শেহতীয়াভাবে অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এক সমুদ্ৰতীৰত এটা অদ্ভুত জীৱ, যাৰ মুৰটো এটা গৰুৰ আৰু দেহৰ বাকী অংশ এক জলচৰ প্ৰানীৰ। সেই ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশ ব্যৱহাৰকাৰীয়ে ঈশ্বৰৰ নামত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ আহ্বান কৰিছে। সাগৰত এই জীৱবিধ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে ভিডিঅ’টোত।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdXhdqUmyAIiJrGeaFbb3Pt0uLLcq1x_4s2RrsWSskDX3Bi2bPMiytMO-BrPdZzJb2ftQiMZdaqYXengTomfWYN94DmN-lu9eujoB5UTzhx_XS9rteTrranP8ya7ACu3p9ahyIoXp03DItEiZw0LeOwfLlM?key=CxDzi-0NxtfrKn6kB-m2Xg

Facebook LinkArchived Link

আন এগৰাকী ব্যৱহাৰকাৰীয়েও অনুৰূপভাৱে সেই ভিডিঅ’টো আপলোড কৰি ভগবানৰ নামত শ্বেয়াৰ কৰাৰ আহ্বান কৰিছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdjTqgIq23xhXE7f7HFEXwLEfdgWeZ2h5AHh0-bziAPSnPcbqayD-20XJxSC1IBHyENp3-XP3zTOVaqtpndMil5OXdXFR3pX4Adp3gKec4wki3EDWQ3IAkRzns4IVdeM53p6kBUHBzPgb8swk1R4CPfZdBN?key=CxDzi-0NxtfrKn6kB-m2Xg

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? এয়া কোনো সামুদ্ৰিক জীৱ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি তেনে কোনো জীৱ এই পৃথিৱীত উপলব্ধ হয় নে নহয়, তাৰ সন্ধান কৰিলোঁ। কিন্তু তেনে কোনো জীৱৰ তথ্য পোৱা নগ’ল। তদুপৰি পৃথিৱীৰ যিকোনো ঠাইত যদি তেনে কোনো জীৱ পোৱা গ’লহেঁতেন,তেন্তে সংবাদ মাধ্যমত সেই সম্পৰ্কত বাতৰি পোৱা গ’লহেঁতেন। কিন্তু তেনেকুৱা কোনো বাতৰিও আমি নাপালোঁ।

আমি ভিডিঅ’টোৰ পৰা কী-ফ্ৰেম লৈ সন্ধান কৰিলোঁ যে ই AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট হয় নেকি। কৃত্ৰিম বুদ্ধিমত্তা পৰীক্ষণ ছাইট চাইটইঞ্জিনৰ ফলাফলে নিশ্চিত কৰিলে যে ভাইৰেল ভিডিঅ’টোত থকা জীৱটি AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰাৰ সম্ভাৱনা ৯৮% ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXeTHsDYhVNz-akjgmbmctTmeVoQq5O6vgWpg5jicwu36DhCbw4QqqGQn8aMQ1p-2HJW49yB1Wgw-Wtu2F3GCPApgYrLnJOlzh2WVzpQUms2QqTTKCeIwjQ-cmMNHnB1sbOVui0vBDOQubN3TyIxOUj_9TQ?key=CxDzi-0NxtfrKn6kB-m2Xg

যেতিয়া আমি আন এক পৰীক্ষণ চাইট হাগিংফেচত পৰীক্ষা কৰিলোঁ,তেতিয়াও আমি একেই ফলাফল পালোঁ, যিয়ে ইংগিত দিছিল যে ই এআইৰ দ্বাৰা সৃষ্ট।

https://lh7-us.googleusercontent.com/docsz/AD_4nXcdaYKwMB7Bn1B0w4lU2QgpKaAw_4Pruw6ntOBWubTKL_-0bIWHs0u5hW02fRDeNdcYE_Ptj9p8ccvEjp9JiJ8WP1Bs08vLnqF3ZJ4udHTOTx06zeN8pnaO5z1UqDNkSvHvrPJz8qkXtJiYJB2Q9kpFhPhh?key=CxDzi-0NxtfrKn6kB-m2Xg

আমি Is It AI নামৰ আন এটা ৱেবছাইটটো পৰীক্ষা কৰি চালোঁ। একেটা ফলাফলে পোৱাত নিশ্চিত হ’লোঁ যে ই এআই সৃষ্ট।

https://lh7-us.googleusercontent.com/docsz/AD_4nXcGDH1m4bE_0KAQfcL1EvKRTnTkFTs9F17AvIlZq4xzl6m75veAv-pq2oFlkYv42NLS53NDlwYTqknayRBgtWtEeFHMwDeie1Onb6nwaoAwfM7Fy38FnrzYhLdPkW89Onu1-7F_ApBnTLBIWrhLpOxFYj14?key=CxDzi-0NxtfrKn6kB-m2Xg

দ্বিতীয়তে ভিডিঅ’টোত সাগৰীয় গৰুটোৰ কাষত থিয় হৈ থকা ব্যক্তিজনৰ ভৰি দুখনৰ সলনি তিনিখন দেখা হৈছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXe3CooKGaKe0Lb65h_LMAuFciH9gZ2m2ZWBpjYAtcQ7aibkICHj_kj9TOZuV3T1SDM5RV-PEGIxzKc9apB5-OgqjAtJQbz1nY8viu4VcJwtrLgOafvVkFCZ5bHN-1MgBpEE_VXx1QjMeZlz8-pWvQlb5HNU?key=CxDzi-0NxtfrKn6kB-m2Xg

একেদৰেই এটা বাঘ থকা সাগৰীয় জীৱৰ ভিডিঅ’ও সম্প্ৰতি প্ৰচাৰিত হৈ থকা দেখা গৈছে।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdC2XKum3Ii4gg4lKVRCkh2t_N7iyVqiJ_kXB3Vibat9qi-rLCNmQ3LcG08Ap0jwkr3l0S9jr7yNA-6OVxft2kRfWgA6sPEvqUKZ58iQbjUSAbO8j8JnRr0lEhtS-GPvBzjIhsamAHZb2-nq067E7jEph1G?key=CxDzi-0NxtfrKn6kB-m2Xg

ইয়াত লিখিত "ai 电影 了供储界" বাক্যটো আমি যেতিয়া গুগলত অনুবাদ কৰিলোঁ, তেতিয়া তাৰ অৰ্থ ওলাল -“কেৱল মনোৰঞ্জনৰ বাবে এআইৰ সহায়ত সৃষ্টি কৰা হৈছে”।

অধিক তথ্যৰ বাবে ফেক্ট ক্ৰেছেণ্ডোৰ মালায়ালাম দলে কেৰালা বিশ্ববিদ্যালয়ৰ জলজ জীৱবিজ্ঞান আৰু মীন বিভাগৰ মুৰব্বী ড. ইউ. বিজুকুমাৰৰ লগত কথা পাতিছিল এই সম্পৰ্কে। তেতিয়া তেখেতে জানিবলৈ দিয়ে এইদৰে-“মই এই ভিডিঅ’টো চাইছোঁ। এটা সাগৰীয় সিংহৰ আৰু গৰুৰ দৰে মূৰ যোগ কৰি সম্পাদনাৰ এআই কৌশল ব্যৱহাৰ কৰি ইয়াক সৃষ্টি কৰা হৈছে। পৃথিৱীত এতিয়া সামুদ্ৰিক গৰুৰ কোনো প্ৰজাতি নাই। ই বিলুপ্তি হৈছে।”

তলত প্ৰকৃত সামুদ্ৰিক সিংহৰ এখন ফটো দিয়া হ’ল:

https://lh7-us.googleusercontent.com/docsz/AD_4nXdQAhOpKg59KNaJQ1tmrzKq8kJMDaC-OEGocEmv0YJNbflIgyGKNCEWAyJ1pe2ZXv9vcvrSpfSCDEizfaaqLO7l9SRuFs__TcvyeW-DMoqhTqjfBhSCzLb0erva9H-nu3L6R2ObH2jJ9mAFHg0eFGYiiyMN?key=CxDzi-0NxtfrKn6kB-m2Xg

এনেকুৱা বহুতো AI-সৃষ্ট ভিডিঅ' eonwild ৱেবছাইটত পোৱা যায়।

https://lh7-us.googleusercontent.com/docsz/AD_4nXdQfEXjEDM-V_vri2AP09zmWkD-U67VHMhBseWl-It_5z6Pdu4KvkSbpyFMyrkqVgb7W5ppm1rQKsxlTf6sezB6HDplFfw3HLrtHH5OjzxG51m2QM0ByLV1gAC58YsD8Bc4gQpI07J7IR7StDug6i2GH_E?key=CxDzi-0NxtfrKn6kB-m2Xg

যেতিয়া আমি প্ৰকৃত সামুদ্ৰিক গৰুৰ বিষয়ে অধিক তথ্যৰ সন্ধান কৰিলোঁ, তেতিয়া নিম্নোক্ত ফটো আৰু বৰ্ণনা গুগলৰ পৰা লাভ কৰিলোঁ।

https://lh7-us.googleusercontent.com/docsz/AD_4nXftT7lARWfJAV09Nq3UZF9njA4qxdsVB6UpgtbqLQyO6NJOaZWaqDuF2ultKHZ7bs8spoejYlMXw6_2B9laZy2piud5W9X9quaOoNww9O16CNp5ftB8dHM2mDDrHkF-S82C6mIoycmrEhP0xns-F9Z67kVf?key=CxDzi-0NxtfrKn6kB-m2Xg

ষ্টেলাৰৰ সামদ্ৰিক গৰু (Hydrodamalis gigas) হৈছে ১৭৪১ চনত জৰ্জ উইলহেম ষ্টেলাৰে অধ্যয়ন কৰি বিশ্বৰ সৈতে চিনাকি কৰাই দিয়া এক বিলুপ্ত ছাইৰেনিয়ান। সেই সময়ত আলাস্কা আৰু ৰাছিয়াৰ মাজৰ বেৰিং সাগৰৰ কমাণ্ডাৰ দ্বীপপুঞ্জৰ আশে-পাশে সেই জীৱ পোৱা গৈছিল। প্লেইষ্টোচিন যুগত ই সমগ্ৰ উত্তৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত উপলব্ধ আছিল। অনুমান কৰা হয় যে ইউৰোপীয়সকলৰ আগতেই স্থানীয় খিলঞ্জীয়া লোকসকলে এই প্ৰাণীটোৰ সৈতে মত বিনিময় কৰিছিল। ষ্টেলাৰে প্ৰথমবাৰৰ বাবে তেতিয়া সামুদ্ৰিক গৰুটোৰ মুখামুখি হৈছিল,যেতিয়া বেৰিং দ্বীপত ভিটাছ বেৰিঙৰ গ্ৰেট নৰ্দাৰ্ণ এক্সপেডিচন জাহাজখন ধ্বংস হৈছিল। ষ্টেলাৰে দ্বীপটোত কৰা পৰ্যবেক্ষণৰ পৰা এই জীৱটোৰ বিষয়ে বহু কথা উদ্ধাৰ কৰিছিল, যিখিনি তেওঁৰ মৰণোত্তৰ প্ৰকাশন অন দ্য বিষ্টছ অৱ দ্য ছিত লিপিবদ্ধ কৰা হৈছে। আৱিষ্কাৰৰ ২৭ বছৰৰ ভিতৰতে লাহে লাহে গতি কৰা আৰু সহজে ধৰা দিয়া সামুদ্ৰিক গৰুটোক মাংস,আৰু ছালৰ বাবে বধ কৰি বিলুপ্তিৰ দিশে ঠেলি দিয়া হৈছিল বুলি ৱিকিপিডিয়াই প্ৰকাশ কৰিছে।

আনফালে ব্ৰিটানিকাত বৰ্ণনা কৰা হৈছে এইবুলি:- অতি বৃহৎ জলজ স্তন্যপায়ী প্ৰাণী সামুদ্ৰিক গৰু (Hydrodamalis gigas) এতিয়া বিলুপ্ত হৈছে। এসময়ত এই জীৱবিধে বেৰিং সাগৰৰ কমাণ্ডাৰ দ্বীপপুঞ্জৰ উপকূলত বাস কৰিছিল।

তদুপৰি জাৰ্মান প্ৰকৃতিবিদ জৰ্জ ডব্লিউ ষ্টেলাৰে ১৭৪১ চনত ইয়াৰ বৰ্ণনা নকৰালৈকে এই সামুদ্ৰিক গৰু নামৰ প্ৰাণীবিধ বিজ্ঞানৰ বাবেও অচিনাকি আছিল। সামুদ্ৰিক গৰুটো নিশ্চিতভাৱে সকলোতকৈ ডাঙৰ চাইৰেনিয়ান আছিল। ৯-১০ মিটাৰ দীঘল (৩০ ফুটৰ ওপৰত) আৰু ওজন হয়তো ১০ মেট্ৰিক টন (২২,০০০ পাউণ্ড), যি বৰ্তমানৰ মানাটি আৰু ডুগংতকৈ বহুত ডাঙৰ আছিল।

ইয়াৰ পৰা প্ৰমানিত হৈছে যে সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট। এইক্ষেত্ৰত বাস্তৱ সত্য হ’ল যে আজিৰ তাৰিখত পৃথিৱীত কোনো সামুদ্ৰিক গৰু নাই। ই বিলুপ্ত হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সামুদ্ৰিক গৰুৰ দৰে জীৱ উদ্ধাৰ হোৱা বুলি কৰা দাবীৰে দিয়া ভিডিঅ’টো AI generated বা কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট। পৃথিৱীত তেনে কোনো জীৱ নাই। সামুদ্ৰিক গৰু নামৰ প্ৰাণীটো পৃথিৱীত ১৭ শতিকালৈকেহে আছিল।এতিয়া ই বিলুপ্ত।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সামুদ্ৰিক গৰুৰ দৰে প্ৰাণী উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated.

Fact Check By: Pranjal Sharma

Result: False