পানীৰে ভৰা এটি পথত এজন ব্যক্তিয়ে এখন তোছকৰ ওপৰত শুই শুই পানীত ওপঙি আগবাঢ়ি গৈ থকা এটা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এই ভিডিঅ'টো অসমৰ।

Facebook Link | Archived Link

কিন্তু এই ভিডিঅ'টো সঁচাকৈয়ে অসমৰ হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ। আমি টাইমছ নাও নিউজ ৱেবছাইটত ২০২৪ চনৰ ৭ জুনত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি এই ভাইৰেল ভিডিঅ'টো মহাৰাষ্ট্ৰৰ পুণেৰ।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এইবাৰ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ইণ্ডিয়া টুডেত ২০২৪ চনৰ ৮ জুনত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য'ত ভাইৰেল ভিডিঅ'টো সংলগ্ন কৰা হৈছিল আৰু উল্লেখ কৰা হৈছিল যে ভিডিঅ'টো মহাৰাষ্ট্ৰৰ পুণেৰ। উল্লেখযোগ্য যে যোৱা ৭ জুনত হোৱা মুষলধাৰ বৰষুণৰ ফলত পুণেৰ বিভিন্ন পথ জলমগ্ন হৈ পৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

Archived Link 1

Archived Link 2

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো অসমৰ নহয় বৰং মহাৰাষ্ট্ৰৰ পুণেৰহে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। পানীৰে ভৰা এটি পথত এজন ব্যক্তিয়ে এখন তোছকৰ ওপৰত শুই শুই পানীত ওপঙি আগবাঢ়ি গৈ থকা এই ভিডিঅ'টো অসমৰ নহয়, বৰং মহাৰাষ্ট্ৰৰ পুণেৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জলমগ্ন পথত এখন তোছকৰ ওপৰত শুই আগবাঢ়ি গৈ থকা ব্যক্তিজনৰ এই ভিডিঅ'টো অসমৰ নহয়।

Fact Check By: Debanjana Baishya

Result: False