
শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বহুবছৰ পুৰণি সাক্ষাৎকাৰৰ কিয়দংশ দেখা গৈছে, য’ত তেওঁ হিন্দুত্ব তেওঁলোকৰ বাবে তাছৰ পাতৰ দৰে বুলি কোৱা শুনা গৈছে। দাবী কৰা হৈছে যে মোদীয়ে এইদৰে হিন্দুত্বক তেওঁলোকৰ এক নিৰ্বাচনী সুবিধা লাভৰ বিষয় হিচাপে অভিহিত কৰিছিল।
আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

আমাৰ অনুসন্ধান আৰম্ভ কৰাৰ পূৰ্বেই আমি বিভিন্ন চ’ছিয়েল মিডিয়াত ভিডিঅ’টো বিচাৰি চালোঁ। তেতিয়া এক্সত(পূৰ্বৰ টুইটাৰ) অনুৰূপ দাবীৰে ভিডিঅ’টো আপলোড কৰা দেখা পালোঁ।
কিন্তু এই দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি আৰম্ভনীতে গুগলত প্ৰাসংগিক কী-ৱৰ্ডৰ সহায়ত কৰা এটা সন্ধানৰ ফলত ২০২২ চনত জি নিউজত আপলোড কৰা একেটা ভিডিঅ’ই দেখা পালোঁ। সেইটো ১৯৯৮ চনতে দিয়া প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰৰ এক ফ্লেছবেক আছিল। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছে যে এইটো নৰেন্দ্ৰ মোডীৰ ২৪ বছৰ পুৰণি সাক্ষাৎকাৰ।
সেই সাক্ষাৎকাৰটোত আমি তেওঁক বিজেপিৰ ৰাজনৈতিক মতাদৰ্শ, ইস্তাহাৰ আদিৰ বিষয়ে প্ৰশ্ন কৰা দেখিবলৈ পাওঁ। মোদীক ৰাজনৈতিক দলৰ মেৰুকৰণ আৰু মিত্ৰতাৰ কথা কোৱাও শুনা যায়। আৰ এছ এছৰ সৈতে বিজেপিৰ সম্পৰ্ক আৰু চৰকাৰ গঠনৰ ক্ষেত্ৰত পিছৰ ভূমিকা সম্পৰ্কেও স্পষ্টীকৰণ দিয়ে তেওঁ।
সেই ভিডিঅ’টোত ১০.৩৫ মিনিটৰ পিছত ভাইৰেল হোৱা ক্লিপটো চাব পাৰি। সাক্ষাৎকাৰ লোৱাজনে নৰেন্দ্ৰ মোদীক সুধিলে, “নৰেন্দ্ৰ মোদী জী, আপোনাৰ দলৰ হিন্দুত্ববাদী শ্লোগান আছিল যাৰ ফলত আপুনি ১৯৮৪ চনত ২ খন আসন লাভ কৰাৰ পৰা ১৯৯৮ চনত চৰকাৰ গঠনৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।কিন্তু এতিয়া এই হিন্দুত্ববাদী শ্লোগানটোও বিফল হৈছে। এতিয়া এই নিৰ্বাচনত দলটোৰ শ্লোগান হৈছে বন্দে মাতৰম আৰু সৰস্বতী বন্দনা। কিন্তু মানুহে বুজি পাইছিল যে এই সকলোবোৰ নিৰ্বাচনৰ সময়ত ভোট লাভ কৰিবলৈ দলে হাতত লোৱা চেন্টিমেণ্টেল ইছ্যু।”
ইয়াৰ উত্তৰত নৰেন্দ্ৰ মোদীয়ে কয়, “নিৰ্বাচনৰ সময়ত হিন্দুত্ব কেতিয়াও বিজেপিৰ শ্লোগান নাছিল। হিন্দুত্ব আমাৰ বাবে বিশ্বাসৰ এক নাম। নিৰ্বাচনৰ সময়ত খেলিবলৈ এয়া কোনো কাৰ্ড নহয়। এইটো কেতিয়াও এটা ইছ্যু হোৱাই নাছিল। বহু চৰকাৰ গঠন হৈছিল যিবোৰ সৰস্বতী বন্দনাৰ পৰা আৰম্ভ হৈছিল কিন্তু এতিয়া ছোনিয়া বন্দনাত লিপ্ত হৈ সৰস্বতী বন্দনাক পাহৰি গৈছে।”
তলত নৰেন্দ্ৰ মোদীৰ জি নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰটো চাব পাৰিব।
ওপৰৰ ভিডিঅ’টোৰ পৰা স্পষ্ট হৈ পৰিছে যে নৰেন্দ্ৰ মোদীয়ে হিন্দুত্ববাদক নিৰ্বাচনৰ সময়ত খেলিবলৈ কাৰ্ড বুলি কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰি সলনি কৰা হৈছে। মূল ভিডিঅ’টোৰ পৰা ‘নহয়’ শব্দটো আঁতৰাই দিয়া হৈছে।
তলত ভাইৰেল হোৱা ভিডিঅ’টো আৰু প্ৰকৃত ভিডিঅ’টোৰ তুলনা চাব পাৰিব।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো সত্য নহয়। মূল ভিডিঅ’টো সম্পাদনা কৰি সলনি কৰি শ্বেয়াৰ কৰা হৈছে। সম্পাদনা কৰি দাবী কৰা হৈছে যে মোদীয়ে হিন্দুত্ববাদ কেৱল নিৰ্বাচনৰ সময়ত বিজেপিৰ ভোট লাভৰ কাৰ্ড বুলি কৈছিল। কিন্তু মূল ভিডিঅ’টোত তেওঁ স্পষ্টকৈ কৈছিল যে হিন্দুত্ব বিজেপিৰ কাৰ্ড নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎকাৰত হিন্দুত্বক তেওঁলোকৰ নিৰ্বাচনী কাৰ্ড বুলি কৈছিল নে সঁচাকৈ?
Written By: Pranjal SharmaResult: Altered
