যোৱা ২৩ আগষ্ট ২০২৩, বুধবাৰে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে ভাৰতৰ বিজ্ঞানীসকলে চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা কৰিলে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। চৌপাশে আনন্দৰ ৰোল উঠিল। কিন্তু ইয়াৰ সমান্তৰালভাৱে চ’ছিয়েল মিডিয়াতো ভূৱা খবৰৰ জোৱাৰ উঠা দেখা গৈছে।

তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ চকুত পৰিছে। Anupam Chakraborty নামৰ ফেচবুক একাউণ্টটোৰ পৰা এটা ফেচবুক পোষ্ট কৰা হৈছে। সেই পোষ্টটোত “ইছৰো ত কাম কৰে ৩০ শতাংশ মহিলা বিজ্ঞানীয়ে । চন্দ্ৰযান ৩ ৰ ছফ্ট লেণ্ডিংৰ দিনটোত তেওঁলোকৰ উল্লাহৰ ছবি । বিজ্ঞান আৰু সংস্কাৰ। প্ৰযুক্তি বিদ্যাৰ চমৎকাৰ , চিন্তা - চেতনাৰ সৰ্বাধুনিকতা আৰু পৰম্পৰাৰ বিজয় ধজ্জা একেলগে। প্ৰণাম ।।” বুলি কেপছন লিখি চাৰিখন ফটো আপলোড কৰা হৈছে। দাবী কৰা হৈছে যে তেওঁলোক চন্দ্ৰযান ৩ৰ সফলতাৰ অন্তত উল্লসিত হৈ পৰা মহিলা বিজ্ঞানী। ইতিপূৰ্বেও এনেকুৱা ফটো আপলোড কৰি চন্দ্ৰযান ৩ অভিযানৰ মহিলা বিজ্ঞানী বুলি দাবী কৰি ফেচবুকত আন কিছুমানে পোষ্ট দিছিল ।

অনুপম চক্ৰৱৰ্তীৰ পোষ্টটোত দাবী কৰা হৈছে যে সংলগ্ন ফটোকেইখনত থকা মহিলা বিজ্ঞানীকেইগৰাকী চন্দ্ৰযান ৩ অভিযানৰ লগত জৰিত।

Facebook LinkArchived Link

কিন্তু সঁচাকৈয়ে এই মহিলা বিজ্ঞানীকেইগৰাকী চন্দ্ৰযান ৩ৰ লগত জৰিত হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানত প্ৰথমে আমি google reverse image search ৰ জৰিয়তে পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ফটোকেইখনৰ সত্যাসত্য বিচাৰিলোঁ আৰু আমি কিছুমান লিংক পালোঁ। এখন এখন কৰি প্ৰতিখন ফটোৰে অনুসন্ধান কৰি আমি কি পালোঁ, তলত উল্লেখ কৰা হৈছে।

প্ৰথমে আমি চালোঁ এই ফটোখন।

আমি ছাৰ্চ কৰি পালোঁ যে এই ফটোখন ২০১৪চনৰ ২৪ চেপ্তেম্বৰত একাধিক সংবাদ প্ৰতিস্থানত ভাৰতৰ মংগলযান অভিযানত মংগলযানে মংগল গ্ৰহৰ কক্ষপথত সফলতাৰে প্ৰৱেশ কৰাৰ পাছত ইছৰ’ৰ এইসকল মংগল অভিযানত জৰিত মহিলা বিজ্ঞানীয়ে আনন্দ প্ৰকাশ কৰিছে। ফটোখন মঞ্জুনাথ কিৰণ নামৰ ফটোগ্ৰাফাৰজনে তুলিছিল।

সেই ফটোখন সম্বলিত একাধিক বাতৰিৰ লিংক আমি ইয়াত আৰু ইয়াত দি দিছোঁ। আপোনালোকে পঢ়িব পাৰিব।

ইয়াৰ পাছত আমি তলত দিয়া এই ফটোখনৰ অনুসন্ধান কৰিলোঁ।

আমি পালোঁ যে এইফটোখন সংলগ্ন কৰি মংগল অভিযান সন্দৰ্ভত বাতৰি লিখা হৈছে।

সেই বাতৰিৰ লিংক আমি ইয়াত দিছোঁ। আপোনালোকে পঢ়িব পাৰে।

ইয়াৰ অৰ্থ হৈছে এই ফটো দুখন আজিৰ পৰা প্ৰায় ৮ বছৰ পূৰ্বৰ অৰ্থাত ২০১৪ চনৰে। ভাৰতে সফলতাৰে মংগল অভিযান সম্পন্ন কৰাৰ সময়ত সেই প্ৰকল্পটোত কাম কৰা এইসকল মহিলা ইছৰ’ বিজ্ঞানীয়ে আনন্দ প্ৰকাশ কৰোঁতে এই ফটো সংগ্ৰহ কৰা হৈছিল।

ইয়াৰ পাছত আমি অনুসন্ধান কৰিলোঁ তলত দিয়া এই ফটোখনৰ।

অনুসন্ধানত আমি জানিব পাৰিলোঁ যে ফটোত দেখা শাৰী পৰিহিতা এই মহিলাগৰাকী হৈছে ইছৰ’ৰ বিজ্ঞানী তথা মংগল অভিযানৰ Project Manager, Mission Designer & Deputy Operations Director নন্দিনী হৰিনাথ। এইগৰাকী বিজ্ঞানীৰ বিষয়ে উল্লেখ কৰি লিখা একাধিক প্ৰতিবেদন আমি পঢ়িবলৈ পালোঁ।

সেই প্ৰতিবেদন আপোনালোকে ইয়াত পঢ়িব পাৰিব।

নন্দিনী হৰিনাথ আৰু ভাৰতৰ মহিলা বিজ্ঞানী সন্দৰ্ভত লিখা আন এক লেখা আপোনালোকে ইয়াত পঢ়িবলৈ পাব।

সদৌ শেষত আমি তলত দিয়া এই ফটোখনৰ অনুসন্ধান কৰি একাধিক লিংক লাভ কৰিলোঁ। ৰাজ্যসভা টিভিৰ বিশেষ নামৰ অনুষ্ঠানটোত এই ফটোখন ব্যৱহাৰ কৰা হৈছিল। সেই অনুষ্ঠানটো ইছৰ’ৰ মহিলা বিজ্ঞানী বিষয়ক এক অনুষ্ঠান আছিল।

২০১৯চনৰ ১৬জুলাইত ইউটিউৱত আপলোড কৰা অনুষ্ঠানটো আপোনালোকে তলত চাব পাৰিব।

একেবাৰে শেষৰ এই ফটোখনত থকা মহিলা বিজ্ঞানীকেইগৰাকী হৈছে মংগলযান অভিযানত জৰিত হৈ থকা ইছৰ’ৰ বিজ্ঞানী ক্ৰমে মিনল সম্পত,অনুৰাধা টি.কে.,ৰিতু কৰিধল,নন্দিনী হৰিনাথ আৰু মৌমিতা দত্ত। কেউগৰাকী বিজ্ঞানী মংগলযান প্ৰকল্পত বিভিন্ন দায়িত্বত আছিল। তেখেতসকলৰ জন্মস্থান আৰু কৰ্মময় জীৱন সম্পৰ্কে বিস্তাৰিত ৰূপত ৪ বছৰ পূৰ্বেই এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল দ্য লল্লনটপ নামৰ সংবাদ প্ৰতিস্থানটোৱে। তেওঁলোকৰ সেই প্ৰতিবেদন আপোনালোকে তলত চাব পাৰিব।

তদুপৰি আমি চন্দ্ৰযান ৩ প্ৰকল্পৰ মূল বিজ্ঞানীসকল নো কোন তাক জানিবলৈ যতন কৰোঁতে লাভ কৰা তথ্যত এইকেইগৰাকী বিজ্ঞানীৰ নাম নাপালোঁ। যদিও বহু বিজ্ঞানীয়ে এই প্ৰকল্পত কাম কৰিছিল কিন্তু যিদৰে মংগলযান অভিযানত উল্লিখিত মহিলা বিজ্ঞানীসকলে মূল গুৰুত্বপূৰ্ণ দায়িত্বত আছিল, তেনেকৈয়ে চন্দ্ৰযান ৩ প্ৰকল্পত আন কিছুসংখ্যক বিজ্ঞানী দায়িত্বত আছিল। তেওঁলোকৰ তথ্য তলত দেখুওৱা হৈছে আৰু এক প্ৰতিবেদন ইয়াত সংলগ্ন কৰা হৈছে, আপোনালোকে পঢ়িব পৰাকৈ।

অৰ্থাত এই সকলোবোৰ প্ৰমানৰ পৰা এই কথা স্পষ্ট হৈ পৰিল যে অনুপম চক্ৰৱৰ্তীয়ে উল্লেখ কৰা ধৰণে এইকেইগৰাকী চন্দ্ৰযান ৩ প্ৰকল্পত কৰ্মৰত বিজ্ঞানী নহয় আৰু লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ মুহূৰ্তত আনন্দ কৰা সময়ৰ ফটো এইকেইখন নহয়। দাবীটো সংগতিহীন।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে অনুপম চক্ৰৱৰ্তী নামৰ ফেচবুক একাউণ্টটোৱে উল্লেখ কৰা ধৰণে এইকেইগৰাকী চন্দ্ৰযান ৩ প্ৰকল্পত কৰ্মৰত বিজ্ঞানী নহয় আৰু লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ মুহূৰ্তত আনন্দ কৰা সময়ৰ ফটো এইকেইখন নহয়। এয়া মংগলযান অভিযানৰ সফলতাৰ অন্তত দায়িত্ববাহী বিজ্ঞানীসকলে কৰা আনন্দৰ আৰু বিজ্ঞানীসকলৰহে ফটো। গতিকে দাবীটো সংগতিহীন।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া চন্দ্ৰযান ৩ প্ৰকল্পৰ মহিলা বিজ্ঞানীৰ আনন্দ প্ৰকাশৰ সময়ৰ ফটো নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Missing Context