নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated. 

False Social

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ওদালগুৰি জিলাত যোৱা ৭ জুলাইত ৰমেশ বড়ো নামৰ লোক এজনে এটা আচৰিত ধৰণৰ মাছ উদ্ধাৰ কৰা বুলি দাবীৰে ভাইৰেল হোৱা ৭ চেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে পথাৰৰ মাজত এটা পাত্ৰত বিশেষ মাছ এটা লৈ আছে। মাছটোৰ গোটেই গাটো নাহৰফুটুকী বাঘৰ দৰে বৰণৰ আৰু মুখখনো নাহৰফুটুকীৰ দৰে। Whatsappত ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’টো ।  

https://lh7-us.googleusercontent.com/docsz/AD_4nXfgCLQCi0-SFZlpldBkkg0TR4XWA2NkXYdazhYWmZza-hw2qA99RSJizKAQhqSR6zAZO87pHCjquRhW8uD3neR6RgR7gQHojCVAxZ9LIR-tr0fqFuxWVkPD9UDONFl99N6005RwVq3hheArhiNYSGYo-KDp?key=Wf13Wlh1kpzWnFutDk57gA

আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈয়ো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই কথা সঁচা নে মিছা জানিবলৈ আগ্ৰহ কৰিছিল।

https://lh7-us.googleusercontent.com/docsz/AD_4nXcTvZebjNpDYUPDBcHLkgL5IxWw0oKuG78M6DubQMv1ywG1Iw3dDUVQ59HrtBGxZ8MH51W0a9O_g_ttrdMv7s_zWvj8xClH7TZ6OvbFoLAas-ex3POnDjRescyrHkylao6mtQR8Vo9a2dZVs-Fm3nCXca5C?key=Wf13Wlh1kpzWnFutDk57gA

Archived Link

আমি দেখিলোঁ যে ভিন্ন ঠাইৰ পৰা নিয়ন্ত্ৰিত বিভিন্ন ইউটিউৱ চেনেলত অতি শেহতীয়াকৈ সেই ভিডিঅ’টো আপলোড কৰি বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে। 

তেনেকুৱা কেইটামান দাবী আপোনালোকে ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

অসমৰ এটা ফেচবুক একাউণ্টতো আমি একেই দাবীৰে ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। 

কিন্তু এই দাবী সত্য হয়নে?  এয়া কোনো সামুদ্ৰিক জীৱ হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি তেনে কোনো জীৱ এই পৃথিৱীত উপলব্ধ হয় নে নহয়, তাৰ সন্ধান কৰিলোঁ। কিন্তু তেনে কোনো জীৱৰ তথ্য পোৱা নগ’ল। তদুপৰি অসমৰ যদি কোনো প্ৰান্তত নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হ’লহেঁতেন,তেন্তে অসমৰ সংবাদ মাধ্যমত সেই সম্পৰ্কত বাতৰি পোৱা গ’লহেঁতেন। কিন্তু তেনেকুৱা কোনো বাতৰিও আমি নাপালোঁ। 

আমি ভিডিঅ’টোৰ পৰা কী-ফ্ৰেম লৈ সন্ধান কৰিলোঁ যে ই AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট হয় নেকি। কৃত্ৰিম বুদ্ধিমত্তা পৰীক্ষণ ছাইট Is It AI ৰ ফলাফলে নিশ্চিত কৰিলে যে ভাইৰেল ভিডিঅ’টোত থকা জীৱটি AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰাৰ সম্ভাৱনা ৮০.৫৮% ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXflfOeKwZ89eGmzBLlKTHwGCtokrAt7F5sGUAjFAOtMsK-X-3Iekp7j7vs8zjU9ERQoLLWlKTqccFk_v1xJos8v5MZD8iqhfDiMircvpohX-8SIeLTCm5RBywd5XRGoW4jLY_m5rXETFpxI1TeFt55TqZz9?key=Wf13Wlh1kpzWnFutDk57gA

যেতিয়া আমি আন এক পৰীক্ষণ চাইট হাগিংফেচত পৰীক্ষা কৰিলোঁ,তেতিয়াও আমি একেই ফলাফল পালোঁ, যিয়ে ইংগিত দিছিল যে ই এআইৰ দ্বাৰা সৃষ্ট।

https://lh7-us.googleusercontent.com/docsz/AD_4nXfjJdA5RX9UoWINIBiMW8RambzZR5tnRvK9-JIJsfmNQZJBz2XIdQumsdcbYRDE4ANrCyDc66HIYnyE-79jauuVeuuwtwWEJWZR8WSYHcJdCUfZF1WIjXRdCuCv5Je6usn1N3-TOtdEauJwXfBqW2wlEn8y?key=Wf13Wlh1kpzWnFutDk57gA

এনেকুৱা বহুতো AI-সৃষ্ট ভিডিঅ’ eonwild ৱেবছাইটত পোৱা যায়।

https://lh7-us.googleusercontent.com/docsz/AD_4nXcm-TIaXpZhZ8jdpflr7m75NxYL4HHWWIcSqXOjmKGya7hERA1ih95DVODYWzJDfcG_EokIDjPqhFMcIPUcfB57PLNHSHEXYazkepZMSLeRRSE1_vNPBj0fMb2XU21ZqZwZqQtwbQZ52Tg_gsqZDqp5CaYQ?key=Wf13Wlh1kpzWnFutDk57gA

আমি টংলা-ওদালগুৰিৰ স্থানীয় সাংবাদিক অৰূপ বড়োৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ আমাক জানিবলৈ দিলে যে ওদালগুৰিত ৰমেশ বড়ো নামৰ কোনো লোকে যোৱা ৭জুলাইত বাঘৰ দৰে মাছ উদ্ধাৰ কৰাৰ কোনো খবৰ নাই। সেই তথ্য সত্য নহয়।

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে ভাইৰেল হোৱা ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত ই AI Generated। তেনেকুৱা কোনো মাছ উদ্ধাৰ হোৱা নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ওদালগুৰিত ৰমেশ বড়ো নামৰ কোনো লোকে বাঘৰ দৰে মাছ উদ্ধাৰ কৰা নাই। সেই তথ্য সত্য নহয়। ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated.

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *