FACT CHECK: ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি আদি বিনামূলীয়া উপহাৰ সহিতে কোনো ধৰণৰ লাকী ড্ৰ ঘোষণা কৰা নাই।

False Social

শেহতীয়াভাৱে অসমত হোৱাটছএপৰ জৰিয়তে এটা মেছেজ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি,বিনামূলীয়া উপহাৰ আদিৰ এক লাকী ড্ৰ তেওঁলোকৰ ৪০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰিছে। 

আইঅ’চিএলক উপলক্ষ্য কৰি ভাইৰেল কৰা এই মেছেজটো ফেচবুক,টুইটাৰ আৰু হোৱাটছপত বহুলভাৱে প্ৰচাৰ হৈছে। 

একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 3770লৈয়ো সত্যাসত্য নিৰূপনৰ বাবে আহিল। Archived Link

আমি,ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই সিদ্ধান্ত গ্ৰহন কৰিলো এই দাবীৰ সত্যতা নিৰূপন কৰাৰ,কাৰণ ই সন্দেহজনক। আমি গম পালো যে এই বিশেষ দাবীটো ভূৱা আৰু আইঅ’চিএলে তেনেকুৱা কোনো অফাৰ দিয়া নাই।

সত্যতা নিৰূপন পদ্ধতি

সৰ্বপ্ৰথমে আমি জানিব পাৰিলো যে ই প্ৰতিস্থা হৈছিল ১৯৫৮ চনৰ ৩০জুনত,আজিৰ পৰা ৬১বছৰ পূৰ্ব আৰু ই ৪০সংখ্যক বৰ্ষপূৰ্তি বহুবছৰ আগতেই পূৰ্ণ কৰিছে।

তাৰ পিছত আমি ৱেবচাইটটোৰ প্ৰেছ ৰিলিজ শিতানটো চাকো আৰু সেইধৰণে ৪০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে লাকী ড্ৰ আয়োজন কৰা তেনেকুৱা কোনো প্ৰেছ বিবৃতি নেদেখিলো।

Screenshot, IOCL website

Original Link- IOCL

ইয়াৰ পিছত আমি সাধাৰণ প্ৰাসংগিক শব্দ লৈ টুইটাৰত ছাৰ্চ কৰোতে পিআইবি ফেক্ট ছেকে কৰা এটা টুইট পালো। পিআইবি ফেক্টছেকে স্পষ্ট কৰি দিছে যে আইঅ’চিএলে তেনেকুৱা কোনো লাকী ড্ৰ আয়োজন কৰা নাই আৰু দাবীটো ভূৱা।

এইধৰণৰ ভূ্ৱা খবৰৰ মেছেজৰ সংখ্যা শেহতীয়াভাৱে বাঢ়িছে আৰু ফেক্ট ক্ৰেছেণ্ডোৱে তেনেকুৱায়ে বাতৰিৰ সত্যতা নিৰূপন কৰি মিছা বুলি প্ৰমান কৰিছিল: 

Links to previous similar Fact Checks:

ফলাফল

বিশেষ সেই ভাইৰেল মেছেজটো ভূৱা আৰু আইঅ’চিএলে মোবাইল ফোন,টিভি,বিনামূল্য উপহাৰ আদি লৈ কোনো লাকী ড্ৰ আয়োজন কৰা নাই। তদুপৰি,তেওঁলোকে ৪০বছৰ কেতিয়াবায়ে অতিক্ৰম কৰিলে।

Avatar

Title:ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি আদি বিনামূলীয়া উপহাৰ সহিতে কোনো ধৰণৰ লাকী ড্ৰ ঘোষণা কৰা নাই।

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *