FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়!

Partly-False Wildlife

শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা হৰিণ ওলাইছে আৰু এই দুখন তাৰেই ফটো । তাৰে এখন ফটো অলপ ধুৱলি কুৱলি আৰু আনখন খুৱ স্পষ্ট য’ত এটা ধুনীয়া বগা ৰঙৰ হৰিণ দেখা গৈছে।

কাজিৰঙাত বগা হৰিণ দেখা বুলি কৈ বহুকেইটা ফেচবুক পোষ্ট শ্বেয়াৰ হৈছে এই দুখন ফটোৰে সৈতে। 

Original Link- Facebook | Archived Link 

Original Link- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই ফটোকেইখন আচল হয় নে নহয় জানিবলৈ সত্যতা নিৰূপনৰ সিদ্ধান্ত লয়। আমি জানিব পাৰিলো যে তাৰে এখন এজন স্থানীয় যুৱকে কাজিৰঙাত তুলিছিল আৰু আনখন আমেৰিকাৰ ফটো।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমতে আমি ফটো দুখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি পৰীক্ষা কৰি চালো আৰু দেখিলো যে এখন আমেৰিকাৰ উৎসৰ পৰা সংগৃহীত ফটো।

এইখন ২০১৬চনৰ পৰা বিভিন্ন মাধ্যমত প্ৰকাশ হৈ আহিছে।

Screenshot, article, Cool Green Science blog

Original Link- Cool Green Science

ইয়াৰ পিছতে আমি আনখন ভাইৰেল ফটো ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলো আৰু দেখিলো যে এইখন শেহতীয়াভাৱে বহুকেইটা মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা হৰিণ ওলোৱা লেখাৰ সৈতে প্ৰকাশ হৈ আছে।

Screenshot, article, ETV Bharat

Original Link- ETV Bharat

লেখা সমুহত ফটোখনৰ কৃতিত্ব প্ৰদান কৰা হৈছে বাইল্ড লাইফ ফটোগ্ৰাফাৰ জয়ন্ত কুমাৰ শৰ্মাক। আমি তেওঁৰ সৈতে যোগাযোগ কৰিলো কথাটোৰ সত্যাসত্য জনাৰ বাবে। তেওঁ জনায় যে ফটোখন আচলতে তুলিছিল কাজিৰঙাৰ স্থানীয় যুৱক ৰতন ভূমিজে। তেওঁ কয়, হৰিণটো ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ কলিয়াবৰ অঞ্চলত দেখা গৈছিল।

হৰিণৰ বগা বৰণ হোৱাটো সম্পূৰ্ণৰূপে জীন সংক্ৰান্তিয় কথা। জীনৰ মিউটেছনৰ বাবে এনেকুৱা হয় আৰু ই হৰিণৰ এটা ভিন্ন প্ৰজাতি নহয়। এই বিশেষ হৰিণটো কেইদিনমান আগতে প্ৰথমবাৰৰ বাবে দেখা গৈছিল উদ্যানখনত আৰু ই মাজে সময়ে মুগা হৰিণবোৰৰ সৈতে ওলাই আহে আৰু ঘাঁহ খায়। এই বিষয়ে আমি উল্লেখিত নিউজ ৰিপৰ্টটোৰ পৰা জ্ঞাত হলো । 

Screenshot, article, Outlook 

Original Link- Outlook

ফলাফল

ভাইৰেল হোৱা দুখন ফটোৰ ভিতৰত এখন আচল আৰু আনখন পুৰণি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হয় ।

Avatar

Title:কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়!

Fact Check By: Manjori Borkotoky 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *