
শেহতীয়াকৈ এখন নান্দনিক ফটো ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখন অসমৰ গোৱালপাৰা জিলাৰ হয় বুলি দাবী কৰা হৈছে । ফটোখনত এটা পকা, চিধা ৰাস্তা এক হেলনীয়া সেউজীয়া পাহাৰৰ কাষেদি পাৰ হৈ যোৱা দেখা গৈছে ।
উক্ত ফটোখন ধীমান চিনহা নামৰ এজন লোকে ৬ জুন, ২০২০ তাৰিখে আপলোড কৰিছে আৰু দাবী কৰিছে যে এইখন গোৱালপাৰাৰ ফটো হয় । তেওঁ ফেচবুক পোষ্টটোত লগতে লিখিছে যে আমি সাধাৰণতে লক্ষ্য নকৰোঁ কিন্তু গোৱালপাৰা বেছ ধুনীয়া হয় বিশেষকৈ ইয়াৰ উপকণ্ঠ অঞ্চলবোৰ য’ত নগৰায়ন এতিয়াও হোৱা নাই । উক্ত পোষ্টটো এতিয়ালৈকে প্ৰায় ৩৩১ লোকে লাইক কৰিছে আৰু ৩৯ বাৰ শ্বেয়াৰ কৰা হৈছে ।
আমি জানোঁ ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ঘোষণা কৰা লক ডাউনৰ সময়ত ভাৰতৰ বিভিন্ন ঠাইৰ ফটো অসমৰ ফটো বুলি দাবী কৰি ভাইৰেল কৰি তোলা হৈছিল । গতিকে আমি উক্ত ফটোখন আচলতে অসমৰ হয় নে নহয় জানিবলৈ চেষ্টা কৰিলোঁ । আমি অনুসন্ধান কৰি কি পালোঁ চাওঁ আহক ।
প্ৰণালী
আমি উক্ত ভাইৰেল ফটোখন লৈ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ফটোখন বিভিন্ন সময়ত বিভিন্নজনে আপলোড কৰিছে আৰু প্ৰায় সকলোতে এই ফটোখন কৰ্ণাটক ৰাজ্যৰ শমাৰাজানগৰ জিলাৰ গোপালস্বামী পাহাৰৰ হয় বুলি উল্লেখ আছে ।
ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ ফলত আমি ট্রিপ আনটোল্ড নামৰ এক ভ্ৰমন সম্পৰ্কীয় ৱেবচাইটৰ ফেচবুক পে’জত উক্ত ফটোখন আপলোড হৈ থকা দেখিবলৈ পালোঁ । পোষ্টটোত স্পষ্টকৈ লিখা আছে যে ফটোখন গোপালস্বামী পাহাৰৰ হয় ।

ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ ফলত আমি Desi Nomadz নামৰ এক টুইটাৰ হেণ্ডেলৰ পৰা উক্ত ফটোখন টুইট কৰা দেখা পালোঁ আৰু উক্ত টুইটটোত ভাইৰেল ফটোখন গোপালস্বামী পাহাৰৰ হয় বুলি উল্লেখ আছে ।

আমি আৰু দেখিলোঁ যে উক্ত ফটোখনৰ ক্ৰেডিট ‘a_shutters_photography’ক দিয়া হৈছে । আমি ইনষ্টাগ্ৰাম’ত উক্ত প্ৰফাইলটো বিচাৰি পালোঁ আৰু দেখিলোঁ যে সেই ভাইৰেল ফটোখন তাত উপলব্ধ আছে । আমি জানিব পাৰিলোঁ যে ‘আশিক এম কে’ নামৰ এজন লোকে এই ফটোখন তুলিছিল ।

ইনষ্টাগ্ৰাম লিংক । সংৰক্ষিত লিংক
এই দৰে আমি বহুতো চাৰ্ছ ৰিজাল্ট পালোঁ আৰু সকলোতে এই ফটোখন গোপালস্বামী পাহাৰৰ হয় বুলি উল্লেখ আছে গতিকে আমি নিশ্চিত হলোঁ যে উক্ত ফটোখন অসমৰ গোৱালপাৰা জিলাৰ নহয় বৰঞ্চ এইখন কৰ্ণাটকৰ গোপালস্বামী পাহাৰৰ হয় ।
ফলাফল
উক্ত ভাইৰেল ফটোখন অসমৰ গোৱালপাৰা জিলাৰ নহয় বৰঞ্চ কৰ্ণাটকৰ গোপালস্বামী পাহাৰৰ হয় ।