
আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এখন বিশেষ ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল প্ৰেৰিত ফটোখনত উল্লিখিত ব্যক্তি দুগৰাকী দেশৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত হোৱাটো সঁচা নে মিছা। তেওঁ লিখিছিল যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাটো কিমানদূৰ সঁচা? ব্যৱহাৰকীগৰাকীয়ে ভাৰতীয় ৰাজপত্ৰৰ এখন ফটো প্ৰেৰণ কৰি সেই জিজ্ঞাসা প্ৰকাশ কৰিছিল। সেই ৰাজপত্ৰখনত দুগৰাকী প্ৰাক্তন আইএএছ বিষয়া ক্ৰমে ড০ ৰাজেশ কুমাৰ গুপ্তা আৰু প্ৰিয়াংশ শৰ্মাক দেশৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া বুলি উল্লেখ কৰি ২০২৪ৰ ১৩ মাৰ্চৰ পৰা তেওঁলোকে পদত বাহাল হ’ব বুলি লিখা হৈছে।

ভাইৰেল হোৱা ফটোখন তলত দিয়া হ’ল।

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাৰতীয় ৰাজপত্ৰৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাত বহুলভাৱে প্ৰচাৰিত এই ফটোখনৰ সৈতে মিল থকা কোনো বিজ্ঞপ্তি বা ৰাজপত্ৰ আছে নেকি, সেয়া বিচাৰিলোঁ। কিন্তু আমি তেনেকুৱা একো বিচাৰি নাপালোঁ।
ইয়াৰ পাছত আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ আৰু প্ৰাসংগিক শব্দৰে কী-ৱৰ্ড চাৰ্চ কৰি চালোঁ। ফলত আমি ২০২৪ চনৰ ১৩ মাৰ্চত পিআইবি ফেক্ট চেকে শ্বেয়াৰ কৰা টুইট এটা পালোঁ। তাত লিখা আছিল: “A notification regarding the appointment of two Election Commissioners to the Election Commission of India is circulating on social media #PIBFactCheck,” This notification is #fake No such gazette notification has been issued.“ অৰ্থাত এক জাননীৰ সৈতে নিৰ্বাচন আয়োগত দুজন নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ এক বাৰ্তা ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে । #PIBFactCheck ” এই অধিসূচনা ভূৱা। এনে কোনো ৰাজপত্ৰিত জাননী জাৰি কৰা হোৱা নাই।
অধিক অনুসন্ধানত আমি জানিব পাৰিলোঁ যে কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে সংবাদ মাধ্যমক জনাইছে যে বাছনি সমিতিলৈ পৰামৰ্শ দিয়া ছয়টা নামৰ পৰা কেৰালা কেডাৰৰ প্ৰাক্তন আই এ এছ বিষয়া জ্ঞানেশ কুমাৰ আৰু উত্তৰাখণ্ড কেডাৰৰ সুখবীৰ সিং সন্ধুক নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে।
ভাৰতীয় নিৰ্বাচন আয়োগে ২০২৪ চনৰ ১৫ মাৰ্চত এক অধিসূচনা জাৰি কৰিছিল আৰু তাত থকা তথ্য অনুসৰি শ্ৰী জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সান্ধুৱে নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখপাত্ৰই তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলত একেখিনি কথা শ্বেয়াৰ কৰিছে।

এইখিনি তথ্যৰ পৰা আমি জানিব পাৰিলোঁ যে ভাৰতীয় ৰাজপত্ৰৰ যিখন ফটো ব্যৱহাৰকাৰী গৰাকীয়ে আমালৈ প্ৰেৰণ কৰিছিল, সেইখন ভূৱা। প্ৰকৃত সত্য হৈছে কেৰালা কেডাৰৰ প্ৰাক্তন আই এ এছ বিষয়া জ্ঞানেশ কুমাৰ আৰু উত্তৰাখণ্ড কেডাৰৰ সুখবীৰ সিং সন্ধুক হে নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। ড০ ৰাজেশ কুমাৰ গুপ্তা আৰু প্ৰিয়াংশ শৰ্মাক নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক হে নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। ড০ ৰাজেশ কুমাৰ গুপ্তা আৰু প্ৰিয়াংশ শৰ্মাক নহয়। ভাইৰেল ৰাজপত্ৰখন ভূৱা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক হে নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। ভূৱা ৰাজপত্ৰ ভাইৰেল।
Fact Check By: Pranjal SharmaResult: False
