দেশত চলি থকা কৃষক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন মিছা খবৰ, তথ্য বিয়পি পৰিছে। তেনেকুৱা সময়তেই আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ লিংক প্ৰেৰণ কৰি সেই ভিডিঅ’টোৰ সত্যতা জানিব বিচাৰিছিল।

আমি লিংকটো খুলি চালোঁ

ভিডিঅ’টোত দেখা গৈছে যে প্ৰতিবাদী ৰূপত কেইজনমান শিখ ব্যক্তিয়ে ভাৰতীয় পতাকাত জুই জ্বলাই দিছে। বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লোগান দিছে। ভিডিঅ’ঠোৰ ওপৰত লিখা হিন্দী কথাখিনিৰ অৰ্থ এনেকুৱা যে -কৃষকৰ দাবী পূৰণ কৰা অথবা খালিস্তান নিৰ্মান কৰা। ভিডিঅ’টো প্ৰচৰা কৰাসকলে দাবী কৰিছে যে এইসকল প্ৰতিবাদকাৰী হৈছে চলি থকা কৃষক আন্দোনলত অংশ লোৱা কৃষক।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো ভালদৰে পৰ্যবেক্ষণ কৰিলোঁ। তাত আমি হঠাতে শিৱৰ ছবিখনৰ কাষতে ‘ভেংকুবাৰ’ শব্দটো দেখি ৰৈ গ’লোঁ

আমি সকলোৱেই জানো যে কানাডাৰ এখন চহৰৰ নাম ‘ভেংকুবাৰ’। তদুপৰি কানাডাত শিখ লোকৰ সংখ্যা বহুত বেছি বুলিও আমি জানো। এই ইংগিতকে লৈ আমি আমাৰ অনুসন্ধান আগুৱাই নি কিছু প্ৰাসংগিক কী-ৱৰ্ড ব্যৱহাৰ কৰি বিচাৰ খোচাৰ কৰি চালোঁ। তাৰ ফলত আমি কানাডাৰ গ্ল’বেল নিউজৰ অফিচিয়েল ইউটিউব চেনেলটোত একেটা ভিডিঅ’ৰ বৰ্ধিত সংস্কৰণটো পালোঁ। যাৰ শিৰোনাম আছিল: Sikh protesters burn Indian flag outside consulates in Canada over Nijjar murder (“নিজ্জৰ হত্যাকাণ্ডক লৈ কানাডাৰ কনছুলেটৰ বাহিৰত শিখ প্ৰতিবাদকাৰীয়ে ভাৰতীয় পতাকা জ্বলায়”) ২৬চেপ্টেম্বৰ ২০২৩ত আপলোড হোৱা এই বাতৰি অনুসৰি, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে শিখ বিচ্ছিন্নতাবাদী নেতাৰ হত্যাকাণ্ডত নতুন দিল্লী জড়িত হোৱাৰ সম্ভাৱনা উত্থাপন কৰাৰ পিছত ২০২৩ চনৰ ২৫ ছেপ্টেম্বৰত কানাডাৰ ভেংকুৱাৰত থকা ভাৰতীয় কনছুলেটৰ বাহিৰত শিখ প্ৰতিবাদকাৰীসকলে এই ৰূপ ধাৰণ কৰে।

এই প্ৰতিবাদ সন্দৰ্ভত আৰু অধিক বাতৰি পাওঁ নেকি, সন্ধান কৰোঁতে আমি একাধিক প্ৰতিস্থিত সংবাদ প্ৰতিস্থানে সেই বাতৰি প্ৰকাশ কৰা দেখিলোঁ। ২০২৩ৰ ২৬ চেপ্টেম্বৰত হিন্দুস্তান টাইমছে লিখিছিল- Khalistan Goons Burn Tricolour In Toronto; Emboldened By Trudeau's Support Over Nijjar Killing

তদুপৰি চিএনবিটি টিভি১৮এ লিখিছিল -Canadian Sikhs burn Indian flag in protest against Modi government over Nijjar murder

ভেকুবাৰৰ ইণ্ডিয়ান কনছুলেটৰ সমুখত হোৱা সেই প্ৰতিবাদৰ বিষয়ে ইকনমিক টাইমছেও বাতৰি প্ৰকাশ কৰি লিখিছে- India-Canada Row: Khalistan supporters hold protest outside Indian Consulate in Vancouver

এইসমুহ তথ্যৰ পৰা স্পষ্ট হৈ পৰে যে ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ভিডিঅ’টোৰ অংশটো ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত কানাডাৰ ভেংকুবাৰত শিখসকলে ভাৰত বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা ভিডিঅ’ৰ কিয়দংশ হে। ই বৰ্তমানৰ কৃষক প্ৰতিবাদৰ ভিডিঅ’ নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভিডিঅ’টো ২০২৩ চনৰ ছেপ্টেম্বৰত কানাডাৰ ভেংকুবাৰত শিখসকলে ভাৰত বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা ভিডিঅ’ৰ কিয়দংশ হে। ই বৰ্তমানৰ কৃষক প্ৰতিবাদৰ ভিডিঅ’ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ চনৰ কানাডাৰ ভিডিঅ’ বৰ্তমানৰ কৃষক প্ৰতিবাদ বুলি ভাইৰেল।

Fact Check By: Pranjal Sharma

Result: False