ফেটি লিভাৰ জীৱনযাত্ৰাৰ সৈতে সম্পৰ্ক থকা এক ৰোগ বুলি আমি সকলোৱে জানো।তেনে পৰিপ্ৰেক্ষিততে এই ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে।

শেহতীয়াকৈ আমি AssamPrime24 নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত “লিভাৰত চৰ্বি জমা হলে শুকাই যায় শৰীৰৰ এই ৫ টা গোপন অংগ। জানক ফেটি লিভাৰৰ লক্ষণ সমূহ।” বুলি কেপছন দি তেওঁলোকৰ Assam Prime24 নামৰ ৱেবচাইটটোৰ এক প্ৰতিবেদন সংলগ্ন কৰিছে।

Facebook LinkArchived Link

ৱেবচাইটৰ লেখাটোত লিখা হৈছে “লিভাৰত চৰ্বি জমা হলে শুকাই যায় শৰীৰৰ এই ৫ টা গোপন অংগ।” কিন্তু লেখাটো পঢ়ি আমি কি কি অংগ শুকাই যায়, সেই কথা গম নাপালোঁ।

Archived Link

কি অংগ শুকাই যায় সেই কথাৰ সলনি ফেটি লিভাৰৰ লক্ষণ বুলিহে কেইটামান লক্ষণ উল্লেখ কৰা দেখিলোঁ।

Archived Link

কিন্তু সঁচাকৈয়ে এইবোৰ ফেটি লিভাৰৰ লক্ষণ হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ইণ্টাৰনেটত ফেটি লিভাৰ ৰোগৰ প্ৰাথমিক লক্ষণ কি কি হয়, সেয়া জানিবলৈ বিচাৰ খোচাৰ কৰিলোঁ। কাৰণ লেখাটোত উল্লেখ কৰা হৈছিল যে তেওঁলোকৰ লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত প্ৰস্তত কৰা হৈছে। সেই অনুসৰি আমি WebMD Health Direct, Cleveland Clinic,Mayo Clinic আদি প্ৰখ্যাত ৱেবচাইটত এই ৰোগৰ লক্ষণ আৰু কাৰণ সমুহ সম্পৰ্কে বিভিন্ন লেখা আৰু তথ্য লাভ কৰিলোঁ।

সেই তথ্য অনুসৰি এই ৰোগ অথবা ফেটি লিভাৰৰ সাধাৰণতে লক্ষণ দেখা নাযায় যদিও যিসকল লোকৰ লক্ষণ দেখা যায়, তেওঁলোকে

১.ভাগৰুৱা অনুভৱ কৰে বা সাধাৰণতে অসুস্থ অনুভৱ কৰে

২.পেটৰ ওপৰৰ সোঁ অংশত বিষ হয়

৩.ওজন কমিব পাৰে

কিন্তু আপুনি অধিক গুৰুতৰ ফেটি লিভাৰ ৰোগত আক্ৰান্ত হ’ব পৰা লক্ষণসমূহ হ’ল-

১.হালধীয়া চকু আৰু ছাল (জণ্ডিচ)

২.ঘাঁৰ দৰে হোৱা

৩. প্ৰস্ৰাৱৰ ৰং গাঢ় হোৱা

৪.পেট ফুলি উঠা

৫. তেজ বমি হোৱা

৬.ক'লা শৌচ (poos)

৭.খজুৱতি হোৱা ছাল ইত্যাদি

তদুপৰি WebMDৰ দৰে বিশ্বাসযোগ্য ৱেবচাইটৰ মতে ALD(Alcohol-Related Fatty Liver Disease) আৰু NAFLD(Nonalcoholic Fatty Liver Disease) ৰ ক্ষেত্ৰত সাধাৰণতে কোনো লক্ষণ দেখা নাযায়। কিছুমান মানুহৰ পেটৰ ওপৰৰ সোঁফালে য’ত আপোনাৰ যকৃত আছে তাত ভাগৰ বা বিষৰ দৰে লক্ষণ দেখা দিব পাৰে।

যদি আপুনি NASH(Nonalcoholic steatohepatitis) ৰোগত আক্ৰান্ত বা চিৰ’ছিছ ৰোগত আক্ৰান্ত হয়, তেন্তে আপোনাৰ লক্ষণসমূহ হ’ব পাৰে যেনে:

১.ফুলি উঠা পেট

২.আপোনাৰ ছালৰ তলত ৰক্তবাহী নলী ফুলি উঠা

৩.পুৰুষৰ ক্ষেত্ৰত স্তন সাধাৰণতকৈ ডাঙৰ হৈ উঠা

৪.হাতৰ তলুৱা ৰঙা পৰা

৫.জণ্ডিচ অৱস্থাৰ বাবে ছাল আৰু চকু হালধীয়া দেখা যায়

তেনেকুৱা কিছুমান লেখাত তদুপৰি এই একেধৰণৰ কাৰণসমুহ সচিত্ৰ বৰ্ণনা কৰা প্ৰতিবেদনো আমি পালোঁ।

এই সকলোখিনি চালিজাৰি চোৱাৰ অন্তত আমি অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কৰ্মৰত মেডিচিন বিশেষজ্ঞ, বিশিষ্ট চিকিৎসক ডাঃ হেমেন দাসৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতে আমাক জানিবলৈ দিয়া অনুসৰি ৱেবচাইটটোত উল্লেখ কৰা লক্ষণ সমুহ নিশ্চিত লক্ষণ নহয়। অন্য ৰোগৰ ক্ষেত্ৰতো এইধৰণৰ কিছুমান লক্ষণ কেতিয়াবা ৰোগীৰ শৰীৰত দেখা দিব পাৰে। ৰোগ একোটাৰ লক্ষণৰ ক্ষেত্ৰত যদিও সাধাৰণীকৃত মন্তব্য কৰাটো অলপ কঠিন, কিন্তু ৱেবচাইটোৱে উল্লেখ কৰা লক্ষণবোৰ ফেটি লিভাৰৰ সৈতে সম্পৰ্কিত বুলি ক’ব পৰা নাযায়। AssamPrime24ৰ এইধৰণৰ লেখাই সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিব পাৰে। বিশিষ্ট চিকিৎসকগৰাকীয়ে পৰামৰ্শ দিয়ে যে যদিহে কোনো লোকে পেটত কোনো ধৰণৰ অস্বাভাৱিক অনুভৱ কৰে, তেনেহ’লে চিকিৎসকৰ কাষলৈ যোৱা উচিত আৰু প্ৰয়োজনীয় অথবা চিকিৎসকৰ দ্বাৰা নিৰ্দেশিত পৰীক্ষা নিৰীক্ষা কৰা উচিত। এনেকুৱা লেখা পঢ়ি নিজৰ শৰীৰ সৈতে হেতালি নেখেলিবলৈ সাধাৰণ জনতাক আহ্বান জনায় চিকিৎসকগৰাকীয়ে

গতিকে ওপৰোক্ত প্ৰতিস্থানসমুহৰ লেখাবোৰ আৰু বিশিষ্ট চিকিৎসকৰ মন্তব্যৰ পৰা এই কথা নিশ্চিত হ’ব পৰা গ’ল যে AssamPrime24 নামৰ ৱেবচাইটটো আৰু ফেচবুক পেজটোৱে ফেটি লিভাৰৰ লক্ষণ বুলি যিখিনি কথা উল্লেখ কৰিছে সেইখিনিয়ে সাধাৰণ লোকক বিভ্ৰান্ত কৰিব পাৰে। ৱেবচাইটোৱে নিজেই উল্লেখ কৰিছে যে “*এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

সেইবাৰে শৰীৰৰ যিকোনো অংশতেই কোনো অস্বাভাৱিক অনুভৱ হোৱা অথবা কোনো অস্বাভাৱিক লক্ষণ দেখা দিয়া দেখিলে শীঘ্ৰেই চিকিৎসকৰ কাষ চপা উচিত। এইধৰণ ৱেবচাইটৰ লেখা পঢ়ি সেইমতে নিজেই নিজৰ চিকিৎসা কৰিলে বিপদ হোৱাৰ সম্ভাৱনা থাকে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে Assam Prime24 নামৰ ৱেবচাইটটোৱে দাবী কৰা কথাটো সম্পূৰ্ণ সত্য নহয়। বৰং ই বিভ্ৰান্তিকৰ হে। তেওঁলোকে উল্লেখ কৰা ধৰণে ফেটি লিভাৰ হ”লে সেইসমুহ লক্ষণ দেখা দিব বুলি কোনো নিশ্চিতি নাই। সেই তথ্যসমুহ সম্পূৰ্ণ শুদ্ধ নহয়। গতিকে সামগ্ৰিকভাৱে লেখাটো বিভ্ৰান্তিকৰ। ই সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফেটি লিভাৰ হ’লে শৰীৰৰ ৫টা অংগ শুকাই যায় নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Misleading