সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে যদি কোনো মটৰ বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতাৰ দিন উকলি গৈছে আৰু উক্ত বাহনখনৰ কোনো দুৰ্ঘটনা হয় তেন্তে বীমা কোম্পানীয়ে দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বীমা সুৰক্ষা প্ৰদান নকৰে । ইঞ্চুৰেঞ্চ ৰেগুলেটৰি এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া'য়ে (IRDAI) যোৱা আগষ্ট ২০, ২০২০ তাৰিখে উক্ত জাননীখন জাৰি কৰিছে বুলি দাবী কৰা হৈছে ।

উক্ত বাৰ্তাটো ফেচবুকৰ লগতে অসমত হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে উক্ত বাৰ্তাটো তেওঁলোকৰ হোৱাটচ এপ্পত ফৰৱাৰ্ড মেচেজ হিচাবে পাইছে বুলি আমাক অৱগত কৰিছে ।

সঁচাকৈ মটৰ বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতাৰ দিন উকলি গ'লে আৰু উক্ত বাহনখন দুৰ্ঘটনাগ্রস্থ হ'লে বীমা কোম্পানীয়ে দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বীমা সুৰক্ষা প্ৰদান নকৰে নেকি? উক্ত ভাইৰেল বাৰ্তাটো সত্য নেকি? সঁচা কি? জানো আহক ।

প্ৰণালী

প্ৰথমে আমি IRDAIয়ে জাৰি কৰা উক্ত চৰ্চিত চাৰ্কুলাৰখন তেওঁলোকৰ ৱেবছাইটত বিচাৰি উলিয়ালো । আমি দেখিলোঁ যে এই একেই চাৰ্কুলাৰখন ছচিয়েল মিডিয়াত উক্ত ভাইৰেল বাৰ্তাটোৰ সৈতে ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ভালদৰে লক্ষ্য কৰাত আমি দেখিলোঁ যে মটৰ বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতাৰ দিন উকলি গ'লে আৰু উক্ত বাহনখন দুৰ্ঘটনাগ্রস্থ হ'লে বীমা কোম্পানীয়ে দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বীমা সুৰক্ষা প্ৰদান নকৰে বুলি ক'তো উক্ত চাৰ্কুলাৰখনত লিখা নাই ।

আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু এই বিষয়ে প্ৰকাশিত এক নিউজ ৰিপৰ্ট দেখিলোঁ । উক্ত ৰিপৰ্টটোত কোৱা হৈছে যে এতিয়াৰ পৰা মটৰ বাহনৰ বীমা নৱীকৰণৰ বাবে বৈধ প্ৰদূষণ প্ৰমাণপত্ৰ লাগিব । উক্ত ৰিপৰ্টটোত ক'তো উল্লেখ নাই যে মটৰ বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতাৰ দিন উকলি গ'লে আৰু উক্ত বাহনখন দুৰ্ঘটনাগ্রস্থ হ'লে বীমা কোম্পানীয়ে দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বীমা সুৰক্ষা প্ৰদান নকৰে ।

ফলাফল

উক্ত ভাইৰেল বাৰ্তাটো ভুৱা হয় । মটৰ বাহনৰ প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতাৰ দিন উকলি গ'লে আৰু উক্ত বাহনখন দুৰ্ঘটনাগ্রস্থ হ'লে বীমা কোম্পানীয়ে দুৰ্ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বীমা সুৰক্ষা প্ৰদান নকৰে বুলি কোনো জাননী প্ৰকাশ হোৱা নাই ।

Avatar

Title:'মটৰ ইন্সুৰেন্স ক্লেইম'ৰ বাবে বৈধ প্ৰদূষণ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হোৱা নাই!

Fact Check By: Manjori Borkotoky

Result: False