FACT CHECK: ফটোত থকা মহিলাগৰাকীয়ে ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা ধৰ্ষণ হত্যাৰ বিৰোধ কৰিছে নেকি?

False International
barbfb.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী ১৯ বছৰীয়া যুৱতীক গণধৰ্ষণ কৰি হত্যা কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতেই নেটিজনেসকলে নাৰী সুৰক্ষাক লৈ চোছিয়েল মিডিয়া উত্তাল কৰি তুলিছে। 

ইয়াৰ মাজতেই কাঁইটীয়া তাঁৰ আৰু টিনৰ পাতেৰে নিজৰ শৰীৰ মেৰিয়াই থকা এগৰাকী মহিলাৰ এখন ফটো ভাইৰেল হৈ পৰিছে। যত দাবী কৰা হৈছে এই মহিলাগৰাকীয়ে বিজেপিৰ বিৰুদ্ধে দলটোৱে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ প্ৰতিবাদ এইদৰে কৰিছে।”.

অসম ভাইৰেল হোৱা তেনেকুৱা এটা পোষ্টত লিখা হৈছে -“এই ফটো খন মোদী আৰু বিজেপি চৰকাৰৰ গালত পূৰ্ণহতীয়া চৰ,,, বিজেপি চৰকাৰৰ সময়ত বাঢ়ি অহা ধৰ্ষণ ও হত্যা ইমানেই বাঢ়িছে যে এই মহিলাই শৰীৰত কাঁটা তাঁৰ লগাই এইটো দেখুৱাব বিছাৰিছে যে বিজেপি চৰকাৰত মহিলা সুৰক্ষিত নহয়,,,”. 

পোষ্টটোত দেখা গৈছে কাঁইটীয়া তাঁৰেৰে আবৃত মহিলাগৰাকীৰ ফটো। ২০২০ চনৰ ১ অক্টোবৰৰ নিশা ৯ বাজি ৪৪ মিনিটত আব্দুল হাছিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই পোষ্টটো শ্বেয়াৰ কৰিছিল। আমি এই পোষ্টটোৰ অভিযোগ পোৱাৰ সময়লৈকে ৯১বাৰ সেই পোষ্টটো শ্বেয়াৰ কৰা হৈছিল।  

আহক সত্যতা পৰীক্ষা কৰো আৰু তথ্যখিনি আৰু কেপছনটো কিমান সচা চাওঁ। 

প্ৰণালী

ফটোখন লৈ আমি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালো আৰু আমি দ্য হেনছ ইণ্ডিয়া নামৰ এটা ৱেবচাইটৰ ২০১৯ চনৰ ৭ ডিচেম্বৰৰ এটা লেখা পঢ়িবলৈ পালো যত শীৰ্ষক লিখা আছিল- “Woman protests by displaying Anti-rape dress in steel barbed wire” (ধৰ্ষণৰ বিৰুদ্ধে এগৰাকী মহিলাই নিজকে টিন আৰু কাঁইটীয়া তাঁৰে নিজকে মেৰিয়াই প্ৰতিবাদ কৰিছে)। লিখাটোত প্ৰকাশ কৰা হৈছিল যে হাইদৰাবাদৰ এগৰাকী পশু চিকিতসকৰ গণধৰ্ষণৰ প্ৰতিবাদত এই ৰূপ ধাৰণ কৰিছিল। 

barbfb1.png

হেনছ ইণ্ডিয়া লিংক | সংৰক্ষিত লিংক

আমি চাৰ্ছৰ ফলাফলবোৰ আকৌ পৰীক্ষা কৰিলো আৰু আটাইতকৈ পুৰণি এটা উত্স লাভ কৰিলো, যিটো আছিল এটা শ্ৰীলংকাৰ কলা সম্পৰ্কীয় ৱেবচাইট। আমি দেখিলো যে মূলত এইটো আপলোদ কৰা হৈছিল আৰ্টফাৰ্মশ্ৰীলংকাত এই কেপছনটোৰে- “Traditional Formal Dress-of sheet metal and barbed wire” (টিনৰ পাত আৰু কাঁইটীয়া তাঁৰৰ পৰম্পৰাগত পোচাক)। 

ফটোখন প্ৰকাশ হৈছিল ২০১৫ চনৰ ৬ এপ্ৰিলৰ এটা লেখাৰ সৈতে, যাৰ শীৰ্ষক আছিল — headline “Art bursting from the seams – from March 19”.

barbfb2.png

আৰ্টফাৰ্মশ্ৰীলংকা লিংক | সংৰক্ষিত লিংক

ইয়াৰ পিছত গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ আৰু প্ৰাসংগিক শব্দ লৈ কৰা গুগল চাৰ্ছৰ অন্তত আমি সেই ফটোখন আৰু মহিলাগৰাকীৰ মূল উত্স আৰু বিৱৰণ দেখা পালো। 

ভাইৰেল হৈ পৰা ফটোখনৰ মহিলাগৰাকী হৈছে কলম্বোৰ বহুমুখী শিল্পকলাৰ কৰ্মী জননী কোৰেই। তেওঁ হৈছে শ্ৰীলংকাৰ প্ৰথম পৰিবেশ্য কলাকাৰ আৰু ইউনিভাৰ্চিটী অৱ ভিজুৱেল এণ্ড পাৰ্ফৰ্মিং আৰ্টছৰ স্নাতক। 

barbfb3.png

জননী কোৰেই লিংক | সংৰক্ষিত লিংক

তেওঁৰ নিজৰ ৱেবচাইট মতে তেওঁ তেওঁৰ সেই কলা প্ৰদৰ্শন কৰিছিল ২০১৫চনত কলম্বোত। কোৰেইয়ে তেওঁৰ সেই কলাৰ কেইবাটাও ভিডিও আৰু ফটো তেওঁ ৱেবচাইটত সন্নিবিষ্ট কৰিছিল। তেওঁ আনকি তেওঁৰ ফেচবুকতো সেইখিনি আপলোড কৰি লিংকসমুহ তেওঁৰ ৱেবচাইটত তুলি দিছিল। 

শিল্পীগৰাকীয়ে তেওঁৰ সেই প্ৰদৰ্শনৰ নাম দিছিল ওৰাছিয়া, দি আৰ্থা পাৰ্ফৰ্মেন্স প্লেটফৰ্ম, কলম্বো, শ্ৰীলংকা, ২০১৫.

barbfb4.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

ফলাফল

আমি শেষ সিদ্ধান্তত উপনিত হলো যে সেই ফটোখন ভাৰতত ধৰ্ষণৰ প্ৰতিবাদ নহয়, বৰং শ্ৰীলংকাৰ এগৰাকী শিল্পীৰ ২০১৫চনৰ এক প্ৰদৰ্শন হে। 

Avatar

Title:FACT CHECK: ফটোত থকা মহিলাগৰাকীয়ে ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা ধৰ্ষণ হত্যাৰ বিৰোধ কৰিছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *