
শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ বাৰুকৈয়ে চৰ্চিত হৈছে। যোৱা ৮ এপ্ৰিলত এই বছৰটোৰ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সংঘটিত হৈছিল। সেই দৃশ্য দক্ষিণ আমেৰিকা, মেক্সিকো, কানাডা আদিৰ পৰা খালি চকুৰেও দেখা পোৱা গৈছিল। তাৰ পাছতেই অসমৰ ফেচবুকতো সূৰ্যগ্ৰহণৰ দৃশ্য বুলি কিছুমান দৃশ্য প্ৰচাৰ হোৱা দেখা গৈছে। তাৰে ভিতৰত এটা দৃশ্য অসমৰ এটা ফেচবুক পেজে আপলোড কৰি দাবী কৰিছিল যে সেয়া বিমানৰ পৰা কেমেৰাত বন্দী কৰা সূৰ্যগ্ৰহণৰ দৃশ্য। কেপছনত লিখিছে-বিমানৰ পৰা সূৰ্যগ্ৰহণ দৃশ্য কেমেৰাত আৱদ্ধ

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোক বিশেষ ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Sixpenceee নামৰ ৱেবছাইটটো ২০১৬ চনতে সেই ভিডিঅ’টো আপলোড কৰি থোৱা ৰূপত পালোঁ। তাত লিখা হৈছিল- This gif shows a solar eclipse as viewed from a plane. I thought this was beautiful.

একেটা ভিডিঅ’ আমি Imgur নামৰ ৱেবছাইটটোত ২০১৮ চনতেই আপলোড হৈ থকা ৰূপত পালোঁ। তাত লিখা আছিল –This gif shows a solar eclipse as viewed from a plane. I thought this was beautiful.

তদুপৰি Makeagif নামৰ ৱেবছাইটটোত সেই ভিডিঅ’টো ২০১৫ চনতেই অৰ্থাত আজিৰ পৰা ৯ বছৰ পূৰ্বেই আপলোড কৰি থোৱা ৰূপত আমি পালোঁ। তাত লিখা আছিল- Total Solar Eclipse 20.03.2015 from plane

অধিক অনুসন্ধানত আমি এক্সত ২০২৩ চনৰ অক্টোবৰত কৰা এটা টুইট পালোঁ। Massimo নামৰ হেণ্ডেলটোৰ পৰা কৰা টুইটটোত লিখা হৈছিল-In case you have ever wondered, this is what a total solar eclipse look like from an airplane.
তাত সেই ভিডিঅ’টো Sylvain Chapelandৰ সৌজন্যত দিয়া বুলি লিখা হৈছিল। আমি সেই সূত্ৰ ধৰি সন্ধান কৰোতে Sylvain Chapelandৰ ইনষ্টাগ্ৰাম একাউণ্টটো পালোঁ।

তাত আমি তেওঁৰ www.astrosurf.com/chapeland নামৰ ৱেবছাইটটো পালোঁ। সেই ৱেবছাইটটোত আমি Eclipse totale de soleil শীৰ্ষক লেখাটোত ভাইৰেল হোৱা সেই ভিডিঅ’টোৰ পূৰ্ণাংগ সংস্কৰণটো দেখিলোঁ। যিটো তাত ২০১৫ চনৰ ২০ মাৰ্চত লিখা হৈছিল। সেই লেখাটোত সংলগ্ন কৰা ইউটিউৱ ভিডিঅ’টো আপোনালোকে তলত চাব পাৰিব।
এই সমস্ত তথ্য প্ৰমানৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুকত বহুল প্ৰচাৰ হোৱা সেই ভিডিঅ’টো সৌ সিদিনা অৰ্থাত ৮ এপ্ৰিল ২০২৪ৰ সূৰ্যগ্ৰহণৰ নহয়। এয়া ২০১৫ চনতেই এগৰাকী ব্যক্তিয়ে বিমানৰ পৰা কেমেৰাত বন্দী কৰা সেই সময়ৰ সূৰ্যগ্ৰহণৰ এক দীঘলীয়া ভিডিঅ’ৰ কিয়দংশহে মাথোঁ। ইয়াৰ পৰাই প্ৰমানিত হয় যে দাবীটো মিছা।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সংগতিহীন । ভাইৰেল হোৱা সেই ভিডিঅ’টো ২০১৫ চনতে হোৱা এক সূৰ্যগ্ৰহণৰ সময়ত এগৰাকী ব্যক্তিয়ে বিমানৰ পৰা কেমেৰাত বন্দী কৰা এক দীঘলীয়া ভিডিঅ’ৰ কিয়দংশ হে মাথোঁ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৫ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্যকে শেহতীয়া ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ বুলি প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Missing Context
