শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এই মেছেজটোত দাবী কৰা হৈছে যে ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিস্থা হোৱাৰ আনন্দত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেশবাসীক ৩ মাহৰ বাবে ৭৪৯চকাৰ বিনামূলীয়া ৰিছাৰ্জ প্ৰদান কৰিছে। মেছেজটোত থকা নীলা লিংকটোত ক্লিক কৰি এই সেৱা লাভ কৰিব পাৰিব বুলি মেছেজটো লিখা হৈছে। ৰাম মন্দিৰ অফাৰ নাম দি সেই মেছেজটো আৰু লিংকটো শ্বেয়াৰ কৰি এইদৰে লিখিছে হিন্দী ভাষাত- Ram Mandir ऑफर: 22 January को अयोध्या में राम मंदिर स्थापित होने की खुशी में मोदी और योगी दे रहे हैं पूरे भारत को फ्री के ₹749 बाला 3 महीने का रिचार्ज | तो अभी निचे नीले रंग की लिंक पर क्लिक करके अपने नंबर पर रिचार्ज करे।

এই মেছেজটো ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে অসমত। বিভিন্নজনে প্ৰেৰণ কৰিছে এই মেছেজটো। আমাৰ হাতলৈ এই মেছেজটো আহি পৰিছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাৰ পাছত আমি লিংকটোত ক্লিক কৰিলোঁ। তেতিয়া আমি তলত দিয়া ধৰণৰ এক ইণ্টাৰফেচ লাভ কৰিলোঁ।

আমি কিছুমান কমেণ্টো দেখিলোঁ। কিন্তু সেই কমেণ্টকৰ্তাসকলৰ নামত ক্লিক কৰি ছোচিয়েল মিডিয়া একাউণ্ট সন্দৰ্ভত আমি একো তথ্য লাভ কৰিবলৈ সক্ষম নহ’লোঁ। ফলত সেইবোৰ নকল বা ভূৱা যেন অনুমান হ’ল।

প্ৰথম ইণ্টাৰফেচৰ ৰঙা বৰণৰ বুটামটোত ছেক নাও বুলি ক্লিক কৰিলোঁ। তাৰ পাছত তলত দিয়া ধৰণেৰে আহিল। তাত আমাক আমাৰ মোবাইল নম্বৰ দিবলৈ নিৰ্দেশ দিয়া হৈছিল।

ওপৰত দেখুওৱা ধৰণে মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰাৰ পাছত আমি তলত দিয়া ধৰণৰ আন এক ইণ্টাৰফেচ পালোঁ। ইয়াত ৰিছাৰ্জ প্ৰচেচিং হৈ থকা দেখুৱালে।

এইদৰে আগুৱাই গৈ এসময়ত আমাক সেই মেছেজটো বিভিন্ন জনলৈ ফৰৱাৰ্ড কৰিবলৈ নিৰ্দেশ দিয়া হয়

আৰু একেবাৰে অন্তত এটা এপ ইনষ্টল কৰিবলৈ দিয়া হয়। সেই এপটো হৈছে এটা মোবাইল গেমিং এপ। আমি সেই ধৰণৰ কথা বিয়পি নপৰক বুলিয়েই সেই সমগ্ৰ প্ৰক্ৰিয়া ইয়াত সবিস্তাৰে প্ৰদৰ্শন কৰাৰ পৰা বিৰত আছোঁ।

তাৰ পাছত আমি ভাৰতীয়া জনতা পাৰ্টীক ৱেবছাইট, অফিচিয়েল ফেচবুক পেজ, ইনষ্টাগ্ৰাম হেণ্ডেল আৰু এক্স(পূৰ্বৰ টুইটাৰ) হেণ্ডেল পৰীক্ষা কৰিলোঁ। তাত আমি প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে কোনো ৰিচাৰ্জ আঁচনি আৰম্ভ কৰা খবৰ লাভ নকৰিলোঁ।

সমান্তৰালকৈ আমি দেশৰ আগশাৰীৰ টেলিকম প্ৰতিস্থান জিওৰ ৱেবছাইটটো আৰু তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোও চালোঁ। তাতো তেনেকুৱা কোনো অফাৰৰ উল্লেখ কৰা নেদেখিলোঁ।

সদৌ শেষত আমি ইউটিউৱক এই ধৰণৰ কোনো তথ্য থকা কোনো ভিডিঅ’ লাভ কৰোঁ নেকি চালোঁ। আমি একাধিক ভিডিঅ’ পালোঁ। সেই ভিডিঅ’বোৰত ব্যৱহাৰকাৰীয়ে আমি সেই লিংকত ক্লিক কৰি যিধৰণে অভিজ্ঞতা লাভ কৰিছিলোঁ, সেইদৰেই ঢাপে ঢাপে বুজাই দেখুৱাই দিয়া হৈছে।

আচলতে যে এনেকুৱা কোনো ৰিছাৰ্জ অফাৰ নাই, সেই কথা এই ভিডিঅ’বোৰত দেখা পোৱা গৈছে।

এইধৰণে আমি জানিব পাৰিলোঁ যে অসমৰ হোৱাটএছপ ভাইৰলে হৈ পৰা লিংকটো ভূৱা। ৰাম মন্দিৰ নিৰ্মাণ অথবা প্ৰাণ প্ৰতিস্থাৰ উপলক্ষত দেশৰ প্ৰধানমন্ত্ৰী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কোনো ধৰণ ৰিছাৰ্জ অফাৰ দিয়া নাই।

এইধৰণ ভুৱা লিংক আৰু মেছেজ সম্পৰ্কত আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ পূৰ্বেও বহুকেইটা সত্যতা নিৰূপক লেখা প্ৰকাশ কৰিছোঁ। তেনেকুৱা লেখা আপোনালোকে ইয়াত, ইয়াত,ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

পাঠকসকললৈ অনুৰোধ

এইধৰণ ভুৱা লিংকৰ কৱলত নপৰিব। এইধৰণ লিংক শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক। কোনো প্ৰতিস্থানে প্ৰদান কৰা সা-সুবিধা অথবা চৰকাৰ এখনে দিয়া সা-সুবিধাৰ খবৰ নিৰ্দিষ্ট স্থানত আৰু উপযুক্ত সংবাদ প্ৰতিস্থানত বিজ্ঞাপন হিচাপে প্ৰচাৰ কৰে। সেই বিষয়ে জানিবলৈ উপযুক্ত স্থানৰ সৈতে যোগাযোগ কৰক।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিস্থাক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আদিত্যনাথে কোনো ধৰণৰ ৰিচাৰ্জ অফাৰ দিয়া নাই। এইবোৰ ভুৱা লিংক।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মোদী আৰু আদিত্যনাথে ৩মাহৰ ৭৪৯টকাৰ ৰিচাৰ্জ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্ৰদান কৰা নাই। এই দাবী মিছা।

Written By: Pranjal Sharma

Result: False