শেহতীয়াকৈ ইউনিফৰ্ম চিভিল কোড(UCC)ৰ সমৰ্থনত মিছ্ড কল দিবলৈ এটা বিশেষ নম্বৰ চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। নম্বৰটো হ'ল 09090902024। এই দাবীৰে শ্বেয়াৰ হোৱা এটা পোষ্ট আমি ফেচবুকতো পালোঁ। পোষ্টটোত লিখা আছিল এইদৰে,"ইউনিফৰ্ম চিভিল কোড আইন টোক সমৰ্থন দিয়াৰ বাবে তলত উল্লেখ কৰা ওয়েভ চাইটত প্ৰৱেশ কৰি নিজৰ নাম, মোবাইল নম্বৰ, ঠিকনা আৰু জিলা, ৰাজ্যৰ নাম অন্তৰ্ভূক্তিৰ পাচত সমৰ্থন দিয়াৰ সৰু এটা মন্তব্য দিলেই আপোনাৰ সমৰ্থন অন্তৰ্ভুক্তি হিচাবে গণ্য কৰা হব। নতুবা এই নম্বৰত (09090902024) উল্লেখ কৰা ফোন নম্বৰত এটা মিচ কল দিলেই সেয়াও আপোনাৰ সমৰ্থন বুলি গ্ৰহন কৰা হব। অহা ৩০ জুনৰ ভিতৰত সোনকালে সমৰ্থন দিয়াৰ বাবে আপোনাক অশেষ আন্তৰিক অনুৰোধ জনালো। অনুগ্ৰহ কৰি মন কৰিব,ইউনিফৰ্ম চিভিল কোডৰ ওয়েভ চাইটত যোৱাৰ লিংকটো ভাতৃ Yogi Tulen Nath ৰ মন্তব্যত দিয়া আছে।ধন্যবাদ।"

Facebook Link | Archived Link

পোষ্টটোত কোনো ৱেবছাইটৰ লিংক অথবা নাম দিয়া হোৱা নাছিল, কিন্তু তাত উল্লেখ কৰা নম্বৰটো ভাইৰেল নম্বৰটোৰ সৈতে একেই আছিল।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল পোষ্টটোৰ সত্যাসত্য জানিবলৈ আমি প্ৰথমে ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটত চাৰ্ছ কৰিলোঁ কিন্তু তেনেধৰণৰ কোনো তথ্য বিচাৰি নাপালোঁ।

আমি পুনৰ প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্ছ কৰি বিজেপি ৰ অফিচিয়েল টুইটাৰত ২০২৩ চনৰ জুন মাহৰ ২৯ তাৰিখে কৰা এটা টুইট পালোঁ। টুইটটো আছিল বিজেপি চৰকাৰৰ ন বছৰ হোৱা উপলক্ষে কৰা "জনসম্পৰ্কৰ পৰা জন সমৰ্থন" অভিযানৰ বিষয়ে। এই অভিযানত যোগদান কৰিবলৈ টুইটটোত যিটো নম্বৰ উল্লেখ কৰা হৈছিল সেয়া আছিল ভাইৰেল পোষ্টটোত উল্লেখ কৰা নম্বৰটোৰ সৈতে সাইলাখ একেই।

Archived Link

তেনেধৰণৰ এটা টুইট ইয়াতো চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল পোষ্টটোত উল্লেখ কৰা নম্বৰটোৰ ইউনিফৰ্ম চিভিল কোডৰ সৈতে কোনো সম্পৰ্ক নাই। এই নম্বৰটো বিজেপি চৰকাৰৰ ন বছৰ হোৱা উপলক্ষে কৰা "জনসম্পৰ্কৰ পৰা জন সমৰ্থন অভিযানত" যোগদানৰ বাবেহে প্ৰযোজ্য।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইউনিফৰ্ম চিভিল কোডৰ সমৰ্থনত মিছ্ড কলৰ বাবে ভাইৰেল হোৱা নম্বৰটোৰ সত্যতা কি?

Written By: Debanjana Baishya

Result: Misleading