
যোৱা ২৩ ফেব্ৰুৱাৰীত তাজিকিস্তানত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন চীন আৰু অন্যান্য চুবুৰীয়া দেশতো অনুভূত হৈছিল। ইয়াৰ পিছতে চ’চিয়েল মেডিয়াত তাজিকিস্তানৰ ভূমিকম্পৰ বুলি দাবী কৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। এনেধৰণৰ এটা ভিডিঅ’ আমি ফেচবুকত পালোঁ। তাজিকিস্তানৰ ভূমিকম্প বুলি মূল ভিডিঅ’টোৰ আৰম্ভণিত দুটা ভিডিঅ’ ক্লিপ দেখুৱাই বাতৰি পৰিৱেশন কৰা হৈছিল।

এই ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ হয়নে নহয় সেয়া নিশ্চিত কৰিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথম ভিডিঅ’ ক্লিপটোত দেখা গৈছিল যে বন্ধ কোঠা এটাত থকা আলমাৰী, ফ্ৰিজ, পানীৰ ফিল্টাৰ আৰু আন সামগ্ৰীসমূহ তীব্ৰভাৱে কঁপি আছিল আৰু তলত পৰি আছিল। আমি প্ৰথমে এই ভিডিঅ’ ক্লিপটো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি দেখিলোঁ যে ২০২১ চনৰ ১৩ ফেব্ৰুৱাৰীত গ্ল’বেল নিউজ নেটৱৰ্ক নামৰ এটা টুইটাৰ প্ৰফাইলত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল, য’ত লিখা আছিল, “জাপানৰ উপকূলত ৭.২ মাত্ৰাৰ ভূমিকম্পই আঘাত কৰিছে। টকিঅ’কে ধৰি এক বৃহৎ অঞ্চলত কম্পন অনুভৱ কৰা হৈছিল”।
আমি পুনৰ চাৰ্চ কৰি “টি আৰ টি ৱৰ্ল্ড নাও” নামৰ এটা তুৰ্কী পাব্লিক ব্ৰডকাষ্টাৰে আপলোড কৰা দীঘলীয়া সংস্কৰণ পালোঁ। ক্লিপটো ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৩ তাৰিখে শ্বেয়াৰ কৰা হৈছিল আৰু শিৰোনামটো আছিল যে এই ভিডিঅ’টো জাপানৰ ফুকুছিমাত হোৱা ভূমিকম্পৰ হয়।
আমি ২০২১ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰয়টাৰৰ এটা প্ৰতিবেদনো পাইছিলোঁ য’ত কোৱা হৈছিল যে জাপান বতৰ বিজ্ঞান সংস্থাৰ মতে এই ভূমিকম্পৰ প্ৰাবল্য ৭.৩।
গতিকে ভাইৰেল ভিডিঅ’টোত থকা প্ৰথম ক্লিপটো তাজিকিস্তানৰ ভূমিকম্পৰ নহয় বৰং জাপানৰ ফুকুছিমাৰহে বুলি আমি নিশ্চিত হ’লো।
এইবাৰ আমি ভাইৰেল ভিডিঅ’টোত থকা দ্বিতীয় ক্লিপটো ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ। আমি “চাউথ চাইনা মৰ্ণিং পোষ্ট” নামৰ এটা ৱেবছাইটত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ২২ তাৰিখে প্ৰকাশ পোৱা এটা প্ৰতিবেদন পালোঁ। প্ৰতিবেদনৰ শিৰোনাম আছিল – “উত্তৰ চীনৰ কয়লা খনি ভাঙি কমেও ২ জনৰ মৃত্যু, ৫৩ জন নিৰুদ্দেশ”। প্ৰতিবেদনত সংলগ্ন ফটোখন আছিল ভাইৰেল ভিডিঅ’টোৰ দৃশ্যৰ সৈতে সাইলাখ একেই।

স্বায়ত্তশাসিত অঞ্চলটোৰ দক্ষিণ-পশ্চিম প্ৰশাসনিক বিভাগৰ কথা উল্লেখ কৰি ষ্টেট ব্ৰডকাষ্টাৰ চিচিটিভিয়ে প্ৰকাশ কৰা অনুসৰি, “আলক্সা লেফ্ট বেনাৰৰ অ’পেন পিট কয়লা খনিটোত দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত হোৱা দুৰ্ঘটনাই কেইবাজনো শ্ৰমিক আৰু বাহন পুতি পেলায়”।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
গতিকে ভাইৰেল ভিডিঅ’টোত থকা দ্বিতীয় ক্লিপটোও তাজিকিস্তানৰ ভূমিকম্পৰ নহয় বৰং চীনৰ কয়লা খনিত হোৱা দুৰ্ঘটনাৰহে হয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোত থকা প্ৰথম আৰু দ্বিতীয় ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ ভূমিকম্পৰ নহয় বৰং প্ৰথম ক্লিপটো জাপানত হোৱা এক পুৰণি ভূমিকম্পৰ আৰু দ্বিতীয় ক্লিপটো চীনৰ কয়লা খনিত হোৱা দুৰ্ঘটনাৰহে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ ভূমিকম্পৰ হয়নে?
Fact Check By: FactCrescendo AssameseResult: Partly False
