যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিভিন্ন ফটো আৰু ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ এটা দানপাত্ৰৰপৰা বৃহৎ পৰিমাণৰ টকা উলিয়াই থকাৰ এক দৃশ্য চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে এই ভিডিঅ'টো ৰাম মন্দিৰৰ দানপাত্ৰৰ য'ত প্ৰথম দিনাই ৩ কোটিৰো অধিক টকা ভক্ত‌ই দান কৰিছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

আমি ইউটিউবত ভাইৰেল ভিডিঅ'টোৰ সৈতে সাইলাখ একেই এটা ভিডিঅ' পালোঁ য'ত কেপশ্বনত লিখা আছিল এইদৰে,"श्री सांवलिया सेठ🌹:-इस बार रिकॉर्ड 12 करोड़ 69 लाख नकद दान राशि निकली"। এই ভিডিঅ'টো আপলোড কৰা হৈছিল ২০২৪ চনৰ ১৯ জানুৱাৰীত। অৰ্থাৎ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ তিনিদিন পূৰ্বে এই ভিডিঅ'টো আপলোড কৰা হৈছিল।

উল্লেখযোগ্য যে সাৱলিয়া সেঠ মন্দিৰ আছে ৰাজস্থানত।

এই একেটা ভিডিঅ' আমি এটা ইণ্ষ্টাগ্ৰাম একাউণ্টতো পালোঁ। তাতো উল্লেখ কৰা হৈছিল যে ভিডিঅ'টো সাৱলিয়া সেঠ মন্দিৰৰ। সেই ভিডিঅ'টো আপলোড কৰা হৈছিল ২০২৪ চনৰ ১৬ জানুৱাৰীত।

ভিডিঅ' আপলোড কৰা ইণ্ষ্টাগ্ৰাম একাউণ্টটোৰ বিৱৰণত লিখা আছিল "শ্ৰী সাৱলিয়া জী মন্দিৰ মুখ্য পূজাৰী" বুলি।

ভাইৰেল ভিডিঅ'টোত ৰঙা পোচাক পৰিহিত ব্যক্তিজনক ইণ্ষ্টাগ্ৰাম একাউণ্টটোৰ কেইবাটাও ভিডিঅ'ত দেখা গ'ল।

কেইমাহমানৰ আগেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাৱলিয়া সেঠ মন্দিৰ দৰ্শন কৰিছিল। সেই দৃশ্য প্ৰধানমন্ত্ৰীৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা হৈছিল।

ইণ্ষ্টাগ্ৰাম একাউণ্টটোত থকা ভিডিঅ'সমূহত দেখুওৱা মন্দিৰটো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্শন কৰা মন্দিৰটো সাইলাখ একেই।

আমি গুগলত কীৱ'ৰ্ড চাৰ্চ কৰি সাৱলিয়া সেঠ মন্দিৰৰ দান সংগ্ৰহ সম্পৰ্কে বিভিন্ন প্ৰতিবেদন পালোঁ।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত চাওক।

Archived Link 1

Archived Link 2

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোত দাবী কৰা ধৰণে দানপাত্ৰৰপৰা ধন উলিওৱা দৃশ্যটো অযোধ্যাৰ ৰাম মন্দিৰৰ নহয় বৰং ৰাজস্থানৰ সাৱলিয়া সেঠ মন্দিৰৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো অযোধ্যাৰ ৰাম মন্দিৰৰ হয়নে?

Written By: Debanjana Baishya

Result: Missing Context