ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা অফাৰ দিয়া নাই। লিংকটো ভুৱা।

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ভাৰতীয় ডাক সেৱাই নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে হোৱাটছএপত ভাইৰেল হোৱা সেই মেছেজটো ভালকৈ পৰীক্ষা কৰি চালোঁ। তাৰ পাছত আমি লিংকটোত ক্লিক কৰিলোঁ। তেতিয়া আমি তলত দিয়া ধৰণৰ এক ইণ্টাৰফেচ লাভ কৰিলোঁ।

ইয়াৰ পাছত পৰ্যায়ক্ৰমে ক্লিক কৰি গৈ গৈ আমি সেই লিংকটো হোৱাটছএপযোগে শ্বেয়াৰ কৰাৰ নিৰ্দেশ লাভ কৰিলোঁ।

কোনোধৰণ ফলপ্ৰসু ব্যৱস্থাৰ ইংগিত আমি লাভ নকৰাত আমি প্ৰথমে ভাৰতীয় ডাক সেৱাৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত আমি তেনেকুৱা কোনো সুবিধাৰ কথা উল্লেখ কৰা নেদেখিলোঁ।

এইবাৰ আমি পৰীক্ষা কৰিলোঁ ভাৰতীয় ডাক সেৱাৰ ফেচবুক পেজটো। তাত আমি দেখিলোঁ যে ভেৰিফাইড পেজটোৰ পৰা গ্ৰাহকসকলক উদ্দেশ্য কৰি এটা পোষ্ট দিয়া হৈছে। পোষ্টটোত উল্লেখ কৰা হৈছে এটা ভুৱা লিংক শ্বেয়াৰ কৰা হৈছে। লিংকটোৱে দাবী কৰা ধৰণে কোনো সুবিধা ভাৰতীয় ডাক সেৱাই প্ৰদান নাই কৰা।

আনকি ভাৰতীয় ডাক সেৱাৰ এক্স হেণ্ডেলতো সেই ভুৱা লিংকটো ক্লিক নকৰিবলৈ আহ্বান জনাই এটা টুইট কৰি থোৱা আমি দেখিলোঁ।

ভাৰতীয় ডাক সেৱাৰ ইনষ্টাগ্ৰামতো সেই একেদৰেই ভুৱা লিংকত বিশ্বাস নকৰিবলৈ ৰাইজলৈ বুলি আহ্বান কৰি পোষ্ট কৰা দেখিলোঁ।

এবছৰ পূৰ্বেও এইধৰণে ভাৰতীয় ডাক সেৱাৰ সুবিধা দিয়া বুলি ভুৱা লিংক শ্বেয়াৰ কৰা হৈছিল। সেই সম্পৰ্কত আমি একাধিক ইউটিউৱ ভিডিঅ’ লাভ কৰিলোঁ।

ভাৰতীয় ডাক সেৱাৰ ৱেবছাইট পৰীক্ষা কৰি তথা ফেচবুক,এক্স,ইনষ্টাগ্ৰাম আদিত দিয়া সতৰ্কবাণীমূলক পোষ্ট আৰু ইউটিউৱত আমি লাভ কৰা লিংকৰ পৰা এই সিদ্ধান্তত উপনিত হৈছোঁ যে শেহতীয়াভাৱে শ্বেয়াৰ হৈ থকা লিংকটো ভুৱা। ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা তেনেকুৱা আন সেৱা এই সময়খিনিত প্ৰদান কৰা নাই। এই দাবী মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা তেনেকুৱা আন সেৱা এই সময়খিনিত প্ৰদান কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভাৰতীয় ডাক সেৱাই কোনো ধৰণৰ চাবচিডী বা অফাৰ দিয়া নাই। লিংকটো ভুৱা।

Written By: Pranjal Sharma

Result: False