ইজৰাইলী সেনাই পেলেষ্টাইনৰ নিৰ্দোষ শিশুসকলকো গ্ৰেপ্তাৰ কৰি নিৰ্যাতন কৰা বুলি এটা দাবী এখন ফটোৰে সৈতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এক্স(পূৰ্বৰ টুইটাৰ)ত সেই দাবী কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে ISRAEL arresting INNOCENT PALESTINIAN CHILDREN!(ইজৰাইলৰে নিৰীহ পেলেষ্টাইনী শিশুক গ্ৰেপ্তাৰ কৰিছে!)

Archived Link

Xৰ সেই লিংকটো আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবীৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে এক্স টুইটটোত থকা ফটোখন আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০১৪চনতে প্ৰকাশ পোৱা ইণ্টাৰনেছনেল চলিডিৰাটী মুভমেণ্টৰ এটা লেখা লাভ কৰিলোঁ। তাত উল্লেখ কৰা অনুসৰি সীমান্তৰক্ষীক শিলগুটি নিক্ষেপ কৰাৰ অপৰাধত এটি শিশুক জোৰপূৰ্বক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই সময়ৰ বাতৰি অনুসৰি কেইবাটাও শিশুৱে হেব্ৰনৰ ছালাইমেহ চেকপইণ্টত ইজৰাইলী প্ৰহৰীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল। প্ৰতিবেদনত আৰু ইংগিত দিয়া হৈছে যে এই কাণ্ডৰ তিনি ঘণ্টাৰ পিছতে শিশুকেইটাক মুকলি কৰি দিয়া হৈছিল।

লেখাটোৰ সৈতে এটা ভিডিঅ’ও সংলগ্ন কৰা হৈছে। তাত দেখা গৈছে যে সেনাবাহিনীৰ লোকে শিশু এটিক টানি আজুৰি লৈ গৈছে।

কিছুমান সংগঠনে ইজৰাইলী বাহিনীয়ে জিম্মাত লোৱা পেলেষ্টাইনী শিশুক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আল জাজিৰাই ২০২৩ চনৰ জুলাই মাহত প্ৰকাশ কৰিছিল যে ছেভ দ্য চিলড্ৰেন নামৰ বেচৰকাৰী সংস্থা এটাই ইজৰাইলীৰ জিম্মাত নাবালকসকলে কি অৱস্থাৰ মাজেৰে পাৰ হৈছে সেই বিষয়টো পোহৰলৈ অনাৰ চেষ্টা কৰিছিল।

চিএনএনৰ শেহতীয়া এক বাতৰি অনুসৰি পুনৰ যুদ্ধবিৰতি বৃদ্ধিৰ বাবে হামাছ আৰু ইজৰাইলৰ নেতাসকলৰ মাজত আলোচনা অব্যাহত আছে। সেই সূত্ৰই প্ৰকাশ কৰিছে যে কাটাৰৰ মধ্যস্থতাকাৰীসকলে যুদ্ধবিৰতি অব্যাহত ৰখাৰ বাবে আশাবাদী । কাৰণ হামাছে পণবন্দী কৰি লোৱা আন এজন আমেৰিকান নাগৰিকক অতি সোনকালে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

এইসমুহ তথ্যৰ ভিত্তিত ক’ব পৰা যায় যে ফটোখনত ইজৰাইলী সৈন্যই এটি পেলেষ্টাইনী শিশুক আটক কৰি ৰখা দেখা গৈছে যদিও ফটোখন শেহতীয়াকৈ তোলা হোৱা নাই। বৰ্তমান গাজাত হামাছ-ইজৰাইল সংঘাতৰ সৈতে এই ফটোৰ কোনো সম্পৰ্ক নাই। দাবীটো প্ৰসংগ সংগতিহীন।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো প্ৰসংগ সংগতিহীন। ইজৰাইলী সৈন্যই এটি পেলেষ্টাইনী শিশুক আটক কৰি ৰখা দেখা গৈছে যদিও ফটোখন শেহতীয়াকৈ তোলা হোৱা নাই। বৰ্তমান গাজাত হামাছ-ইজৰাইল সংঘাতৰ সৈতে এই ফটোৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইজৰাইলী সৈন্যই পেলেষ্টাইনৰ নিৰীহ শিশুক গ্ৰেপ্তাৰ কৰাটো সত্য হয়নে? জানক।

Written By: Pranjal Sharma

Result: Missing Context