
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ হাইফাত থকা ৰিফাইনেৰীত শেহতীয়াকৈ ইৰাণে আক্ৰমণ কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– হাইফাত থকা ইজৰাইলৰ ৰিফাইনেৰীত ইৰানৰ আ*ক্ৰ*মন…… কলা ধোঁৱাই ছানি ধৰিছে সমগ্ৰ অঞ্চল

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Takhleeq Times ৰ ফেচবুক পেজত যোৱা ২৯ মাৰ্চ ২০২৬ত সেই দৃশ্যটোৰ এটা স্ক্ৰীণশ্বট আপলোড কৰি কেপছনত A fire broke out at a factory in Neot Hovav, Israel, following Iranian missile attacks বুলি লিখা দেখিলোঁ। তাৰ পৰা আমি অনুমান কৰিলোঁ যে এই ঘটনাটো উল্লিখিত সময়তকৈ পুৰণি আৰু ঘটনাৰ স্থান ভিন্ন।
আনহাতে lobal TV Online ত ২৯ মাৰ্চ ২০২৬ত পৰিবেশন কৰা এটা ভিডিঅ’ বাতৰি পালোঁ। তাত ইজৰাইলৰ বীৰচিবাৰ সমীপৰ নিওত হোভাভত থকা ঔদ্যোগিক অঞ্চলত ইৰাণৰ বেলিষ্টিক মিছাইলৰ আক্ৰমণৰ পাছত জুই আৰু ধোঁৱাই অঞ্চলটো আগুৰি ধৰা বুলি উল্লেখ কৰা হৈছে। ভিডিঅ’টোৰ ২২ চেকেণ্ডৰ পৰা আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যাংশ দেখা পোৱা যায়।

আমি firstpost ৰ ইনষ্টাগ্ৰাম একউণ্টত এই ঘটনাটোৰ বাতৰিটো লাভ কৰিলোঁ। তাতো উল্লেখ কৰা হৈছে যে এয়া বীৰচিবাত নিওত হোভাভৰ ৰাসায়নিক সামগ্ৰী উত্পাদন অঞ্চলত এই ঘটনা ঘটা বুলি উল্লেখ কৰা হৈছে। তাতো আমি সেই দৃশ্যটোৰ বিস্তাৰিত ৰূপ দেখিলোঁ।

তদুপৰি khutbatimesৰ ইনষ্টাগ্ৰাম একাউণ্টতো এয়া নিওত হোভাভত থকা ঔদ্যোগিক অঞ্চলত হোৱা অগ্নিকাণ্ডৰ দৃশ্য বুলি কোৱা হৈছে।

৩০ মাৰ্চ ২০২৬ত প্ৰকাশিত ডেইলী টাইমৰ Iranian missile hits Israel, sparks chemical leak fears শীৰ্ষক বাতৰিত দৃশ্যটোৰ খণ্ডচিত্ৰ আমি দেখিলোঁ। বাতৰিটোৰ আৰম্ভনী স্তৱকতে লিখা হৈছে- An Iranian missile strike targeted the Neot Hovav industrial zone near Beersheba, Israel on Thursday, resulting in a fire and a suspected hazardous materials leak at a factory.

টাইমছ অৱ ইজৰাইলৰ ২৯ মাৰ্চ ২০২৬ৰ Officials checking possibility of hazardous materials leak at factory hit by Iranian missile; public told to stay away শীৰ্ষক বাতৰিতো আমি সেই দৃশ্যটোৰ স্ক্ৰীণশ্বট দেখিলোঁ।

আমি তথ্য সংগ্ৰহ কৰি জানিব পাৰিলোঁ যে ইজৰাইলৰ হাইফা আৰু বীৰচিবাৰ নিওত হোভাভ দুটা বিপৰীত দিশৰ ভিন্ন অঞ্চল। দুয়োটা অঞ্চলৰ মাজত প্ৰায় ২৯০ কিলোমিটাৰ দূৰত্ব।
ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো দৃশ্যাংশ ইজৰইলৰ হাইফাত থকা ৰিফাইনেৰীত ইৰাণ শেহতীয়া আক্ৰমণ বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে বীৰচিবাৰ সমীপত নিওত হোভাভৰ ৰাসায়নিক ঔদ্যোগিক অঞ্চলৰ এক পুৰণি হে দৃশ্য।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


