যোৱা ৩০ আগষ্ট ২০২৩ বুধবাৰে অসমৰ ডিজিটেল সংবাদ প্ৰতিস্থান TIME8 এ কৰা এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোৰ শিৰোনাম লিখা হৈছে- “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ।” তদুপৰি বৰ্ণনাত লিখা হৈছে - “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ, ষঠ পূজাতো খোলা ৰাখিব লাগিব স্কুল, গৰজি উঠিছে হিন্দুতবাদী সংগঠন”। এইদৰে বাতৰিটো দৰ্শকৰ বাবে আগবঢ়াই দিয়া হৈছে।

বাতৰি পৰিবেশীকা গৰাকীয়ে আৰম্ভনীৰ প্ৰায় ১ মিনিট সময় শিক্ষা বিভাগৰ এক ডাঙৰ সিদ্ধান্ত সম্পৰ্কত ব্ৰেকিং নিউজ আকাৰত খবৰটো জনাইছে।

প্ৰথম শাৰী ব্ৰেকিং নিউজত কোৱা হৈছে যে দুৰ্গা পূজাত খোলা ৰাখিব লাগিব স্কুল।

দ্বিতীয়তে কোৱা হৈছে শিক্ষা বিভাগৰ সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া সংগঠনৰ।

ইয়াৰ পাছত কোৱা হৈছে যে দুৰ্গা পূজা,দীপাৱলী,ছঠ(ষঠ) পূজাৰ বন্ধ উঠাই দিলে শিক্ষা বিভাগে।

ইয়াৰ পাছত উল্লেখ কৰা হৈছে যে ৰাখী বন্ধনৰো ছুটী শেষ কৰিলে বিহাৰ চৰকাৰে।

এইদৰে প্ৰায় ১ মিনিট বাতৰি পৰিবেশনৰ অন্তত দৰ্শকক জানিবলৈ দিয়া হৈছে যে বিহাৰৰ স্কুলত নাপাব এইসমূহ উৎসৱৰ বাবে ছুটী।

বিহাৰৰ স্কুলসমূহৰ ছুটী ২৩ৰ পৰা হ্ৰাস কৰি ১১ দিন কৰা হৈছে বুলি এক বাতৰি সংবাদ প্ৰতিস্থানটোৱে পৰিবেশন কৰিছে।

বিহাৰৰ শিক্ষা বিভাগে এই জাননী জাৰি কৰা বুলি বাতৰিটোত উল্লেখ কৰা হৈছে।

বাতৰিটোৰ আৰম্ভনী আৰু প্ৰথম এটা মিনিটৰ পৰিবশেনত সাধাৰণ দৰ্শকে এয়া অসমৰ শিক্ষা বিভাগে গ্ৰহণ কৰা এক সিদ্ধান্ত বুলি ভুল বুজাৰ এক অৱকাশ থাকি যোৱাত আমি বাতৰিটোৰ সত্যতা নিৰূপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি এইবিষয়ে নিশ্চিত কোনো বাতৰি দেশৰ আগশাৰীৰ কোনো সংবাদ প্ৰতিস্থানে পৰিবেশন কৰিছে নেকি জনাৰ বাবে প্ৰাসংগিক কিছুমান কী-ৱৰ্ড লৈ গুগলত চাৰ্ছ কৰি চোৱাত কিছুমান বাতৰিৰ লিংক লাভ কৰিলোঁ।

Deccan Herald এ প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি কৰ্মদিন বৃদ্ধিৰ উদ্দেশ্যেৰে বিহাৰ চৰকাৰে চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ ছুটীৰ সংখ্য হ্ৰাস কৰিছে। নতুন শিক্ষাবৰ্ষ কেলেণ্ডাৰ অনুসৰি দীপাৱলী,ষঠ আৰু দুৰ্গা পূজাৰ ছুটী কৰ্তন কৰা হৈছে।

তদুপৰি Times Of Indiaৰ প্ৰতিবেদনত বিহাৰ চৰকাৰে স্কুলৰ বন্ধৰ সংখ্যা ২৩ৰ পৰা ১১দিনৰ হ্ৰাস কৰিছে।

আনহাতে The Hinduৰ প্ৰতিবেদন মতে বিহাৰৰ স্কুলৰ বন্ধৰ দিন কৰ্তন কৰা কাৰ্যই বিহাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপিয়ে ইয়াৰ হিন্দু বিৰোধী স্থিতি আখ্যা দিছে।

এইফালে IndiaTVৰ বাতৰি মতেও বিহাৰত এইদৰে বন্ধৰ সংখ্যা কৰ্তন কৰা হৈছে।

আটাইখিনি প্ৰতিবেদন চাই আমি আস্বস্ত হৈছোঁ যে বিহাৰ চৰকাৰে চৰকাৰৰদ্বাৰা পৰিচালিত বিদ্যালয়ৰ বন্ধৰ সংখ্যা ২৩দিনৰ পৰা ১১দিনলৈ হ্ৰাস কৰিছে। দুৰ্গাপূজা, ষঠ,দীপাৱলী আৰু আনকি ৰাখী বন্ধনৰ বন্ধও কৰ্তন কৰা হৈছে। সকলোখিনি পঢ়ি চোৱাৰ অন্তত এই সিদ্ধান্তত উপনিত হৈছোঁ যে TIME8এ পৰিবেশন কৰা বাতৰিটো সংগতিহীন। এয়া বিহাৰৰ চৰকাৰৰ সিদ্ধান্ত সঁচা। কিন্তু TIME8ৰ বাতৰিটোত সেই কথা কেপছনত আৰু বাতৰিটোৰ আৰম্ভনীৰ পৰিবেশনত উল্লেখ নাই, স্পষ্ট হোৱা নাই। সেইবাবেই এই দাবীটো সংগতিহীন বুলি আমি নিশ্চিত হৈছোঁ

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে TIME8 এ পৰিবেশন কৰা বাতৰিটো সংগতিহীন। এয়া বিহাৰৰ চৰকাৰৰ সিদ্ধান্ত সঁচা। কিন্তু TIME8ৰ বাতৰিটোত সেই কথা কেপছনত আৰু বাতৰিটোৰ আৰম্ভনীৰ পৰিবেশনত উল্লেখ নাই, স্পষ্ট হোৱা নাই। সেইবাবেই এই দাবীটো সংগতিহীন বুলি আমি নিশ্চিত হৈছোঁ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:দুৰ্গা পূজা, দীপাৱলী, ৰাখী বন্ধন, ষঠ পূজা আদিৰ বন্ধ সঁচাকৈয়ে কৰ্তন কৰিলে নেকি শিক্ষা বিভাগে?

Written By: Pranjal Sharma

Result: Missing Context