
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে জোহৰাণ মামদানীয়ে নিউয়ৰ্কৰ মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত মুছলমান ব্যক্তি এজনে আমেৰিকাৰ পাতাকা আঁতৰাই দিছে।

একেই দাবী আমি ইনষ্টাগ্ৰামতো পালোঁ।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিকৰিলোঁ। ইয়াৰ ফলত ২০২৩ চনৰ ১১ নৱেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা পালোঁ। ফক্সনিউজত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত দেখা গৈছে যে নিউয়ৰ্ক চহৰত পেলেষ্টাইন সমৰ্থক প্ৰতিবাদকাৰীয়ে আমেৰিকাৰ পতাকা আঁতৰাইছে। নিউয়ৰ্ক চহৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সেই ব্যক্তিজনক।

আনহাতে টাইমছ অৱ ইণ্ডিয়াতো এই ঘটনাৰ সবিস্তাৰ বাতৰি সেই সময়ত প্ৰকাশ পাইছিল। সেই বাতৰিতো আমেৰিকাৰ পতাকা আঁতৰোৱা কথাটোৰ উল্লেখ আমি পালোঁ।

নিউজৱিকৰ বাতৰিতো আমি ইয়াৰ সবিস্তাৰ পঢ়িবলৈ পালোঁ।
২০২৩ৰ ১১ নৱেম্বৰত এক্সত এই ঘটনাটোৰ ভিডিঅ’ এটা টুইট কৰা হৈছিল। তাত আমি ভাইৰেল ভিডিঅ’টোত দেখা পাতাকা আঁতৰোৱা কাণ্ডটো অন্য এটা এংগলৰ পৰা দেখিলোঁ।
ইয়াৰদ্বাৰাই নিশ্চিত হয় যে ভিডিঅ’টো ২০২৩ চনৰে। অন্য এটা ঘটনাৰ দৃশ্যকে মামদানীৰ মেয়ৰ হিচাপে বিজয়ী হোৱাৰ পাছৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ভিডিঅ’টো ২০২৩ চনৰে। অন্য এটা ঘটনাৰ দৃশ্যকে মামদানীৰ মেয়ৰ হিচাপে বিজয়ী হোৱাৰ পাছৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:২০২৩চনৰে পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ জোহৰাণ মামদানীৰ মেয়ৰ হিচাপে বিজয়ী হোৱাৰ পাছৰ বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False


