প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০ জুন,২০২৩ত আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নিউয়ৰ্কত উপস্থিত হয়। ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব লয় মোদীয়ে। তাৰ পাছত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৱাশ্বিংটনত।

এই প্ৰেক্ষাপটতে,মোদী বিৰোধী কিছুমান পোষ্টাৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু শেহতীয়াকৈ মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতে সেইবোৰ মোদী বিৰোধী প্ৰতিবাদৰ বুলি দাবী কৰি শ্বেয়াৰ কৰিছে কিছুমান ব্যৱহাৰকাৰীয়ে।

তেনেকুৱা এটা টুইট আমাৰ চকুত পৰিছে। কুৰুকুৰু খা নামৰ হেণ্ডেলটোৰ পৰা কৰা টুইটটোত Mr. Modi “We don’t let you forget,” আদি লিখা পোষ্টাৰৰ ফটোৰে দাবী কৰা হৈছে যে এই প্ৰতিবাদ মোদীৰ অতি শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত একাংশ মোদীবিৰোধীয়ে কৰিছে।

Archived Link

আনকি ফেচবুকতো কিছুমানে একেধৰণৰ দাবী কৰি পোষ্ট কৰা আমাৰ দৃষ্টিগোচৰ হয়।

কিন্তু মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত এনেকুৱা প্ৰতিবাদ সঁচাকৈয়ে হৈছেনে ? দাবীটো সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধান আৰম্ভ হৈছিল ফটোখন ভালকৈ কৰা পৰীক্ষাৰে। আমি ফটোখন ভালদৰে পৰীক্ষা কৰি তাত ০২-০৫-২০২২ তাৰিখৰ ষ্টাম্প এটা দেখা পালোঁ। আমি অনুমান কৰিলোঁ যে সেইখন এখন পুৰণি ফটো, যিখন শেহতীয়াকৈ প্ৰকাশ কৰা হৈছে। গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোঁতে ২০২২ চনৰ ৩ মে’ত শ্বেয়াৰ কৰা এটা পুৰণি টুইট আমি পালোঁ, য’ত বাৰ্লিনত মোদীৰ বিৰুদ্ধে প্ৰতিবাদ দেখুওৱা চাৰিখন ফটো আছিল। এই ভাইৰেল ফটোখনো সেই চাৰিখন ফটোৰ ভিতৰতে অন্তৰ্ভুক্ত আছিল।

এই কথাটোকে মনত ৰাখি আমি আৰু অধিক বিচাৰিলোঁ আৰু ২০২২ চনৰ ৪ মে’ত প্ৰকাশিত ছিছাট ডেইলীৰ এটা প্ৰবন্ধ পালোঁ য’ত লিখা আছিল “ভাৰতত মানৱ অধিকাৰ উলংঘাৰ বাবে বাৰ্লিনত প্ৰতিবাদৰ সন্মুখীন হৈছে পিএম মোদী”। প্ৰতিবেদন অনুসৰি “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্লিন ভ্ৰমণক জাৰ্মানীৰ ৰাজধানী চহৰ বাৰ্লিনত প্ৰতিবাদেৰে আদৰণি জনোৱা হৈছিল। প্ৰতিবাদকাৰীয়ে “মোদী ডাউন ডাউন” শ্লোগান দিয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মান নেচনেল গাৰ্ডৰ দ্বাৰা গাৰ্ড অৱ অনাৰ লাভ কৰা বুলি উল্লেখ কৰা হৈছে লেখাটোত।

সেই লেখাটো আপোনালোকে ইয়াত পঢ়ক।

আৰু অধিক অনুসন্ধানত আমি ইনষ্টাগ্ৰামত নিউজক্ৰেডে ২০২২ চনৰ ৩ মে’ত আপলোড কৰা এটা ভিডিঅ’ পাইছিলোঁ, য’ত লিখা আছিল “Amnesty International, Other Human Rights Groups Protest Against Modi In Berlin.”।

https://www.instagram.com/p/CdGFKFhPLya

ক্লেৰিয়ন ইণ্ডিয়াৰ মতে “ইউৰোপীয় দেশসমূহলৈ তিনিদিনীয়া ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদায়ে মানৱ অধিকাৰ ৰক্ষাকাৰীসকলক কাৰাগাৰত বন্দী কৰি ৰখা আৰু ভাৰতত সংখ্যালঘুৰ বিৰুদ্ধে কৰা হিংসাৰ বাবে প্ৰতিবাদৰ সন্মুখীন হৈছে। সোমবাৰে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীগাৰকীয়ে জাৰ্মানীত জাৰ্মান নেচনেল গাৰ্ডৰ দ্বাৰা গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰি আছিল, তেতিয়া প্ৰতিবাদকাৰীয়ে ‘মোদী ডাউন ডাউন’ শ্লোগান চিঞৰিছিল।

আমি এটা টুইটৰ লগতে এটা ভিডিঅ’ও পাইছিলোঁ য’ত লিখা হৈছিল- “মোদীয়ে তেওঁৰ চকুৰ আগতে ভাৰতত ঘটি থকা মানৱ অধিকাৰ উলংঘাৰ বাবে বাৰ্লিনত প্ৰতিবাদৰ সন্মুখীন হৈছে। ভাৰতীয় সংবাদ মাধ্যমে এজাক প্ৰবাসী ভাৰতীয়ই মোদী মোদী ধ্বনি দিয়া দেখুওৱা দৃশ্যত ভোল নাযাব। তেওঁ য’তেই যায় তাতেই প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।”

এই সকলোবোৰ প্ৰমাণৰ পৰা স্পষ্ট যে বাৰ্লিনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পুৰণি ফটোবোৰ আমেৰিকাত শেহতীয়াকৈ হোৱা প্ৰতিবাদ বুলি শ্বেয়াৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ফটোখনৰ জৰিয়তে কৰা দাবীটো মিছা। মোদী বিৰোধী প্লেকাৰ্ড থকা ভাইৰেল ফটোখনত ২০২২ চনৰ মে’ মাহত বাৰ্লিনত এম্নেষ্টী ইণ্টাৰনেশ্যনেল আৰু অন্যান্য মানৱ অধিকাৰ গোটৰ দ্বাৰা মোদীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে। শেহতীয়াকৈ তেওঁৰ আমেৰিকা ভ্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিক ভ্ৰমণৰ সময়ত ব্যাপক প্ৰতিবাদ হৈছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: False