
শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটি শিশুক ভৰিত বান্ধি ওলোটাকৈ ওলোমাই দিয়া হৈছে। শিশুটিয়ে চিঞৰি আছে। দাবী কৰা হৈছে যে সেইটো অসমৰ ধুবুৰীৰ কোনো এখন মাদ্ৰাছাৰ দৃশ্য। ধুবুৰীৰ মাদ্ৰাছাত তেনেকৈ শিশুক ওলোমাই কোৰাণৰ শিক্ষা দিয়া হয় নেকি বুলি প্ৰশ্ন উত্থাপনেৰে সেই ভিডিঅ’টো অসমৰ বিভিন্নজন লোকৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। আমালৈয়ো সেই ভিডিঅ’টো আহিছিল।
আনকি আমাৰ ফেক্টলাইন নম্বৰ 9049053770 লৈয়ো একেধৰণে ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া ধুবুৰীৰ মাদ্ৰাছাৰ দৃশ্য নেকি জানিব বিচাৰিছিল এগৰাকী ব্যৱহাৰকাৰীয়ে।
ভিডিঅ’টোৰ আৰ্কাইভ লিংক তলত দিয়া হৈছে।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি পাকিস্তানী ৱেবছাইট জিঅ’ নিউজত অসমত সম্প্ৰতি ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ বিষয়ে এটা খবৰ পালোঁ। এই খবৰটো ৩০ জুন ২০১৯ তাৰিখে প্ৰকাশ কৰা হৈছিল। তথ্য অনুসৰি পাকিস্তানৰ ৰাৱালপিণ্ডিত এজন শিক্ষক নূৰ মহম্মদে বৰ্বৰ আচৰণ কৰি নিৰ্যাতন চলাইছিল এজন ছাত্ৰক। সেই অভিযোগতে শিক্ষকজনক গ্ৰেপ্তাৰো কৰা হৈছিল।
ওপৰোক্ত বাতৰিটোত লাভ কৰা তথ্যৰ ভিত্তিত আৰু অধিক অনুসন্ধানৰ পাছত আমি একেই খবৰটো গালফ টুডে নামৰ এটা ৱেবছাইটতো পালোঁ। জানিব পৰা মতে, সেই ঘটনাটোৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে বিষয়টো আৰক্ষীৰ দৃষ্টিগোচৰ হয়।
‘দ্য এক্সপ্ৰেছ ট্ৰিবিউন’ত প্ৰকাশিত বাতৰি অনুসৰি সেই অভিযুক্ত শিক্ষকজনৰ নাম নূৰ মহম্মদ। তেওঁক পাকিস্তানৰ পঞ্জাৱৰ ছাদিকাবাদ চহৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
ARY Newsত প্ৰকাশিত আন এক প্ৰতিবেদনত সেই ঘটনাটো ২০১৮ চনৰ বুলি বৰ্ণনা কৰা হৈছে, যিটো শীতকালত সংঘটিত হৈছিল। ইয়াৰ পাছত মাদ্ৰাছা পৰিচালনা কৰ্তৃপক্ষ আৰু ভুক্তভোগী পক্ষৰ মাজত চুক্তি হয়। মাদ্ৰাছাৰ ভাৰপ্ৰাপ্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্রতিবেদনত উল্লেখ কৰা হৈছে যে আৰক্ষীয়ে জনোৱা মতে, ল’ৰাটোৰ পৰিয়ালৰ কোনো লোকে এই ঘটনাৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰা নাছিল৷ যদিহে শিশুটিৰ পিতৃয়ে অভিযোগ দাখিল কৰে তেন্তে বিষয়টোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এইখিনি তথ্যৰ ভিত্তিত আমি এক সিদ্ধান্তত উপনিত হ’ব পাৰোঁ যে যিটো ভিডিঅ’ বৰ্তমান অসমত ভাইৰেল হৈছে, সেইটো অসমৰ তো নহয়হেই আমাৰ দেশৰেই নহয়। সেই ঘটনাটো ঘটিছিল পাকিস্তানৰ ৰাৱালপিণ্ডিত। এখন ইছলামিক শিক্ষানুষ্ঠানত এগৰাকী শিক্ষকে এজন শিক্ষাৰ্থীক সেইধৰণ বৰ্বৰ আচৰণ কৰিছিল আৰু নুৰ মহম্মদ নামৰ সেইগৰাকী অভিযুক্ত শিক্ষকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ঘটনাটো অসমৰ ধুবুৰী জিলাৰ কোনো মাদ্ৰাছাৰ নহয়, সেইটো পাকিস্তানৰ এখন শিক্ষানুষ্ঠানৰ হে। ঘটনাটো পুৰণি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পাকিস্তানৰ শিক্ষানুষ্ঠানৰ পুৰণি ভিডিঅ’কো অসমৰ ধুবুৰীৰ মাদ্ৰাছাত শিশু নিৰ্যাতন বুলি ভাইৰেল কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
