শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন নেশ্বনেল ডেমক্ৰেটিক এলায়েঞ্চে চৰকাৰ গঠন কৰিব পৰাকৈ জনাদেশ লাভ কৰি নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা দৃশ্যটো কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিজৰ গাড়ীত সংলগ্ন টিভিত চাই আছে। সেই ভিডিঅ’টো আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770 লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- নিজৰ গাড়ীতে এইদৰে মোডীৰ শপতগ্ৰহণ উপভোগ কৰিছিল ৰাহুল গান্ধীয়ে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXcIZfxeK6mWOuz3mBuwSrGBBcDNWovBSIcjp5POW2fxrP81ZRmoh9GsD4cdj9g4MGZVd3Hm2___PYvM13XjB2QDyXEU61Pv0WsvL3rcJUJYc80vYdBT6bAiQUCW6ytOz4yDNsYm_efDCz2cO__5wc7haUaN?key=7XAh0C8-U6Upou9BHDrJZQ

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি এই ভিডিঅ'টোৰ পৰা কিছুমান কী-ফ্ৰেম লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ আৰু তাৰ ফলত ৰাহুল গান্ধীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত একেধৰণৰ ভিডিঅ’ দেখা পালোঁ। সেই ভিডিঅ’টো ১৭ এপ্ৰিল, ২০২৪ত আপলোড কৰা হৈছিল। কেপছনত লিখা হৈছিল “भारत की सोच में, भारत की खोज में!! ( “ভাৰতৰ চিন্তাত, ভাৰতৰ সন্ধানত!) ।ইয়াত ভাইৰেল ভিডিঅ’টোৰ দৰেই ৰাহুল গান্ধীৰ গাড়ীত টিভিৰ পৰ্দাত কোনো ভিডিঅ’ ক্লিপ দেখা পোৱা নগ’ল।

Please Link Instagram

এই ভিডিঅ'টো ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আগৰ। দুয়োটা ছবিৰ তুলনা তলত চাব পাৰিব।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfHcxXYiQ2c_t2AulweZn16Jyer7UXk2sPWUsDAx6-o9ozl27CW44iHqA4hKUeoBoSyMO601b9vgA1AGtd1OlTCYwJJadgf0z0TVrgc1IwZyYuQSeLRgwSzlNV9g7wA9pCmO2pAkShtqPewAED2t9Ds3-M?key=7XAh0C8-U6Upou9BHDrJZQ

অধিক সন্ধান কৰাৰ পাছত আমি দেখিলোঁ যে ৰাহুল গান্ধীৰ সন্মুখত থকা স্ক্ৰীনখনত দেখুওৱা প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণৰ দৃশ্যাংশ ২০১৯ চনৰ শপত গ্ৰহণ অনুষ্ঠানৰ ভিডিঅ’ৰ ২২ ছেকেণ্ডত মোদীক শপত গ্ৰহণ কৰি থকা সময়ত দেখা একে ভংগীমাৰ। এই সময়ছোৱাত নৰেন্দ্ৰ মোদীয়ে শপত লোৱাৰ শব্দও শুনা যায়। সেইটোকে ভাইৰেল ভিডিঅ’টোত সংযোজন কৰা হৈছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdxASGHNqpakwosgoNpzivyh8d_XOQ665IzE4KzOFhu3bxIIbd6M1fjkybdior-NXEJVL9cQzRPz1tJjT3tAXBwqojzGbfOD8k-RI-bFx-bPpn5-NmTVYxAU8_i_2z11EmIf5OQQdBhvj2Iep_yq6Pwx8Sc?key=7XAh0C8-U6Upou9BHDrJZQ

২০১৯ চনৰ শপতগ্ৰহণ অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে পাতল বাদামী ৰঙৰ জেকেট পিন্ধি থকা দেখা গৈছিল, আনহাতে ২০২৪ চনৰ ৯ জুনত অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁ নীলা ৰঙৰ জেকেট পিন্ধিছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdNa4-FXbdNvg_Y4PBsjrxs_MgzZIbB285_zy--MWSwTEQMXOiC0PHUSEv-M7mszgVhi_BnB-H3TY4yRm05z6o_4Bu3T-aKHfqWvHW0q71uS_hxb9krH8VFxTGQtXgHB0STEPJdyPF6CjQB2n1oRoyWoyxa?key=7XAh0C8-U6Upou9BHDrJZQ

ইয়াৰ পৰা প্ৰমানিত হয় যে ৰাহুল গান্ধীয়ে নিজৰ গাড়ীত মোদীৰ শপতগ্ৰহণ চাই থকা বুলি কৰা দাবীটো সত্য নহয়। ভিডিঅ’টো সম্পাদিত।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো সত্য নহয়। ৰাহুল গান্ধীয়ে নিজৰ গাড়ীত মোদীৰ শপতগ্ৰহণ চাই থকা বুলি কৰা দাবীটো সত্য নহয়। ভিডিঅ’টো সম্পাদিত

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাহুল গান্ধীয়ে নিজৰ গাড়ীৰ টিভিত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা চাই থকা নাছিল। ভিডিঅ’টো সম্পাদিত।

Fact Check By: Pranjal Sharma

Result: Altered