শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰা দেখা গৈছে। দেশৰ আগশাৰীৰ শ্ৰদ্ধেয় উদ্যোগপতি ৰতন টাটাই ভাৰতীয় সেনাৰ কাৰণে বোমা প্ৰতিৰোধী বাছ প্ৰস্তুত কৰি ভাৰতীয় সেনাক বুলেট প্ৰুফ সুৰক্ষাৰ এক ব্যৱস্থা কৰি দিয়া বুলি দাবী কৰি এখন বাছৰ ফটোৰে সৈতে সেই পোষ্টটো কৰা দেখা গৈছে।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈয়ো এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি সেই কথাৰ সত্যতা জানিব বিচাৰিছিল।

আমি সেই এক্স পোষ্টটো বিচাৰি উলিয়াবলৈ সক্ষম হ’লোঁ।

তদুপৰি অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুকতো কিছুদিন পূৰ্বে সেই ফটোখন আপলোড কৰি একেটা দাবী কৰা পোষ্ট এটা আমি বিচাৰি উলিয়ালোঁ। তাত লিখা হৈছে- ইতিমধ্যে ৰতন টাটা'ই ভাৰতীয় সেনাবাহিনীক বুলেট প্রুফ আৰু বম প্ৰুফ বাছ প্ৰদান কৰে,

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখিলোঁ যে ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) টুইটাৰ হেণ্ডেলেও একেখন ফটোকে শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল ‘’#makeinindiaৰ অধীনত নিৰ্মান কৰা আৰ্মৰাড বাছ ,ভাবা কৱছ আৰু লঘু ওজনৰ বি পি জেকেট আজি মিধনীয়ে চিআৰপিএফৰ ডিজিক হস্তান্তৰ কৰে’’।

অধিক অনুসন্ধানত আমি দেখিলোঁ যে একেখন ফটো ৯ ছেপ্টেম্বৰ, ২০১৭ত “ইণ্ডিয়ান ডিফেন্স ৰিচাৰ্চ এডভান্সমেণ্টছ” নামৰ এটা ফেচবুক পেজেও শ্বেয়াৰ কৰিছিল।

এৰ’ডাইনেমিক্সৰ টুইটাৰ হেণ্ডেলেও একেধৰণৰ ফটো শ্বেয়াৰ কৰি কেপচন দিছে ‘হায়দৰাবাদস্থিত মিধানীয়ে ডেফএক্সপ’২০২০ত বিদ্ৰোহ বিৰোধী অভিযানত সৈন্যৰ গতিবিধিৰ বাবে নিজৰ লাইট বুলেট প্ৰুফ বাহন (এলবিপিভি) আৰু মিডিয়াম বুলেট প্ৰুফ বাহন (এমবিপিভি) প্ৰদৰ্শন কৰিব। এলবিপিভি বাছে ৭.৬২ x ৩৯মিটাৰৰ পৰা এমএছচিৰ পৰা সম্পূৰ্ণ সুৰক্ষা দিয়ে।’

একেই খবৰ ২০১৭ চনৰ ৩ মাৰ্চত দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছেও প্ৰকাশ কৰি লিখিছিল যে চি আৰ পি এফে সৈন্যৰ বাবে বুলেট প্ৰুফ বাছ লাভ কৰিব। এনডিটিভিয়েও সেই একেই ঘোষণা সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ফটোখনত দেখা গৈছে ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত MIDHANI (Mishra Dhatu Nigam Limited) য়ে CRPF (Central Reserve Police Force)ক প্ৰদান কৰা এখন বুলেটপ্ৰুফ বাছ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰতন টাটাই ভাৰতীয় সেনাক বুলেট প্ৰুফ বাছ প্ৰদান কৰা দাবীটো মিছা।

Written By: Pranjal Sharma

Result: False