২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীলংকাৰ পল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলটোৱে এছিয়া কাপ ২০২৩ৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (এদিনীয়া) খেলত পাকিস্তানৰ সৈতে মুখামুখি হয়। পিছত ধাৰাবাহিক বৰষুণৰ বাবে খেলখন বাতিল কৰা হয়। ভাৰতে ৪৮.৫ অভাৰত ২৬৬ ৰান কৰাৰ পাছত কোনো খেল সম্ভৱ নহ’ল। ইয়াৰ পিছতে এজন ব্যক্তিয়ে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰা, আনহাতে আন এজনে ভাৰতীয় জনতা পাৰ্টিৰ পতাকা লৈ থকা দেখা পোৱা এটা ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোৰ কেপচনত লিখা আছে, “কংগ্ৰেছৰ সমৰ্থকে ট্ৰাইকলাৰ পতাকা লৈ মেচ চাই আছে। বিজেপিৰ পতাকা লৈ খেল চাই আছে বিজেপি সমৰ্থকে। এইটো এটা স্পষ্ট পাৰ্থক্য বিচাৰধাৰাৰ। #INDvsPAK”

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৩ চনৰ ৮ জুনত ইণ্ডিয়া ডট কমত একেখন ফটো সংলগ্ন এটা ৰিপৰ্ট পোৱা গ’ল। ইয়াত উল্লেখ কৰা হৈছিল যে লণ্ডনৰ দ্য অভেল ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ টেষ্ট মেচৰ প্ৰথম দিনটোত বিজেপিৰ পতাকা দেখা গৈছিল। ডব্লিউ টি চিৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল ভাৰতে।

২০২৩ চনৰ ৭ জুনৰ পৰা ১১ জুনলৈ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত লণ্ডনৰ দ্য অ’ভেলত অনুষ্ঠিত হোৱা আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ২০৯ ৰানত জয়লাভ কৰে। ইণ্ডিয়া টুডেৰ সাংবাদিক ৰাজদ্বীপ চৰ্দেছাইয়ে ২০২৩ চনৰ ৭জুনত ভাইৰেল ফটোখন টুইট কৰি লিখিছিল, “Spotted at the Oval: just a reminder, this is India Vs Australia folks! #WTC2023”

অধিক অনুসন্ধানত আমি দেখিলোঁ যে ফ্ৰী প্ৰেছ জাৰ্নেলেও ৭ জুনত একেধৰণৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। ভাৰতীয় ক্ৰিকেট দলটোৱে অ’ভেল খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল WTC ট্ৰফী জয় কৰিবলৈ । ১১ জুনত ভাৰতীয় দলটোৱে ২০৯ ৰানত পৰাস্ত হয় আৰু খেলখন সমাপ্ত হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ফটোখন ২০২৩ চনৰ জুন মাহত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ২০২৩ চনৰ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ সময়ৰহে, শেহতীয়া ভাৰত বনাম পাকিস্তান এছিয়া কাপৰ মেচৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:শ্ৰীলংকাত ভাৰত বনাম পাকিস্তান এছিয়া কাপৰ খেলত বিজেপিৰ পতাকা- সত্যটো কি?

Written By: Debanjana Baishya

Result: False