো পঞ্জীয়ন কৰা হোৱা নাছিল, আৰু ভাইৰেল পোষ্টবোৰ আছিল ছুইডেনৰ ক্ৰীড়াক লক্ষ্য কৰি কৰা ষড়যন্ত্ৰমূলক অভিযান।

অৱশ্যে ছুইডিছ চেক্স ফেডাৰেচনে নিশ্চিত কৰিছে যে ছুইডিছ স্প’ৰ্টছ ফেডাৰেচনে ‘যৌনতাক খেল হিচাপে(SEX IS A SPORT)’ ঘোষণা নকৰাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পৰিকল্পনা অনুসৰি ৮ জুনত যৌন চেম্পিয়নশ্বিপ আৰম্ভ হ’ব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ছুইডেনত যৌনতাক খেল হিচাপে স্বীকৃতি দি SEX CHAMPIONSHIP আয়োজন কৰা কথাটো কিমান সঁচা? প্ৰকৃত সত্য কি?

Written By: Pranjal Sharma

Result: Misleading