শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে। দেশত চৰ্চাৰ বিষয় হৈ থকা এই কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে।

অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কেইগৰাকীমান শিখ ব্যক্তিয়ে এটা মন্দিৰত আক্ৰমণ কৰাৰ এক দৃশ্য ভাইৰেল কৰি দাবী কৰা হৈছে যে সেয়া প্ৰতিবাদী কৃষকে মন্দিৰ আক্ৰমণ কৰা দৃশ্য।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি কৰা ৰিভাৰ্ছ ইমেজ চাৰ্চত প্ৰকাশ পাইছে যে ভাইৰেল ভিডিঅ’টো পঞ্জাৱৰ পাটিয়ালা চহৰৰ। সাংবাদিক শুভংগী শৰ্মাই ২০২২ চনৰ ৩০ এপ্ৰিলত টুইটাৰত একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।কেপচনত লিখা আছে, “এইয়া পাটিয়ালা। এটা হিন্দু মন্দিৰত খালিস্তানী উগ্ৰপন্থীৰ আক্ৰমণ। এই ভিডিঅ'টোত বহুতো মুখ দেখা গৈছে। আপ চৰকাৰে ব্যৱস্থা ল’বনে? নে পঞ্জাৱত এইটোৱেই নতুন নিয়ম? ৭০ৰ দশকলৈ ঘূৰি অহা?”

এই কথাৰ আঁত ধৰি আমি অনুসন্ধান কৰোতে এই ঘটনা সম্পৰ্কে প্ৰকাশিক বাতৰিৰ প্ৰতিবেদন পাইছিলোঁ। এই খবৰ অনুসৰি, ২০২২ চনৰ ২৯ এপ্ৰিলত পঞ্জাৱৰ পাটিয়ালাত শিৱসেনাই “খালিস্তান মুৰ্দাবাদ মাৰ্চ”ৰ আয়োজন কৰে। পটিয়ালাৰ মঞ্জীত নগৰৰ কালি মন্দিৰ পোৱাৰ লগে লগে শিৱসেনাৰ সমৰ্থকক দা আৰু শিলেৰে আক্ৰমণ কৰে খালিস্তান সমৰ্থকে।

এই সংঘৰ্ষৰ আন এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল এএনআইয়ে। য’ত আৰক্ষীয়ে দুয়োটা গোটৰ সংঘাত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

ৰঙা টি-চাৰ্ট আৰু হালধীয়া পাগুৰি পিন্ধা ব্যক্তি এজনক এ এন আই ভিডিঅ’ আৰু ভাইৰেল ভিডিঅ’ দুয়োটাতে দেখা হৈছে, তলৰ ছবিদুখন তুলনা কৰিলে সেই কথা দেখা যাব।

গতিকে এইটো স্পষ্ট যে এই ভিডিঅ’টোত দেখা পোৱা ঘটনাটোৰ লগত বৰ্তমানৰ কৃষকৰ আন্দোলনৰ কোনো সম্পৰ্ক নাই। এই ভিডিঅ'টোত ২ বছৰ পূৰ্বে পাটিয়ালাত দুটা গোটৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ভিডিঅ’টোত ২০২২ চনৰ এপ্ৰিল মাহত পঞ্জাৱৰ পাটিয়ালাত দুটা গোটৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে। চলি থকা কৃষকৰ প্ৰতিবাদৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২২ চনৰ পাটিয়ালাৰ সংঘৰ্ষৰ দৃশ্য বৰ্তমানৰ কৃষক আন্দোলনৰ আক্ৰমণৰ বুলি ভাইৰেল।

Fact Check By: Pranjal Sharma

Result: False