যোৱা ১ ফেব্ৰুৱাৰী ২০২৪ত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ কেন্দ্ৰীয় বাজেট সংসদত দাখিল কৰে। লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে এইখন আছিল অন্তৱৰ্তীকালীন বাজেট। এয়া আছিল নিৰ্মলা সীতাৰমনৰ ষষ্ঠ কেন্দ্ৰীয় বাজেট। নিৰ্বাচনৰ পিছত ক্ষমতালৈ অহা নতুন চৰকাৰে দাখিল কৰিব পূৰ্ণাংগ বাজেট।

এনে পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলত এগৰাকী সাংবাদিকৰ সৈতে কথা পতাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ লগত এটা বৰ্ণনা দিয়া হৈছে যে ই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট প্ৰৱৰ্তনৰ পিছত সংবাদমেলৰ সময়ত সংঘটিত হোৱা শেহতীয়া ঘটনা। ভিডিঅ’টোত এজন সাংবাদিকে সীতাৰমনক বিৰোধীয়ে বাজেটখন ভাল হোৱা নাই বুলি কোৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল।

ভাইৰেল পোষ্টটোৰ কেপচনত লিখা আছে, “নিৰ্মালা সীতাৰমনে এখন সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু এগৰাকী সাংবাদিকে বাজেটৰ বিষয়ে এটা প্ৰশ্ন কৰিছিল। তেওঁ অহংকাৰী আচৰণ কৰি গ’ল। তেজ উতলি থকা অভিব্যক্তিবোৰ চাওক। ইয়াৰ বাবে এটা নিৰপেক্ষ সংবাদ মাধ্যমে এই চৰকাৰখনক তুলাধুনা দিব।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ তেনেকুৱা এটা লিংক প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এই কথা সত্য হয়নে নহয়, সেয়া জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

Archived Link

আমি লিংকটো খুলি চাই দেখিলোঁ-

https://twitter.com/RD_CHOUDHARY07/status/1753090570497794217

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আনুসন্ধানৰ আৰম্ভনীতে আমি যেতিয়া ভিডিঅ’টো ভালদৰে চালোঁ, তেতিয়া আমি লক্ষ্য কৰিলোঁ যে ভিডিঅ’টোত মিডিয়া কোম্পানী ব্ৰুটৰ ল’গ’টো দেখা গৈছে। এই কথা মনত ৰাখি,আমি এই ভিডিঅ'টো বিচাৰিবলৈ প্ৰাসংগিক কী-ৱৰ্ড ব্যৱহাৰ কৰি সন্ধান কৰিলোঁ। ইয়াৰ ফলত আমি ব্ৰুট ইণ্ডিয়াৰ ভেৰিফাইড ইউটিউব চেনেলটো পালোঁ, য’ত ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত একেটা ভিডিঅ’ আপলোড কৰা দেখা পালোঁ। তাৰ শিৰোনাম আছিল ‘এজন সাংবাদিকে বাজেটৰ ওপৰত বিৰোধীৰ মতামত প্ৰকাশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত বিত্তমন্ত্ৰীৰ উত্তৰ আছিল এয়া’(This was FM’s reply when a journalist tried to convey the Opposition’s view on Budget)।

একেধৰণৰ প্ৰতিবেদন হিন্দুস্তান টাইমছে ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত প্ৰকাশ কৰিছিল। গতিকে স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয়, বৰঞ্চ ২০২৩ চনৰ বাজেট ঘোষণাৰ পাছত অনুষ্ঠিত সংবাদমেলৰহে।

অধিক অনুসন্ধানত আমি ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট ঘোষণাৰ পিছত অনুষ্ঠিত সংবাদমেলৰ সম্পূৰ্ণ ভিডিঅ’টো প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ (পিআইবি) অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা স্থিতিত পালোঁ। শুনি আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টো ৪২:৫২ মিনিটৰ পৰা লোৱা হৈছে।

এইদৰে স্পষ্ট হৈ পৰিল যে নিৰ্মলা সীতাৰমণে বাজেট সন্দৰ্ভত সংবাদমেল সম্বোধন কৰা ভিডিঅ’টো শেহতীয়া নহয়, ২০২৩ চনৰহে। দাবীটো বিভ্ৰান্তিকৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয়; ২০২৩–২০২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছত অনুষ্ঠিত সংবাদমেলৰ সময়ত ইয়াক লোৱা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়া অন্তৰ্ৱৰ্তীকালীন বাজেট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ প্ৰতিক্ৰিয়া অভব্য ধৰণে দিছিল নেকি সঁচাকৈয়ে?

Written By: Pranjal Sharma

Result: Misleading