শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে এমিৰেট এয়াৰলাইনছে কেবিন ক্ৰুৰ পদৰ বাবে চাকৰিৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfc_s3eb0NWMaosPUnCopurzNOAFiYZSuycjRgOv6ZiyqWZRbPLv4OvetESERpnX6WIvw2WiUOb4p-k6ix6uprFN3yfJpL71exeqBXrvznp6CKAYogFnUvX-Gf0Em4VNVKY7sYEiTwIcXsfXUiZoOu0N98z?key=th_lpmzaY3OjWvvseS0qhw

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমতে আমি গুগলত প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তাৰ ফলত আমি এমিৰেটছ ফ্লাইট কেটাৰিং কোম্পানী (EKFC)-এ প্ৰকাশ কৰা এক জাননী লাভ কৰিলোঁ। তত সকলো মানুহকে সকীয়াই দিয়া হৈছে যে একাংশ প্ৰৱঞ্চকে এমিৰেটছৰ নাম আৰু ল’গ’ ব্যৱহাৰ কৰি সাধাৰণ মানুহক এক কেলেংকাৰীৰ প্ৰতি প্ৰলোভিত কৰে। প্ৰৱঞ্চকসকলে সেই বিজ্ঞাপনক প্ৰকৃত বুলি দেখুৱাবলৈ চাকৰিৰ বিশদ বিৱৰণ আৰু তথ্য ব্যৱহাৰ কৰে।

ই কে এফ চিয়ে স্পষ্ট কৰি দিয়ে যে এই ধৰণৰ চাকৰিৰ প্ৰস্তাৱ আৰু বিজ্ঞাপনৰ সৈতে কোম্পানীটোৰ কোনো সম্পৰ্ক নাই আৰু তেওঁলোৰে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এনেধৰণৰ পদ্ধতি ব্যৱহাৰ নকৰে। ইয়াত লগতে কোৱা হৈছে যে এনে কেলেংকাৰীৰ উদ্দেশ্য হৈছে সাধাৰণ লোকৰ পৰা ধন হৰলুকি কৰা। তলত সাৱধানতাৰ বাবে ইকেএফচিৰ আগবঢ়োৱা কেইটামান উপায় দিয়া হ’ল-

  • ইকেএফচিৰ পৰা অফিচিয়েল যোগাযোগ কেৱল @ekfc.com ৰে শেষ হোৱা ই-মেইলৰ পৰাহে আহে আৰু ইকেএফচিৰ চাকৰিৰ বাবে ইকেএফচিৰ ৱেবছাইটত বিজ্ঞাপন দিয়া হয়।
  • এই প্ৰৱঞ্চকৰ যোগাযোগ বা কথিত চুক্তিত ভাষাৰ ব্যৱহাৰ ভুল হয় বা বানান আদি ভুল হৈ থাকে।
  • এই প্ৰৱঞ্চকৰ যোগাযোগত বেংক একাউণ্টৰ সবিশেষ বিচৰা হয়। কিন্তু ই কে এফ চিয়ে কোনো প্ৰাৰ্থীৰ বেংক একাউণ্টৰ সবিশেষ বিচাৰি যোগাযোগ নকৰে।
  • এই প্ৰৱঞ্চকে প্ৰাৰ্থীসকলক অন্য কোম্পানী বা ব্যক্তি যেনে উকীল, বেংকৰ বিষয়া, ট্ৰেভেল এজেন্সী, কুৰিয়াৰ কোম্পানী, ভিছা বা ইমিগ্ৰেচন প্ৰচেছিং এজেন্সী ইত্যাদিৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হয়।

আন এক বিবৃতিত এমিৰেটছে সকীয়াই দিছে যে, “আপাতঃ দৃষ্টিত এমিৰেটছ গ্ৰুপৰ পৰা দিয়া যিকোনো চাকৰিৰ প্ৰস্তাৱ, যিয়ে আপোনাক ধন বিচাৰে, সেয়া প্ৰৱঞ্চনামূলক।”

২০১৮ চনত খালিজ টাইমছৰ এক প্ৰতিবেদন অনুসৰি এমিৰেটছ গোটে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত ভুৱা চাকৰিৰ সুযোগ প্ৰদান কৰা প্ৰৱঞ্চনামূলক ই-মেইলৰ বিষয়ে সতৰ্কবাণী জাৰি কৰিছিল। প্ৰকৃত চাকৰিৰ প্ৰস্তাৱ চিনাক্ত কৰিবলৈ কোম্পানীটোৱে উল্লেখ কৰে যে চাকৰিৰ প্ৰস্তাৱ দিয়াৰ আগতে সাক্ষাৎকাৰত এমিৰেটছ গ্ৰুপৰ এজন প্ৰতিনিধি সদায় উপস্থিত থাকে আৰু ভ্ৰমণ খৰচ বা ভিছাকে ধৰি কোনো ধৰণৰ ধনৰ স্থানান্তৰ বা পৰিশোধৰ অনুৰোধ কৰা নহয়।

২০২৩ চনত ভুৱা চাকৰিৰ বিষয়ে এটা টুইটৰ উত্তৰ দিছিল এমিৰেটছে। টুইটটোত লিখা হৈছিল, ‘এয়া এক কেলেংকাৰী আৰু আমাৰ সৈতে ইয়াৰ একেবাৰেই সম্পৰ্ক নাই। আপুনি আমাৰ সৈতে চাকৰিৰ সুযোগৰ বাবে আবেদন কৰিব পৰা একমাত্ৰ অফিচিয়েল ৱেবছাইটটো হ’ল –https://emiratesgroupcareers.com

এই সকলো তথ্যৰ পৰা স্পষ্ট হয় যে এমিৰেটছৰ সকলো চাকৰিৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আবেদন কৰিব পাৰি। এইক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন বা অনুৰূপ পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া ব্যৱহাৰ কৰা নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এমিৰেটছৰ সকলো চাকৰিৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আবেদন কৰিব পাৰি। এইক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন বা অনুৰূপ পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া ব্যৱহাৰ কৰা নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এমিৰেটছ এয়াৰলাইনছে কেবিন ক্ৰুৰ বাবে চাকৰিৰ বিজ্ঞাপন দিয়া নাই। সেয়া ভুৱা খবৰ।

Fact Check By: Pranjal Sharma

Result: False