শেহতীয়াভাৱে চাৰিদিন পূৰ্বে উত্তৰাখণ্ডৰ হালদ্বানীৰ বনভুলপুৰাত হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগত প্ৰশাসনে গ্ৰেপ্তাৰ অভিযান চলায়। ৮ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ ফালে এখন মাদ্ৰাছা ভাঙি পেলোৱাৰ পাছত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে। কিন্তু ইফালে এই ঘটনা সন্দৰ্ভত সাম্প্ৰদায়িক দাবীৰে ভুৱা আৰু বিভ্ৰান্তিকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এক জনবসতিপূৰ্ণ অঞ্চলত একাংশ লোকৰ ওপৰত আৰক্ষীৰ লাঠিচাৰ্জৰ ভিডিঅ’ ভাইৰেল হৈছে। যিটো ভিডিঅ’ অঞ্চলটোত বসবাস কৰা মুছলমানসকলক আৰক্ষীৰ দ্বাৰা লাঠিচালনা কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে।

তেনেকুৱা এটা ভিডিঅ’ আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেয়া হালদ্বানীৰ হয় নে নহয় জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

ভিডিঅ’টোত দেখা গৈছে এক লাঠিচালনাৰ দৃশ্য।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টোৰ পৰা ছবি সংগ্ৰহ কৰি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ জৰিয়তে বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। এই সময়ছোৱাত আমি ডিজিটেল থানে নিউজ নামৰ ফেচবুক একাউণ্টত মাৰাঠী কেপচনৰ সৈতে এটা ভাইৰেল ভিডিঅ’ আপলোড কৰা দেখিলোঁ। কেপচনটো অসমীয়ালৈ অনুবাদ কৰা হ’ল – আৰক্ষীয়ে মুফতীৰ সমৰ্থনত অহা হাজাৰ হাজাৰ সমৰ্থকক লঘুভাৱে লাঠিচালনা কৰিছিল। ইয়াৰ পাছতে মুম্বাইৰ ঘাটকোপাৰ থানাৰ সন্মুখত সংঘাতকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। উত্তেজনামূলক ভাষণ দিয়াৰ অপৰাধত আৰক্ষীয়ে আটক কৰি ৰাখিছিল মুফতি ছলমান আজহাৰীক। য’ত হাজাৰ হাজাৰ মুফতীৰ সমৰ্থকে থানা ঘেৰাও কৰি তেওঁক শীঘ্ৰে মুক্তিৰ দাবী জনায়। ভিডিঅ'টো চোৱাৰ পাছত আমাৰ দৃষ্টি এই কথাটোলৈও আহিল যে এই ভিডিঅ'টো ৫ ফেব্ৰুৱাৰীৰ হোৱাৰ বিপৰীতে হালদ্বানীত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৮ ফেব্ৰুৱাৰীত। ইয়াৰ অৰ্থ এইটোও যে এই ভাইৰেল ভিডিঅ'টো হালদ্বানীৰ একেবাৰেই নহয়।

লাভ কৰা তথ্য অনুসৰি আমি আমাৰ অনুসন্ধানত আগবাঢ়িলোঁ। ইয়াৰ পাছত আমি একাংশ সংবাদ মাধ্যমৰ বাতৰি পাইছিলোঁ। ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এটা ভিডিঅ’ দৈনিক ভাস্কৰৰ ৱেবছাইটত শ্বেয়াৰ কৰা হৈছে। যাৰ লগত লিখা হৈছে যে গুজৰাটত ঘৃণামূলক ভাষণ দিয়া ধৰ্মীয় নেতা মুফতি ছলমান আজহাৰীক মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৩১ জানুৱাৰীত জুনাগড়ত এক অনুষ্ঠানৰ সময়ত উচতনিমূলক ভাষণ দিয়াৰ বাবে হিন্দু সংগঠনে মৌলানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। গুজৰাটৰ এ টি এছে মুম্বাইৰ আদালতত মুফতি ছলমান আজহাৰীৰ জিম্মা বিচাৰিছিল। যিটোত দেওবাৰে সন্ধিয়া আদালতে দুদিনীয়া ট্ৰেনজিট ৰিমাণ্ডত অনুমোদন জনায়। ইয়াৰ পাছত তেওঁক ঘাটকোপাৰ থানালৈ অনা হয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ। য'ত ৰাতি ১ বজাত মৌলানাৰ মুক্তিৰ বাবে হাজাৰ হাজাৰ সমৰ্থকে ঘাটকোপাৰ থানা ঘেৰাও কৰে। ক্ৰমবৰ্ধমান হুলস্থুল দেখি আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় ল’বলগীয়া হ’ল।

এই তথ্যসহ এটা ভিডিঅ’ যোৱা ৫ ফেব্ৰুৱাৰীত এবিপি মাঝা নিউজৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে। ইছলামিক নেতা মুফতি ছলমান আজহাৰীক গ্ৰেপ্তাৰ কৰা বুলিও খবৰ আহিছে। জুনাগড়ৰ বিতৰ্কিত বক্তব্যৰ সন্দৰ্ভত গুজৰাট এ টি এছে ঘাটকোপাৰৰ পৰা মুফতি ছলমানক আটক কৰে।

এই খবৰ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰি। যাৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোত দেখুওৱা আৰক্ষীৰ লাঠিচাৰ্জ হালদ্বাণী হিংসাৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। আচলতে ভিডিঅ'টো মহাৰাষ্ট্ৰৰ ঘাটকোপাৰৰ। যেতিয়া আৰক্ষীয়ে ধৰ্ম প্ৰচাৰক মৌলানা মুফতি ছলমানক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সমৰ্থকক লাঠিচাৰ্জ কৰিছিল, তেতিয়াৰ দৃশ্য হে সেয়া। উত্তৰাখণ্ডৰ হালদ্বানীৰ সৈতে কোনো সম্পৰ্ক নাই এই ঘটনাৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহাৰাষ্ট্ৰৰ ভিডিঅ’কে হালদ্বানীৰ মুছলমানৰ ওপৰত আক্ৰমন বুলি ভাইৰেল কৰা হৈছে।

Written By: Pranjal Sharma

Result: False