আমাৰ দেশৰ লোকসভা নিৰ্বাচন প্ৰায় সমাগত। বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে এই সাধাৰণ নিৰ্বাচনত নিজৰ দলটোক জয়ী কৰোৱাৰ বাবে নিজৰ নিজৰ পন্থাৰে কাম তথা প্ৰচাৰৰ ক্ষেত্ৰতো আগবঢ়া পৰিলক্ষিত হৈছে। আমাৰ ৰাজ্য অসমৰ সাধাৰণ ভোটাৰ ৰাইজৰ মাজতো সমাগত লোকসভা নিৰ্বাচন ২০২৪ক লৈ মানসিক প্ৰস্তুতি তথা জল্পনা-কল্পনা আৰম্ভ হৈছে।

এই পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন বিশেষ জাননী বিয়পি পৰা দেখা গৈছে।

বিভিন্ন লোকে ব্যক্তিগতভাৱে তথা বিভিন্ন হোৱাটছএপ গ্ৰুপত সেই ফটোখন প্ৰেৰণ কৰিছে। সেই জাননীখনৰ ফটোখনত অশোক চক্ৰৰ লগতে দেশৰ নিৰ্বাচন আয়োগৰ প্ৰতীক চিহ্নও সম্বলিত কৰা হৈছে। তাত লিখা হৈছে কেইটামান তাৰিখ উল্লেখ কৰা হৈছে। সেই মৰ্মে লিখা হৈছে যে অহা ১২-০৩-২০২৪ত নিৰ্বাচনী বিধি বলৱত হ’ব। ২৩-০৩-২০২৪ত মনোনয়ন দাখিলৰ দিন ধাৰ্য্য কৰা হৈছে। ১৯-০৪-২০২৪ দিনটো ভোটগ্ৰহণ, ২২-০৫-২০২৪ৰ দিনটো ভোটগণনা আৰু ফলাফল তথা ৩০-০৫-২০২৪ৰ দিনটোক নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিন বুলি দাবী কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই জাননীখন ভালকৈ পৰীক্ষা কৰিলোঁ। সন্দেহ ওপজাত আমি সম্পৰ্কে সবিশেষ জানিবলৈ প্ৰথমে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। কিন্তু তাত আমি এই সম্পৰ্কে কোনো ধৰণৰ জাননী লাভ নকৰিলোঁ। আনকি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ ৱেবছাইটতো তেনেকুৱা কোনো কথাৰ উল্লেখ আমি নাপালোঁ।

ইয়াৰ পাছত আমি দেশৰ নিৰ্বাচন আয়োগৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। দেখিলোঁ যে তাতো কোনো ধৰণৰ তথ্য নাই। ২০২৪ৰ সাধাৰণ নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুস্থিত হ’ব বুলি উল্লেখ কৰা কোনো জাননী বা তথ্য ৱেবছাইটটোত আমি নাপালোঁ।

ৱেবছাইটৰ প্ৰেছ ৰিলিজ শিতানত আমি পৰীক্ষা কৰি এই সম্পৰ্কে কোনো ধৰণৰ প্ৰেছ বিবৃতিও লাভ নকৰিলোঁ।

তদুপৰি দেশৰ তথা ৰাজ্যৰ কোনো প্ৰতিস্থিত সংবাদ প্ৰতিস্থানতো আমি এই সম্পৰ্কত কোনো বাতৰি লাভ নকৰিলোঁ।

নিৰ্বাচন আয়োগৰ এক্স হেণ্ডেল, নিৰ্বাচন আয়োগৰ মুখপাত্ৰৰ এক্স হেণ্ডেল আদি কোনো ছোচিয়েল মিডিয়া একাউণ্টতে এই সম্পৰ্কে কোনো তথ্য নাই যে অহা ১৯ এপ্ৰিলতেই লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

তদুপৰি আমি দেশৰ নিৰ্বাচন আয়োগৰ ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ। য’ত স্পষ্টভাৱে উল্লেখ কৰা হৈছে প্ৰচাৰ হোৱা দিনকেইটা মিছা। আয়োগে তেনে কোনো ঘোষণা নাই কৰা। দিন ঘোষণা হ’লে সংবাদমেল যোগে প্ৰকাশ কৰা হ’ব। লগতে সাধাৰণ ৰাইজক এইধৰণ প্ৰচাৰ কৰাৰ পূৰ্বে সত্যাসত্য নিৰূপণৰ বাবেও আহ্বান কৰা দেখা গৈছে পোষ্টটোত।

অনুৰূপ ফেচবুক পোষ্টেই অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ফেচবুক পেজত দিয়া আমি দেখা পালোঁ।

এইখনি তথ্যৰ পৰাই আমি নিশ্চত হৈছোঁ যে বিয়পি পৰা সেই জাননীখন সত্য নহয়। এয়া কোনোবাই সম্পাদনা কৰি হোৱাটছএপযোগে প্ৰচাৰ কৰিছে।

এইখিনিতে প্ৰনিধানযোগ্য যে যোৱা এই প্ৰতিবেদন লিখাৰ ঠিক এমাহ পূৰ্বে অৰ্থাত যোৱা ২৪জানুৱাৰীত আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেতিয়াও মিছাকৈ প্ৰচাৰ হোৱা লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱা বুলি বিয়পি পৰা খবৰটো সন্দৰ্ভত সত্যতা নিৰূপক এক প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই এতিয়াও। সময়ত সংবাদমাধ্যমযোগে সেই খবৰ প্ৰচাৰ কৰা হ’ব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৪ৰ লোকসভা নিৰ্বাচনৰ দিন ধাৰ্য্য কৰা নাই দেশৰ নিৰ্বাচন আয়োগে। মিছা তালিকা ভাইৰেল।

Fact Check By: Pranjal Sharma

Result: False