শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এটি বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। এটি বিশেষ অট্টালিকাৰ আশেপাশে অসংখ্য লোকে পৰস্পৰে পৰস্পৰলৈ লক্ষ্য কৰি কোনো বস্তু দলিওৱা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া অন্ধ্ৰ প্ৰদেশত বিজেপি সমৰ্থকে মছদিলৈ শিল দলিয়াইছিল নেকি জানিব বিচাৰিছিল। লিখিছিল- অন্ধ্ৰ প্ৰদেশত বিজেপি সমৰ্থকে মছজিদলৈ এইদৰে শিল দলিয়াইছে?

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত কী-ৱৰ্ড ছাৰ্চ আৰু ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি কৰি চালোঁ। ফলত আমি Mana Adoni (মানা আদোনি) নামৰ ফেচবুক পেজ এটাত একেটা ভাইৰেল ভিডিঅ’ যোৱা ১১ এপ্ৰিল, ২০২৪ত আপলোড কৰা ৰূপত পালোঁ। সেই ভিডিঅ’টো কৈৰুপ্পুলা গাঁৱৰ উগাড়ী উৎসৱৰ বুলি উল্লেখ আছিল। একেটা ভিডিঅ’ই তেওঁ তেওঁৰ ইনষ্টাগ্ৰামতো আপলোড কৰা ৰূপত পালোঁ।

Archived Link

আমাৰ তৰফৰ পৰা সেই ব্যক্তিজনৰ সৈতে অধিক তথ্যৰ বাবে যোগাযোগ কৰাত তেওঁ জনায় যে সেই ভিডিঅ'টো তেওঁৰ বন্ধুৱে কেমেৰাত বন্দী কৰিছিল আৰু তাত বীৰাভদ্ৰ স্বামী মন্দিৰত উগাড়ী উৎসৱ দেখুওৱা হৈছে। তেওঁ লগতে কয় যে অন্ধ্ৰ প্ৰদেশৰ কৰুপালা গাঁৱত হিন্দু নৱবৰ্ষ উগাড়ী নামৰ অনুষ্ঠানেৰে উদযাপন কৰা হয়। এই দিনটোত ৰাইজ দুটা গোটত বিভক্ত হয় আৰু তাৰ পাছত দল গঠন কৰি ইজনে সিজনৰ ওপৰত গৰুৰ গোবৰ নিক্ষেপ কৰে। ই এক কাজিয়াৰ দৰে আৰু গোবৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ইজনে সিজনৰ ওপৰত দলিয়াই দিয়ে। এই যুদ্ধক পিদাকলা সমৰাম বা পিদাকলা যুদ্ধ বুলি কোৱা হয়।

অধিক অনুসন্ধানত আমি এই উৎসৱৰ সন্দৰ্ভত প্ৰকাশিত প্ৰতিবেদনো পালোঁ। অন্ধ্ৰ প্ৰদেশৰ এখন গাঁৱত উগাড়ী উৎসৱ উপলক্ষে মানুহে ইজনে সিজনক গৰুৰ গোবৰেৰে আক্ৰমণ কৰে বুলি লিখা হৈছে।

Archived Link

এই প্ৰমাণসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি ক’ব পাৰো যে এই ভাইৰেল ভিডিঅ’টোত অন্ধ্ৰ প্ৰদেশৰ এটা পুৰণি মছজিদত বিজেপি সমৰ্থকসকলে শিলগুটি নিক্ষেপ কৰা দেখা যোৱা নাই। এয়া উগাড়ী উৎসৱৰ হে দৃশ্য।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ভিডিঅ’টোত পিদাকলা যুদ্ধ দেখা গৈছে, য’ত অন্ধ্ৰপ্ৰদেশৰ এক মন্দিৰত শ শ লোকে ইজনে সিজনৰ ওপৰত গৰুৰ গোবৰ নিক্ষেপ কৰি এক পৰম্পৰাগত যুদ্ধত লিপ্ত হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অন্ধ্ৰ প্ৰদেশৰ বিজেপি সমৰ্থকে মছজিদলৈ শিল দলিওৱা নাছিল। ভিডিঅ’টো এক বিশেষ উছৱৰ হে।

Fact Check By: Pranjal Sharma

Result: False