শেহতীয়াভাৱে এখন ফটো অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। নিশাৰ অৰণ্যত বিচৰণ কৰি থকা এটা বাঘৰ ফটোখন ভাইৰেল কৰি দাবী কৰা হৈছে যে সেইখন বৰপেটা জিলাৰ পাটবাউসীত ওলোৱা বাঘৰ ফটো। বহুতে সেইখন নিজৰ হোৱাটছএপ ষ্টেটাছতো লগোৱা আমাৰ নজৰত পৰিছে।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে? বৰপেটাত সঁচাকৈয়ে বাঘ ওলাইছিল নেকি?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ আৰু ফটোখন বিভিন্ন লেখাৰ সৈতে সংপৃক্ত হৈ থকা তথ্য লাভ কৰিলোঁ।

পৰ্যায়ক্ৰমে সেই লিংকসমুহ খুলি চাই দেখিলোঁ যে ফটোখন আচলতে পুৰণি।

প্ৰথমে আমি ২০০৮ চনতে WWFৰ ৱেবচাইটত প্ৰকাশিত এটা লেখা পালোঁ। তাত সেই সময়ত কম্বোডিয়াৰ শুষ্ক বনাঞ্চলৰ বিষয়ে লিখা প্ৰৱন্ধটোত সেই ফটোখন দেখা পালোঁ। তাত উল্লেখ কৰা অনুসৰি ২০০৭ চনত সেই বাঘটোৰ ফটো তোলা হৈছিল।

ইয়াৰ পাছত আমি The Phnom Penh Postত ২০১৭ চনতে লিখা প্ৰৱন্ধ এটা পালোঁ। তাত কম্বোডিয়াত বাঘৰ অভাৱনীয় অভাৱৰ হেতু ভাৰতৰ পৰা বাঘ নি পুনৰ সংস্থাপন কৰা সন্দৰ্ভত লিখা লেখাটোত সেই একেখন ফটো ব্যৱহাৰ কৰা দেখিলোঁ। ফটোখনৰ তলত লিখা হৈছিল-An Indochinese tiger in Mondulkiri province in 2007. This is the most recent picture taken of a tiger in Cambodia. WWF Cambodia। অৰ্থাত সেই বাঘটো মন্দুলকিৰি প্ৰদেশত ২০০৭চনত দেখা গৈছিল আৰু সেয়া আছিল কম্বোডিয়াত দেখা পোৱা একেবাৰে শেহতীয়া ইণ্ডোচাইনিজ বাঘটোৰ ফটো।

তাৰ পাছত আমি KHMER TIMESত ২০২২ চনত প্ৰকাশিত এটা প্ৰৱন্ধ বিচাৰি পালোঁ। সেইটোত ভাৰতৰ পৰা বাঘ আমদানি কৰা সন্দৰ্ভত লিখা তথ্যৰ সৈতে সেই একেখন ফটো ব্যৱহাৰ কৰা হৈছে। তাতো ফটোখনৰ তলত লিখা হৈছে- The last tiger seen in 2007 in the Srepok Wildlife Sanctuary in Mondulkiri province. WWF Cambodia। অৰ্থাত মন্দুলকিৰি প্ৰদেশত থকা শ্ৰেপক বনাঞ্চলত ২০০৭ চনত শেষ বাৰৰ বাবে দেখা দিয়া বাঘটো বুলি উল্লেখ কৰা হৈছে।

কেৱল ইমানেই নহয়। আমি আমাৰ প্ৰথম ছাৰ্চতে পোৱা লিংকবোৰৰ এটাত কম্বোডিয়াৰ বনাঞ্চল, বন্যপ্ৰানী আদি সন্দৰ্ভত বহুকেইজনে মিলি প্ৰস্তুত কৰা THE SERENGETI OF ASIA: CONSERVATION IN TWO MAJOR PROTECTED AREAS OF THE EASTERN PLAINS LANDSCAPE PROTECTED AREA COMPLEX, CAMBODIA নামৰ এক গৱেষণা পত্ৰও লাভ কৰিলোঁ। তাতো সেই বাঘটো মন্দুলকিৰিত দেখা শেষ বাঘটো বুলি উল্লেখ কৰি ফটোখন লগাই তথ্য লিখা হৈছে।

সদৌ শেষত আমি বৰপেটা নিবাসী তথা PTIৰ সাংবাদিক Hillol Jyoti Talukdar ৰ এটা ফেচবুক পোষ্টৰ আঁত ধৰি তেখেতৰ সৈতে কথা পাতিলোঁ। তেখেতেও আমাক স্পষ্ট কৰি দিলে যে বৰপেটাত ওলোৱা বাঘৰ ফটো সেইখন নহয়। তেখেতেও নিজৰ পোষ্টটোত সেই ফটোখন পুৰণি ফটো বুলিয়ে উল্লেখ কৰিছিল।

এই সকলোবোৰ তথ্য়ই স্পষ্টভাৱে প্ৰমান কৰিলে যে সেই ফটোখন ২০০৭ চনত কম্বোডিয়াৰ মন্দুলকিৰি প্ৰদেশৰ শ্ৰেপাক বনাঞ্চলত শেষ বাৰৰ বাবে দেখা দিয়া ইণ্ডেচাইনিজ বাঘ এটাৰ ফটোহে। সেই ফটোখনকে অসমৰ বৰপেটাৰ পাটবাউসীত ওলোৱা বাঘ বুলি কোনোবাই হোৱাটছএপ শ্বেয়াৰ কৰিছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। বাঘৰ সেই ফটোখন ২০০৭ চনত কম্বোডিয়াৰ মন্দুলকিৰি প্ৰদেশৰ শ্ৰেপাক বনাঞ্চলত শেষ বাৰৰ বাবে দেখা দিয়া ইণ্ডেচাইনিজ বাঘ এটাৰ ফটোহে। বৰপেটাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কম্বোডিয়াৰ বাঘৰ পুৰণি ফটো বৰপেটাৰ পাটবাউসীত ওলোৱা বাঘৰ বুলি ভাইৰেল।

Written By: Pranjal Sharma

Result: False