
শ্বাহৰুখ খানে ব্লকবাষ্টাৰ চিনেমা পাথান মুক্তি দিয়াৰ পাছত ২০২৩ চনৰ তেওঁৰ দ্বিতীয়খন চিনেমা জৱানৰ সৈতে পুনৰ আহিছে দৰ্শকৰ মাজলৈ আৰু চিনেমাখন মুক্তিৰ আগে আগে দেখা দিয়া আকৰ্ষণ আৰু উত্তেজনাই স্পষ্ট কৰি দিছিল যে বক্স অফিচত এই চিনেমাখনে ডাঙৰ অভিলেখ গঢ়িব। শ্বাহৰুখ খানৰ শেহতীয়া চিনেমা জৱানৰ ট্ৰেইলাৰ এখন ডাঙৰ পৰ্দাত বাজি থকাৰ সময়তে এক বৃহৎ ৰাইজে উল্লাসত ফাটি পৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে মেছেজ কৰি সেই ভিডিঅ’টো প্ৰেৰণ কৰি জানিব বিচাৰিছিল যে জৱানৰ ট্ৰেইলৰ চাই অনুৰাগীয়ে এইদৰে উল্লাসত জপিওৱাটো সঁচা নেকি।

তদুপৰি আমি এই মেছেজ লাভ কৰি প্ৰাথমিকভাৱে বিভিন্ন চ’ছিয়েল মিডিয়াত চাৰ্ছ কৰোতে এক্স(পূৰ্বৰ টুইটাৰ)ত এগৰাকী ব্যৱহাৰকাৰীয়ে একেটা ভিডিঅ’টো শ্বেয়াৰ কৰি Yeh To Bas Trailer Hai, Picture Abhi Baaki Hai Mere Dost.বুলি কেপচন দিয়া দেখিলোঁ।
কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে অনুৰাগীয়ে এইদৰে উল্লাস কৰিছিল নেকি?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধান আৰম্ভ কৰি আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিছিলোঁ আৰু তাৰ ফলত আমি ‘হাৰ্ট নিউজ ৱেষ্ট কান্ট্ৰী’ নামৰ ইউটিউব চেনেল এটাত আপলোড কৰা একেধৰণৰ ভিডিঅ’ এটা পাইছিলোঁ। ২০১৬ চনৰ এই ছবিখন যুক্তৰাজ্যৰ ব্রিষ্টলৰ এষ্টন গেট ষ্টেডিয়ামৰ, য’ত ইউৰো ২০১৬ প্রতিযোগিতাৰ সময়ত মানুহে এটা গ’ল উদযাপন কৰা দেখা গৈছিল৷ ২০১৬ চনৰ ১৭ জুনত আপলোড কৰা এই ভিডিঅ’ৰ শিৰোনাম আছিল, “ব্ৰিষ্টলৰ এষ্টন গেট ষ্টেডিয়ামত অনুৰাগীয়ে ইউৰো ২০১৬ত ৱেলছৰ বিৰুদ্ধে ইংলেণ্ডৰ বিজয় উদযাপন কৰিছে।”
আমি দেখিলোঁ যে এই ভিডিঅ’টোতে জৱানৰ ট্ৰেইলাৰ যোগ কৰি সম্পাদনা কৰা হৈছে।মূল ভিডিঅ’টোত দেখা গৈছে যে ইউৰো ২০১৬ প্ৰতিযোগিতাৰ সময়ত এটা গ’ল উদযাপন কৰা ভিৰৰ উল্লাস।
অধিক অনুসন্ধানত আমি ব্ৰীজষ্টোন চিটি ফুটবল ক্লাবৰ ৱেবছাইটত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এটা ছবি তথা ভিডিঅ’ সংলগ্ন হৈ থকা এটা প্ৰবন্ধ পালোঁ। প্ৰতিবেদন অনুসৰি ইংলেণ্ডে ৱেলছক ২-১ গ’লত পৰাস্ত কৰা মেচখন চাবলৈ সমৰ্থকসকলে স্প’ৰ্টছ বাৰ আৰু ফেন জ’নত ভিৰ কৰিছিল। ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে ইংলেণ্ডৰ জয়ৰ পিছত অনুৰাগীসকলে ব্যাপক উল্লাস প্ৰদৰ্শন কৰিছিল।

আমি দুয়োটা ভিডিঅ’ৰ ভিজুৱেল তুলনা কৰিলোঁ আৰু দেখিলোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰি জৱানৰ ট্ৰেইলাৰটো তাত যোগ কৰা হৈছে।

ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোত দৃশ্যৰ সালসলনি কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে ইউৰো ২০১৬ প্ৰতিযোগিতাৰ সময়ত এটা গ’ল উদযাপন কৰা ৰাইজক। কিন্তু ইয়াক সম্পাদনা কৰি জৱানৰ ট্ৰেইলাৰটো পৰ্দাত যোগ কৰি দিয়া হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:জৱানৰ ট্ৰেইলৰ দেখি এইদৰে উল্লাসত ফাটি পৰিছিল নে অনুৰাগীসকল?
Written By: Pranjal SharmaResult: Altered
