অতি শেহতীয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মছজিদত নামাজ পঢ়ি থকাৰ সময়তে এক বিস্ফোৰণ হয়। ভিডিঅ’টোত দাবী কৰা হৈছে যে পেলেষ্টাইনৰ এই মছজিদটো বৰ্তমানৰ যুদ্ধৰ সময়ত ইজৰাইলীসকলে ধ্বংস কৰিছে ।

Archived Link

হোৱাটছএপত ভাইৰেল হোৱা ভিডিঅ’টোক লিখি দিয়া হৈছে -আল্লাৰ নাম লৈ থাকোতেই প্ৰাণ গ’ল পেলেষ্টাইনত।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ তাৰ এটা ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি, সেইটো উৱাইছ কোৰানী মছজিদৰ ছবি যিটো তুৰস্কৰ সমৰ্থনক সন্ত্ৰাসবাদীয়ে ধ্বংস কৰিছিল।

ইউটিউবত প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰোঁতে আমি ২০১৪ চনৰ ৮ জুনত এটা চেনেলত আপলোড কৰা একেটা ভিডিঅ’ পালোঁ। প্ৰদত্ত তথ্য অনুসৰি এইটো হৈছে ওৱেইছ আল-কুৰানী মছজিদ যিটো আইছিছে ধ্বংস কৰিছিল।

আমি গুগল মেপৰ সহায়ত সেই মছজিদৰ স্থানো নিৰ্ণয় কৰিলোঁ। আমি গম পালোঁ যে ওৱেইছ আল-কুৰানী ছিৰিয়াত অৱস্থিত। তলত স্থান চাব পাৰিব।

সেই সময়ত ইছলামিক ষ্টেটৰ উগ্ৰপন্থীয়ে ইৰাক আৰু ছিৰিয়াৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানসমূহ ভাঙি পেলোৱা বা ধ্বংস কৰা দেখা গৈছিল। মিণ্টে এই বিষয়ত ইউটিউব ভিডিঅ’ও প্ৰস্তুত কৰিছে য’ত ভাইৰেল ভিডিঅ’টোও আছে। অধিক তথ্যৰ বাবে লিংক চাওক।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো সংগতিহীন। এই ভিডিঅ'টো ছিৰিয়াৰ পৰা এটা পুৰণি ভিডিঅ' য'ত ২০১৪ চনত আইছিছে ওৱেইছ আল-কুৰানী মছজিদ ধ্বংস কৰা দেখা গৈছে। ভিডিঅ'টোৰ ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আইছিছে ছিৰিয়াত ধ্বংস কৰা মছজিদৰ ভিডিঅ’ পেলেষ্টাইনত ইজৰাইলে কৰা আক্ৰমণ বুলি ভাইৰেল।

Written By: Pranjal Sharma

Result: Missing Context