শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ খুব্বাপুৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, যিয়ে এগৰাকী সাত বছৰীয়া শিশুক মুছলমান সহপাঠীক আঘাত কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাইৰেল ভিডিঅ’ এটাত শিক্ষকজনে শাৰী পাতি থকা ল’ৰা-ছোৱালীক কান্দি থকা সহপাঠীজনক অধিক জোৰেৰে আঘাত কৰিবলৈ কৈছে আৰু তেওঁৰ ধৰ্মকো উপহাস কৰি আছে।

এই পটভূমিত তিনিজন ল’ৰাই হিজাব পিন্ধা এগৰাকী সহপাঠীক আক্ৰমণ আৰু মাৰপিট কৰা এটা আমনিদায়ক ভিডিঅ’ এক্স(পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে, য’ত এজনী মুছলমান ছাত্ৰীক সহপাঠীৰ দ্বাৰা দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে। আনকি এই পোষ্টটোত চেন্নাই আৰক্ষী আৰু তামিলনাডুৰ ৰাজনীতিবিদকো টেগ কৰা হৈছে। ২৯ ছেকেণ্ডৰ এই ভিডিঅ’টোত আমি দেখিবলৈ পাওঁ যে কেইবাজনীয়া ল’ৰাৰ দল এটাই শ্ৰেণীকোঠাৰ ভিতৰত হিজাব পিন্ধা ছোৱালী এজনীক লাথিয়াইছে আৰু আনধৰণে প্ৰহাৰ কৰিছে। ছোৱালীজনীয়ে ডেস্কৰ তলত মুখখন লুকুৱাই কান্দি থকা দেখা গৈছে।

Archived Link

আন এটা টুইটতো এগৰাকী ব্যৱহাৰকাৰীয়ে একেটা দাবীৰে ভিডিঅ’টো আপলোড কৰা আমি দেখা পালোঁ।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে? এয়া ভাৰতৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু গম পালোঁ যে ভাইৰেল ভিডিঅ’টো ২০২০ চনৰে। আমি ২০২০ চনৰ ১৩ ফেব্ৰুৱাৰীত প্ৰকাশিত ইণ্ডোনেছিয়াৰ এটা সংবাদ প্ৰতিস্থান TribunNewsৰ এটা বাতৰি পালোঁ। বাতৰিটো মতে ইণ্ডোনেছিয়াৰ Muhammadiya Need Middle School in Purworejo অৰ্থাত এছ এম পি মুহাম্মাদিয়া বুটুহ পুৰৱ’ৰেজো (SMP Muhammadiya Butuh Purworejo) নামৰ বিদ্যালয়ত অষ্টম মানত পঢ়ি থকা এগৰাকী ছাত্ৰীক তিনিজন ছাত্ৰ সহপাঠীয়ে মাৰপিট কৰিছিল আৰু আঘাত কৰিছিল। আন এক প্ৰতিবেদনত TribunNewsএ উল্লেখ কৰিছে যে তিনিওজন অপৰাধী ছাত্ৰকে সোধা-পোছা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইণ্ডোনেছিয়াৰ আন আন সংবাদ মাধ্যমেও এই ঘটনাৰ বাতৰি প্ৰকাশ কৰিছিল।

অধিক অনুসন্ধানত আমি ইণ্ডোনেছিয়াৰ একেটা ঘটনা সন্দৰ্ভত ১৪ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে ‘Liramedia’ (‘লিৰামিডিয়া’)ৰ পৰা প্ৰকাশিত এটা লেখা পাইছিলোঁ। প্ৰতিবেদন অনুসৰি কমেও আঠজন লোকক সোধা-পোছা কৰা হৈছে, য’ত পাঁচজন সাক্ষী আৰু তিনিজন সন্দেহযুক্ত ছাত্ৰ আছে। বিশেষভাৱে সক্ষম ছাত্ৰীগৰাকীক পূৰ্বে ৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাতেৰে আঘাত কৰি, ঝাড়ুৰে আঘাত কৰি, লাথিয়াই, অপমান কৰি নিৰ্যাতন চলাইছিল। শিশু সুৰক্ষা আইনৰ ৮০ নং অনুচ্ছেদৰ অধীনত তিনিওজন অভিযুক্তৰ বিৰুদ্ধে ৩.৫ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। শ্ৰেণীকোঠাত এদল ছাত্ৰই এজনী মুছলমান ছাত্ৰীক প্ৰহাৰ কৰা ভাইৰেল ভিডিঅ’ ভাৰতৰ নহয়। ভিডিঅ’টোত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ইণ্ডোনেছিয়াৰ এখন বিদ্যালয়ত সংঘটিত হোৱা এটা ঘটনা দেখা গৈছে ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হিজাব পিন্ধা মুছলমান ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰহাৰ কৰা ভিডিঅ’টো ভাৰতৰ নেকি? সত্যটো কি জানক।

Written By: Pranjal Sharma

Result: False