কৰ্কট ৰোগ এক মাৰাত্মক ব্যধি বুলি আমি সকলোৱে জানো। কৰ্কট ৰোগ অথবা কেঞ্চাৰে একোজন লোক তথা তেওঁৰ পৰিয়ালক ভয়ংকৰ জীয়াতু ভোগাই বুলি আমি জানো। তেনে পৰিপ্ৰেক্ষিততে কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে।

শেহতীয়াকৈ আমি Assam Prime24 নামৰ এটা ৱেবচাইটৰ এক প্ৰতিবেদন লাভ কৰিছোঁ, য’ত উল্লেখ কৰা হৈছে যে শৰীৰত কেঞ্চাৰ বা কৰ্কট ৰোগ হোৱাৰ প্ৰথম অৱস্থাত জিভাত দেখা যায় কিছুমান লক্ষণ। আমি লেখাটো পোৱাৰ পাছত এই সম্পৰ্কে কিছু সন্দেহ ওপজাত ইয়াৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিলোঁ।

নাতিদীৰ্ঘ লেখাটো পঢ়িলোঁ আৰু দ্বিতীয় স্তৱকত এইদৰে উল্লেখ কৰা দেখিলোঁ “কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ সাধাৰণ সমস্যাৰ দৰেই আৰু ইয়াৰ বাবেই প্ৰাৰম্ভিক অৱস্থাত মানুহে ইয়াক চিনি নাপায়। কিন্তু আপুনি জানেনে যে যেতিয়া শৰীৰত কেন্সাৰ আৰম্ভ হয় তেতিয়া আপোনাৰ জিভাতো বহুতো লক্ষণ দেখা দিয়ে। এই লক্ষণসমূহ সঠিক সময়ত চিনি পালে আপুনি গুৰুতৰ কৰ্কট ৰোগৰ বলি হোৱাৰ পৰা হাত সাৰিব পাৰে। শৰীৰত কেন্সাৰ আৰম্ভ হ’লে জিভাত দেখা পোৱা লক্ষণ আৰু এই ভয়াৱহ ৰোগৰ পৰা হাত সাৰিবলৈ দিয়া টিপছৰ বিষয়ে এই লেখাটোত বিতংভাৱে জানক।”

বিতংভাৱে জনাৰ বাবে আমি অধিক তললৈ পঢ়িলোঁ আৰু দেখিলোঁ যে তাত জিভাত কৰ্কট ৰোগ হ’লে কি কি লক্ষণ দেখা দিব পাৰে, সেই সম্পৰ্কেহে উল্লেখ কৰিছে।

Archived Link

কিন্তু সঁচাকৈয়ে দেহৰ যিকোনো স্থানতে কেঞ্চাৰ হ’লে জিভাত লক্ষণ দেখা দিয়েনে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ইণ্টাৰনেটত কেঞ্চাৰ ৰোগৰ প্ৰাথমিক লক্ষণ কি কি হয়, সেয়া জানিবলৈ বিচাৰ খোচাৰ কৰিলোঁ। কাৰণ তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোকৰ লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত প্ৰস্তত কৰা হৈছে। সেই অনুসৰি আমি আমেৰিকান কেঞ্চাৰ চোছাইটি, কেঞ্চাৰ ৰিছাৰ্চ ইউকে,জঞ্চ হপকিন্স মেডিছিন, মায়ো ক্লিনিক আদি প্ৰখ্যাত ৱেবচাইটত কেঞ্চাৰৰ লক্ষণসমুহ সম্পৰ্কে বিভিন্ন লেখা আৰু তথ্য তথা ভিডিঅ’ লাভ কৰিলোঁ। সেই তথ্য অনুসৰি কৰ্কট ৰোগ অথবা কেঞ্চাৰৰ সাধাৰণীকৃত প্ৰথমিক লক্ষণবোৰ হৈছে-

১.ৰাতি অত্যধিক ঘাম ওলোৱা বা জ্বৰ

২.ভাগৰ

৩.বৰ্ণনাতীত কাৰণত ৰক্তক্ষৰণ বা ঘাঁ হোৱা

৪.ধৰিব নোৱাৰা কাৰণত বিষ হোৱা

৫.অস্বাভাৱিকভাৱে ওজন কমি যোৱা

৬.যিকোনো ঠাইতে অস্বাভাৱিকভোৱে গুটি উঠা বা ফুলা আদি।

তদুপৰি এই একেধৰণৰ কাৰণসমুহ সচিত্ৰ বৰ্ণনা কৰা প্ৰতিবেদনো আমি পালোঁ।

কেৱল ইমানেই নহয় আমি এভ্ৰিডে হেল্থ আৰু চিটী অৱ হোপত এই সম্পৰ্কে বিদেশৰ বিশেষজ্ঞ ডাক্তৰে ভিডিঅ’ৰ জৰিয়তে কেঞ্চাৰ সম্পৰ্কে তথ্য দিয়াও দেখিলোঁ।

কিন্তু ক’তোৱেই আমি এই তথ্য নাপালোঁ যে শৰীৰৰ যিকোনো অংগতেই কেঞ্চাৰে বাহ ল’লে প্ৰথম লক্ষণ মুখত বা জিভাত দেখা দিয়ে। কেৱল কেঞ্চাৰে মুখ বা জিভাত স্থানীয়ভাৱে কি ধৰণে বিৰূপ লক্ষণ দেখাব পাৰে তথ্য লাভ কৰিলোঁ।

এই সকলোখিনি চালিজাৰি চোৱাৰ অন্তত আমি অসম মেডিকেল কলেজৰ অনক’লজী বিভাগৰ সহকাৰী অধ্যাপক ডাঃ কংকন ডেকাৰ সৈতে এই বিষয়ে বিশদভাৱে জনাৰ বাবে যোগাযোগ কৰিলোঁ। তেখেতে পোনচাতেই নাকচ কৰে যে শৰীৰৰ যিকোনো অংগত কেঞ্চাৰ ল’লে তাৰ লক্ষণ মুখত বা জিভাত দেখা দিয়ে। তেওঁ কয় যে সেই তথ্য ভুল। কৰ্কট ৰোগ যিটো অংগত হয়, সেইটো অংগতেই প্ৰথমে তাৰ লক্ষণ দেখা দিব। বিষ অথবা অস্বাভাৱিকভাৱে অংগ বৃদ্ধি হোৱা দেখা যাব। তদুপৰি আমি ইণ্টাৰনেটত উপলব্ধ লক্ষণবোৰৰ কথা উল্লেখ কৰোঁতে তেখেতে কয় যে সেয়া মাত্ৰ সাধাৰণিকৃত কিছুমান লক্ষণহে। আন ৰোগতো তেনেকুৱা কিছুমান লক্ষণ দেখা দিয়ে বা দিব পাৰে। গতিকে সেই কথা ন দি কোৱাটো ভুল অথবা সেয়া সঠিক নহয় যে কেৱল কৰ্কট ৰোগ হ’লেই তেনেকুৱা লক্ষণ দেখা দিব। শেষত তেখেতে কয় যে মুখগহ্বৰৰ কৰ্কট ৰোগৰ ক্ষেত্ৰতহে প্ৰথমিক লক্ষণ হিচাপে জিভাত কিছুমান বিশেষ লক্ষণ দেখা দিয়ে। সেয়া কৰ্কট ৰোগৰ একেবাৰে প্ৰথমিক স্তৰত ধৰিব পৰা যায়।

গতিকে ওপৰোক্ত প্ৰতিস্থানসমুহৰ লেখাবোৰ আৰু বিশিষ্ট বিশেষজ্ঞ ডাক্তৰৰ মন্তব্যৰ পৰা এই কথা নিশ্চিত হ’ব পৰা গ’ল যে শৰীৰৰ যিকোনো অংশতেই কেঞ্চাৰ হ’লে তাৰ প্ৰথম লক্ষণ মুখ বা জিভাত দেখা দিয়া কথাটো শুদ্ধ নহয়।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে Assam Prime24 নামৰ ৱেবচাইটটোৱে দাবী কৰা কথাটো সম্পূৰ্ণ সত্য নহয়। বৰং ই বিভ্ৰান্তিকৰ হে। তেওঁলোকে উল্লেখ কৰা ধৰণে শৰীৰৰ যিকোনো অংশতে কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিলে তাৰ প্ৰথম লক্ষণ জিভাত দেখা নিদিয়ে। মুখগহ্বৰ অথবা জিভাত হোৱা কৰ্কটৰ লক্ষণ হে জিভাত দেখা দিব পাৰে। তেওঁলোকৰ লেখাটোত তেওঁলোকে যদিও জিভাত কৰ্কট ৰোগ হোৱাৰ লক্ষণৰ কথা লিখিছে, কিন্তু সামগ্ৰিকভাৱে লেখাটো বিভ্ৰান্তিকৰ। ই সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:শৰীৰত কেঞ্চাৰ বা কৰ্কট ৰোগ হ’লে জিভাত প্ৰথমে এই লক্ষণ দেখা যায় নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Misleading