mpur.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এখন বিশেষ ফটো অসমত ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত আমি চাৰিওকাষে ওখ গছেৰে আৱৰা এখন ধুনীয়া ফুটবল ফিল্ড দেখা পাইছোঁ । দাবী কৰা হৈছে যে এইয়া ভাৰতৰ উত্তৰ-পূবত অৱস্থিত মণিপুৰ ৰাজ্যৰ উখৰুল নামৰ ঠাইখনৰ ফটো হয় ।

ভাস্বতি বৰুৱা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ এক ফেচবুক পোষ্ট ৮ আগষ্ট, ২০২০ তাৰিখে শ্বেয়াৰ কৰা হৈছে য'ত দাবী কৰা হৈছে যে উক্ত ফটোখন মণিপুৰৰ উখৰুলৰ এখন ফুটবল ফিল্ডৰ হয় । ৰুদ্ৰ দহোটিয়া নামৰ এজন লোকে উক্ত ফেচবুক পোষ্টটো প্ৰথমে আপলোড কৰিছিল ।

সঁচাকৈ এই ফটোখন মণিপুৰৰ উখৰুলৰ এখন ফুটবল ফিল্ডৰ হয় নেকি? সত্য কি? জানো আহক ।

প্ৰণালী

প্ৰথমে আমি উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু উক্ত ফটোখন ইমগুৰ নামৰ এক ফটো শ্বেয়াৰ কৰা প্লেটফৰ্মত বিচাৰি পালোঁ । ফটোখনৰ কেপচনত, "মস্কোৰ এখন জংঘলৰ মাজত অৱস্থিত ফুটবল ফিল্ডৰ ড্ৰণৰ সহায়ত তোলা ফটো" বুলি লিখা আছে ।

mpur1.png

ইয়াৰ পাছত আমি গুগলত কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্চ কৰিলোঁ আৰু আন এক ৱেবছাইটত উক্ত ফুটবল ফিল্ডখনৰ এক ভিডিঅ' দেখা পালোঁ য'ত উল্লেখ আছে যে এই ফুটবল ফিল্ডখন ৰাছিয়াত অৱস্থিত ।

mpur2.png

'দা চান' নামৰ আলোচনীখনত প্ৰকাশিত এক লিখনিৰ মতে এই ফটোখন ২০১৯ চনত শৰতৰ বেষ্ট ফটো হিচাবে মনোনিত হৈছিল । লিখনিটোত উল্লেখ আছে যে উক্ত ফুটবল ফিল্ডখন মস্কোৰ ঠিক বাহিৰত অৱস্থিত ।

mpur3.png

ফলাফল

এইখন মণিপুৰৰ উখৰুলৰ এখন ফুটবল ফিল্ডৰ ফটো নহয় বৰঞ্চ এই ভাইৰেল ফটোখন আচলতে ৰাছিয়াৰ হয় আৰু ভাৰতৰ লগত কোনো সম্পৰ্ক নাই ।

Avatar

Title:এইখন মণিপুৰৰ উখৰুলৰ এখন ফুটবল ফিল্ডৰ ফটো নহয়!

Fact Check By: Manjori Borkotoky

Result: False